৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নীলপিতা

লেখকঃ প্ৰদীপ শইকীয়া • প্ৰকাশিতঃ ৩১ মে’, ২০২২
১ মিনিট পঠন • ১৮৫২ বাৰ পঢ়া হৈছে

 

শিলৰ ঘোঁৰাই পানী খায় ৷ দৈৱকী হেৰায়

 

জুইতে সোমাইছোঁ নে পানীতে পৰিছোঁ

বকফুলৰ বিচনাত

আমি অতকাল তাকেই পাতি আছিলোঁ

 

দেৱতাৰ মানৱায়ন 

চন্দ্ৰহাস এখন তৰোৱালৰ নাম

মৰা জোনাকী দেখা নাই ৷ বিহৰা বিলত নুমলী

চন্দ্ৰমাৰ খাৰু ৷ পদশিলাৰ ছন্দ

দুবাৰ দেখা ঘৰ ৷ আশাৰীকান্দি

শিলৰ অপ্সৰা ৷ পুতলা সৎকাৰ

আদি ইত্যাদি

 

কথাবোৰ চুটি চুটি পেট গধুৰ

শতাই গণকৰ নেদেখা মৈদাম

 

তনমনসংসাৰসপোন ৷ কাঠবাদামৰ কথোপকথন

দিঘে-বাণিয়ে স্মৃতি সংকৰ্ষণ ৷ প্ৰণয় কালৰ অযুত আঁচোৰ

বিনা সূতাৰ গাঁঠি ৷ ডালিৰ হাড় মজ্জা সিৰা

 

আমি অতকাল তাকেই পাতি আছিলোঁ

 

মই চেঙেলী চোৰ

তেওঁৰ পৰাহে শিকিলোঁ কাঞ্চনমূল্য

কেনেকৈ চুব লাগে আৱদ্ধ অনৱদ্ধ ওলোটা আখৰ

 

গোলাঘৰৰ ওপৰত এতিয়া বালিঘোঁৰা

অথাই সাগৰত

মই যে নাগমাৰি চুই পালোঁ

প
লেখকৰ পৰিচয়

প্ৰদীপ শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)