৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বেৰঙী সপোন

লেখকঃ মন্দিৰা গগৈ • প্ৰকাশিতঃ ২৮ মাৰ্চ, ২০২৫
২ মিনিট পঠন • ১৩৭৪ বাৰ পঢ়া হৈছে

মন্দিৰা গগৈ

সকলো দেখিছোঁ

ফুলবোৰ, আকাশৰ ৰংবোৰ

গান শুনিছোঁ কুঁহিপাতবোৰৰ

আনকি চিঞৰি কন্দা দেখিছোঁ দুখী মানুহবোৰক

উৎফুল্লিত হৈ জঁপিয়াই থকা দেখিছোঁ বহু প্ৰতিধ্বনি 

অথচ দেখা নাই  মোক

শুনা নাই আত্মাৰ কম্পন

স্পৰ্শ পোৱা নাই

উশাহ এপাহিৰ

ক’ত এৰি আহিলোঁ

মই মোক !

তাহানিতে হেৰুৱা ছাতি এটাৰ শোক

হেৰুৱা কাঠ পেঞ্চিলডালৰ মৰম,

শুকাই যোৱা বকুলডালৰ দৰে হেঁপাহবোৰক বিচাৰিবলৈ হোৱা হুতাশটোক বিচাৰি বিচাৰি

হায়ৰাণ হৈছোঁ -  

সঁচাই মই মোক ক’ত এৰি থৈ আহিলোঁ !

পুখুৰীৰ পাৰৰ ঘাঁহবোৰত ,

পথাৰ খনৰ সেউজীয়াখিনিত, তামোলবাৰীত, নেমুবাগানত, স্কুলৰ ফিল্ডত,

শনিবৰীয়া বজাৰখনত -

ক’ত এৰি থৈ আহিলোঁ মই মোক !

কবিতা বুলি যি লিখিলোঁ তাতো নাই মই

অভিনয় বুলি যি কৰিলোঁ তাতো নাই মই

গল্পৰ কথাবোৰতো নাই

শব্দৰ ৰঙত নাই

নাই - হাঁহি নাই৷ নাই চকুলো৷ হুমুনিয়াহবোৰো হ’ল  ঠৰঙা

নাই যে, এতিয়া জোনাকী সাধু এটা কৈ কৈ নিজক নিচুকাই তোলাৰ

অৱকাশ অকণো !

ম
লেখকৰ পৰিচয়

মন্দিৰা গগৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)