৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কিছুমান কথা নিশিকাই ভাল

লেখকঃ দেৱাঙ্গ ভূষণ • প্ৰকাশিতঃ ১৮ মে’, ২০২৬
২ মিনিট পঠন • ৪৩৬১ বাৰ পঢ়া হৈছে

শাহুৰ পাকঘৰত সেইদিনা তাইৰ প্ৰথম পুৱা!

তাইৰ চকুকেইটা কোঠাটোত চুঁচৰি ফুৰিল,

কি বিচাৰিছিল তাই কোনেও নাজানিলে। তায়ো।

চিনা-নিচিনা গোন্ধে বাৰে বাৰে তাইক তাইৰ মাকে অতদিনে দি থকা সকীয়নিবোৰ সোঁৱৰাই দিছিল..

তাই বুজা নাই,

পুৱাটো তাইৰ অপেক্ষাত ৰৈ আছিল নে সেই পাকঘৰটো!

শাহুৰ নিৰ্দেশ তাইৰ গধুৰ ভৰি পাওঁতে অলপ সময় লাগিল,

: প্ৰথমে সোঁ ভৰিটো আগবঢ়াই দিবা মাজনী।

মাজনী বুলি মাকেও মাতিছিল, এই উচ্চাৰণ কিছু বেলেগ নহয় নে?

তাইৰ বুকুৰে উজাই আহিল এসোপা নুফুটা কথা!

কি কৰি দিব তাই? বাৰে বাৰে জুকিয়াই লৈও ডিঙিত এচপৰা শিলৰ ওজনে চেপিছিল।

: তুমি কি কৰি দিবা মোক? চাহ খাবা?

জিভাৰ জুতি নিমিলিলেও মনৰ জুতি মিলিলেও হয়।

বিবেক-চিন্তা-প্ৰেম-জীৱন জিন্দাবাদ হ'লেই সকলো হয়।

: আপুনি বৰ সোৱাদ লগাকৈ ৰান্ধে, মোকো শিকাই নিদিবনে?

: বিছ বছৰৰ সাধনা তোমাক উলাহতে লাগে?

: ... মই নাজানো! 

: নজনা ভাল।  জানি, মোৰ পৰিসীমা এই দুৱাৰতে আবদ্ধ! কিছুমান কথা নিশিকাই ভাল।

***

ঠিকনা :  যোৰহাট

ফোন : ৮৬৩৮৪৯৩০৪১

দ
লেখকৰ পৰিচয়

দেৱাঙ্গ ভূষণ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)