৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰিয়বৰেষু

লেখকঃ পংকজ গোবিন্দ মেধি • প্ৰকাশিতঃ ৩১ মে’, ২০২২
৩ মিনিট পঠন • ২৩৯০ বাৰ পঢ়া হৈছে

 

নিদ্ৰামগ্ন ৰাতি এটাই দেও পাহাৰত পৃষ্ঠা লুটিয়াইছিল

 

নে

সন্ধিয়াৰ ঢিমিক ঢামাক চাকিৰ পোহৰে আজাৰাৰ হাটত

ঢেঁকীয়া বেচিছিল

 

আমি য’ত আছিলোঁ

তাতেই আমাক

তিলফুলৰ বাগিচা এখনে হাত বাউল দি মাতিছিল

 

আমি কপৌৰ ৰুণৰ লগত গা হেন্দোলাই

গো বাটেদি বাট বুলিছিলোঁ

 

সন্ধিয়াৰ শেষ গাড়ীখনেৰে আমি ঘৰলৈ যোৱাৰ কথা আছিল

 

কাছাৰীত দিনটো পৰ দি আমাৰ ভাগৰ লাগিছিল

বন্ধকীৰ মাটিখিনি নিজৰেই আছিল

অথচ মোকলাবৰ বাবে ছটিয়াব লগা হৈছিল মুদ্ৰা

 

মহাবিদ্যালয়ৰ শেষৰটো শ্ৰেণীত শেষৰজন অধ্যাপকে

কোনোবা পাটমুগীৰ গল্প পঢ়ুৱাইছিল ছাত্ৰক

 

আমিও ছাত্ৰ আছিলোঁ

 

পাটমুগীৰ লগত বন্ধকৰ মাটিৰ কোনো সম্পৰ্ক নাছিল

সেইবাবে সেই অধ্যায় সামৰি

 

অধ্যাপকৰ অজ্ঞাতে আমি মোকৰ্দমাৰ পিছত দৌৰিছিলোঁ

 

ভৰসা আছিল ন্যায়ালয়ৰ প্ৰতি ন্যায়াধীশৰ প্ৰতি

ভাবিছিলোঁ ছাত্ৰ অৱস্থাত তেৱোঁ কিজানি

নিজৰ মাটি মোকলাবলৈ কোৰ্ট কাছাৰীলৈ দৌৰিছিল

 

শেষ বাছত ঘৰলৈ আহি নিদ্ৰামগ্ন ৰাতিৰ নিজানত

আমি অধ্যাপকৰ কবিতা আওৰাইছিলোঁ

 

ৰাতিৰ দূৰত্বলৈ নামি যোৱা

প্ৰতিটো তৰা হেনো আছিল কোমল পাতমেলা গছবোৰৰ নিশ্বাস

তেওঁ সুধিছিল

মোৰ চোতালেৰে কোন অহা যোৱা কৰে

আমিও সুধিছিলোঁ আমাক

নিদ্ৰামগ্ন ৰাতি এটাই কেনেদৰে ফেঁকুৰে

 

জোনাকত ছাঁ এটা হৈ তিৰোতা এজনী

আমাৰ কাৰোবাৰ লগত গৈ আছিলনে

 

সেই প্ৰশ্ন আমি কোনেও কাকো সোধা নাছিলোঁ

কিয়নো গৌৰীনাথ আহিব বুলি

আমি হয়তো দুৱাৰ মেলি থ’ব পৰা নাছিলোঁ

 

হায় হায় তাপিত মানুহ

 

প্ৰিয়বৰেষু

মাননীয় অধ্যাপক

 

প্ৰকাণ্ড শিলটোৰ ফাটবোৰত

বাৰিষা ঘাঁহ গজে

 

আমি যে সেই ঘাঁহে কাণে কাণে কোৱা কথা শুনিবলৈ

ৰাতিটো উজাগৰে থাকোঁ

 

শিলৰ ৰথত ঘোঁৰা চেঁকুৰাই সেয়া

সূৰ্য

আমি তেওঁৰেই সন্তান

 

টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল

মানুহ নমৰে অ’

 

আমি যে মৰিব নোখোজা উদগ্ৰীৱ স্পৰ্ধা

 

অলপ আগতে আমি কি কথা পাতি আছিলোঁ

সেই কথাৰে সজাব খোজোঁ জীৱন

 

মৃতসকলৰ কোনো তালৈ নাহক

যাওঁতে উভতি চাই আমি একো দেখিব নোখোজো

 

মাথোন তোমাৰ কবিতা

প
লেখকৰ পৰিচয়

পংকজ গোবিন্দ মেধি

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)