৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সপোনপুৰত জোনাক

লেখকঃ উচ্চজিৎ দশগিৰি • প্ৰকাশিতঃ ২৮ মে’, ২০২২
২ মিনিট পঠন • ৬৫৮ বাৰ পঢ়া হৈছে

উচ্চজিৎ দশগিৰি

সপোনপুৰত এদিন জোনাক নামিছিল;

আমাৰ স্বৰ্গৰ দুৱাৰত জ্বলিছিল আকাশ-বন্তি।

আমি চাবলৈ নাপালোঁ,

আমি তেতিয়া ব্যস্ত আছিলোঁ জীৱিকাৰ মৃত নগৰীত।

আমাৰ আকাশ বিষাদে ঢাকি আছিল,

আমাৰ চকুত নাছিল সপোন দেখাৰ হাবিয়াস।

আমি এক অজান ভয়ত পলাই ফুৰিছিলোঁ

নিজৰপৰা নিলগলৈ।

কাৰ নিৰ্মম হাতৰ আঁচোৰে খহাই পেলাইছিল

আমাৰ স্বপ্নৰ মালভূমি,

কাৰ কুটিল দৃষ্টিয়ে কাঢ়ি নিছিল

আমাৰ দুচকুৰ ভাষা,

কোন দূৰ অস্তাচলত বিস্মৃত হ’ল

আমাৰ প্ৰেমৰ আকাশ;

তাৰ লেখ আমি ৰখা নাছিলোঁ।

আমি মাথোঁ পলাই ফুৰিছিলোঁ

সপোনৰ ভয়ত,

নিজকে চিনাৰ পাপত।

তাৰ বহুদিন পাছত

এদিন বিৰক্তিত,

অতৃপ্তিত

আমি ওলাই আহিছিলোঁ

মৃতকল্প নগৰীৰ আন্ধাৰ গলিৰপৰা।

তেতিয়া সপোনপুৰত আমাৰ বাবে জোনাক নাছিল,

নাছিল কোনো আলোকিত দুৱাৰমুখ, স্বৰ্গৰ বাৰণ্ডাৰ।

আমাৰ বাবে এখনো আকাশ নাছিল,

নাছিল মৃতকল্প নগৰীলৈ উভতি যোৱাৰো বাট।

আৰু যেতিয়া

আমাৰ বাবে প্ৰতিটো পথেই বাধাৰ একোখন প্ৰাচীৰ;

আমাৰ সন্মুখত কেৱল হতাশাৰ গলিৰ অন্ধকাৰ,

আমাৰ হাতত সময়ো নাছিল

পোৱা-নোপোৱাৰ বাহিৰত হিচাপ কৰাৰ

আৰু নিজক চিনাৰ অৱকাশ।

আমি অভিশাপ দিছিলোঁ ডন কিহ'টেক ! 

ঠিকনা :

মৰিছ নগৰ, দিল্লী বিশ্ববিদ্যালয়ৰ বাসগৃহ চৌহদ

নতুন দিল্লী, পিন-১১০০০৭

ভ্ৰাম্যভাষ : ৯৮৯৯২২০৮৯৮

উ
লেখকৰ পৰিচয়

উচ্চজিৎ দশগিৰি

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)