৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভ্ৰম ভাবনা

লেখকঃ দ্বীপৰাজ • প্ৰকাশিতঃ ৩০ অক্টোবৰ, ২০২২
২ মিনিট পঠন • ৪৩২৯ বাৰ পঢ়া হৈছে

দ্বীপৰাজ

হামি এটাক চুৰটৰ ধোঁৱা সাজি ফুৱাই দিয়া কথাবোৰ

কি ঠিক একোটা মুদ্ৰাদোষ

 

বিলাসৰ আঙুলি ভাঙি হাতৰ তলুৱাত বোৱাই দিয়া নৈখন

কি ঠিক চিত্ৰ বাসনা (?)

 

ৰাতিবোৰে যদি এৰুৱাব পাৰে হালধীয়া ৰুণ

আমাৰ চিঞৰবোৰ পুতিব পাৰোঁ এটা শিলত

 

ভৰিৰ পৰা উজোৱা জিকাৰটো খুব বেছি

কলৰ পানী

 

চকুহীন বুকুত এজাক ক্ষুধাতুৰৰ

দিবাস্বপ্ন

বহু ফুল আছে হাবিত নুফুলা, ৰাতি নুফুলা

বহু কথা থাকি যায় ক’ব নোৱৰা

(দিনৰ কথা ৰাতিৰ কথা)

 

আছোঁ য’ত সেয়া জানো কায়িক

নাই য’ত সেয়াও জানে কাল্পিক

 

সপোন ভ্ৰূকুটিয়াই যি ফুৰিছা কঢ়িয়াই

হয়নে ইয়েই দিবাস্বপ্ন?

 

বুকুৱে বুকুৱে অঁকা ছবিবোৰ

কল্পছায়াৰ উশাহ হোৱালৈ

খুব বেছি এজাক চৰাই নৈ এখন পাৰ হ’ব

খুব বেছি মকৰাজালৰ এঠাত

এটা পৰুৱাই দেখিব বিয়লিৰ নক্সা।

 

কি ঠিক তেনে পৰতে বেহালৈ যাওঁ নাযাওঁ কৰি থকা নাওখন

নৈয়ে বুকুত সুমুৱাই ল’ব

 

কি ঠিক তোমালোকৰ অমানুষিক অত্যাচাৰত

কাৰোবাৰ কাৰোবাৰ মৃত্যু হ’ব!

 

ভ্ৰাম্যভাষ : ৮৬৩৮১৪৭৫১৮

দ
লেখকৰ পৰিচয়

দ্বীপৰাজ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)