৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নীল সাগৰ

লেখকঃ জ্যোতিনীলিমা গগৈ • প্ৰকাশিতঃ ৩০ মে’, ২০২২
১ মিনিট পঠন • ১৯৩৫ বাৰ পঢ়া হৈছে

 

বতাহত এক আৰণ্যক মায়া আছিল

পথৰুৱা বেলিয়ে জুই দি

নৈখনিক জোকাই থকাৰ পৰত

হেমন্তৰ নিৰ্জনতাই তেওঁক

মৃত্যুৰ বাবে প্ৰৰোচিত কৰিছিল

মধুৰতম এক মৃত্যু আৱাহন

 

এটা শব্দৰো যে ইমান শকতি

পানীৰ গভীৰলৈ এটা বাট সাজিব পাৰে

কোনো মূমুৰ্ষ  কবিক ধাৰলৈ দিব পাৰে

এহালি চৰাইৰ মাত

 

সাত সাগৰ বুৰিয়াই অনা যত মাণিকেৰে

তেওঁ কুসুমিত উপত্যকা সজালে

তথাপি বেথা !

টুকিব নোৱৰা এটোপাল চকুপানী

স্নেহময় কোনো এটি ক্ষণৰ

 

সিন্ধুমণি

তুমি গুজি দিয়া টলবল তেজৰ পোহৰ

হৃদয় ব্যাপি...

 

জ
লেখকৰ পৰিচয়

জ্যোতিনীলিমা গগৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)