৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নিৰ্জনতাৰ কবিতা

লেখকঃ ভাস্কৰ জে নাথ • প্ৰকাশিতঃ ২৮ আগষ্ট, ২০২৫
১ মিনিট পঠন • ২৩০৬ বাৰ পঢ়া হৈছে

 ভাস্কৰ জে নাথ

১ 

এইবেলি দেওলগা দুপৰীয়া এটাৰ কথা ভাবি থাকোঁতে দুটি সোণালী মাছে কুটকুটাইছে মোৰ দুয়োখনি গাল আৰু মই ভাস্কৰ্য এটাৰ দৰে থৰ হৈ ৰৈছো আৰু মনলৈ আহিছে শুকাই যোৱা ওঁঠৰ নদী

২ 

থুনুক-থানাকে নতুনকৈ উচ্চাৰণ কৰিবলৈ শিকিছে ছেপ্টেম্বৰ, থুপুক থাপাক চোলাৰ খোজেৰে কৈ আছে আহিব আহিন আহিব আহিন ফুলিব শেৱালি নেৱালি গুটিমালী জাত জাত

৩ 

মই এই মুহূৰ্তত বুৰ যাব পাৰোঁ কবিতাৰ মাজৰ নিৰ্জনতাত

নিৰ্জনতা নিৰ্জনতা

আস্ এইখিনিয়েই কবিতা, তোমাক ক’ব নোৱৰাখিনিয়েই তোমাৰ প্ৰতি থকা ভালপোৱা

৪ 

তেনে আহাঁ আমি নিৰ্জনতাত বুৰ মাৰোঁ

নিৰ্জনতাকে পি খাওঁ

ভ
লেখকৰ পৰিচয়

ভাস্কৰ জে নাথ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)