৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অদৃশ্য শিপা

লেখকঃ জ্যোতিনীলিমা গগৈ • প্ৰকাশিতঃ ২৩ মে’, ২০২৪
১ মিনিট পঠন • ৪৩৯৭ বাৰ পঢ়া হৈছে

 জ্যোতিনীলিমা গগৈ

 

শিলৰ কাহিনী কৈ কৈ

খোৰোঙত ফুলবোৰ মৰহি যোৱাৰ দিনা

সম্ভৱতঃ নেৰুডাই লিখিছিল -

‘Tonight I can write the saddest lines’

 

সৰু এটি হাতৰ মুঠিত

অনন্ত ব্যাপ্ত পোহৰৰ স্ফুলিঙ্গ

শতযোজন বাট কুৰি বাই আহি

চাই থাকোঁ স্মৃতি আৰু বিভ্ৰমৰ খেলা

 

আন্ধাৰত ফুলি উঠে ফুল

পোহৰত সৰে

পোহৰতকৈ আন্ধাৰ ভাল নে

 

শূন্যতাত নীৰৱে অপেক্ষা কৰা

অথবা শিলাভূমিত কোমল শস্যৰ গজালি সিঁচা

অৰ্থহীনতাৰে ল’জিক নহয়নে

 

এই সমস্ত যোগ-বিয়োগৰ সিপাৰে

কেতিয়াও কোনেও ভৰি নোথোৱা

পাহাৰ তলিৰ  বাটত

বনৰীয়া লতা গোলাপবোৰ দোৰোল খাই পৰে

 

কাঁইটীয়া জোপোহানিৰ মাজে মাজে ক্ষত-বিক্ষত হৈ

নেৰুডাই তেজৰ ৰঙেৰে লিখিছিলনে

পথিকহীন বাটত চৰাইৰ উলাহ সংগীতৰ কথা ...

 

      

জ
লেখকৰ পৰিচয়

জ্যোতিনীলিমা গগৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)