৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শৰৎ কামনা

লেখকঃ দেৱৰাজ মিলি • প্ৰকাশিতঃ ২০ অক্টোবৰ, ২০২২
২ মিনিট পঠন • ৯৭৫ বাৰ পঢ়া হৈছে
দেৱৰাজ মিলি

দলনিৰ এটা গৰৈমাছ

চম্পাৰ চালনিত উঠিল

বতৰাটো উজাই আহি গছৰ দৰে গজ্‌গজীয়া নৌহওঁতেই

দুটা আকলুৱা চকুত আহিনৰ আৱাহন

অগা-ডেৱা কৰে এই দুচকুত জাউৰি জাউৰি আয়তী নাম।

যোৱাবেলি আঘোণত ধানো খাম চাউলো খাম...

এইবেলি আহিনত ভবা কথা নহয় সিদ্ধি...

চম্পা অ’ আহিনৰ পথাৰত এইবাৰ ধান নাই

কাতিত নাই চাকি

ফ্ৰীকৈ খাবলৈ পোৱা অন্ধৰ দেশত ধোবাৰ কাম কি?

শুবলৈ যিহেতু সুখৰ টঙি

বিবেক যিহেতু বন্ধকত আৰুনো লাগে কি!

থাকিলে থাকক ছন পৰি বাপতিসাহোন মাটি

আহাঁ আহাঁ নাচোঁ

ওভতগোৰে নাচোঁ

ৰাতিৰ আকাশত তৰাৰ শ্মশান

চোতালত মৃত শেৱালিৰ মায়াময় ৰূপালী জোনাক

শীৰ্ণ নৈৰ দুপাৰি শুভ্ৰতাৰ চকুলো দুধাৰি

আহাঁ নাচোঁ ওভতগোৰে

মাৰাঁ হাত-তালি

মাৰোঁ হাত-তালি

ৰহঢলা পথাৰৰ এই ৰসাল মাটি এৰি

মই যাওঁগৈ দিয়া চম্পা

তোমাক এইবেলিও নোৱাৰোঁ পাতিব বিয়া

মই শেলুৱৈ ধৰা এটা বিস্তীৰ্ণ গান

পুষ্টিহীনতাত জৰ্জৰিত চেতনাহীন এটা কাল।

দ
লেখকৰ পৰিচয়

দেৱৰাজ মিলি

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)