৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জীৱন জিন্দাবাদ

লেখকঃ বিপুল কুমাৰ দিহিঙীয়া • প্ৰকাশিতঃ ২৭ অক্টোবৰ, ২০২৩
৩ মিনিট পঠন • ১৪২৪ বাৰ পঢ়া হৈছে

 বিপুল কুমাৰ দিহিঙীয়া

এটা ব্ৰেকিং নিউজৰ পাছত

পূৰ্বজৰ শাৰীত আমি মৃতভক্ষ

মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস

আৰু সাৰ পাই দেখোঁ...

শব্দৰ খেলাৰ মাজেৰে ক্ৰমাৎ ধূসৰ এটা পুৱা বালিধুমুহাত জিল্‌মিল সৰিয়হ ফুল

ক’ৰ পৰা জানো আৰম্ভ কৰে...

নষ্ট্ৰাডাম’ছৰ ভৱিষ্যত বাণী

আৰু যদুবংশ ধ্বংস হোৱাৰ খবৰ

আমি আমাক ভক্ষণ কৰাৰ সাধু

ফেঁচাৰ নে বলিয়া বানৰ

নে শগুণৰ শাওত বুঢ়া গৰুৰ পুৰাণ

কি যে ৰমণীয় বিলাস

সিৰাবোৰ শিল হ’ল

কংক্ৰিটৰ দেৱাল ওখ হ’ল

জ্বলিল চিতা৷ ভৰদ্বাজ আত্ৰেয় অগ্নিবেশ

ক’ত বা হেৰাল

চাৰিওফালে নৃত্যৰত ছাইৰঙী আবিৰ

জীৱন জিন্দাবাদ৷ নৈঃশব্দত আউল পাৰাপাৰহীন জলধাৰাত টুলুঙা নাও চাকনৈয়াত

বাজিব লাগিছে দবা

বাজিব লাগিছে খোল-তাল-মৃদঙ্গ

এই গাব খৰমান৷ জীৱন নাটৰ

ককাদেউতাই ৰোৱা বাৰীৰ কোণৰ

বৰগছজুপিত ফেঁচাৰ বাজনা বাজিব

জুইকুৰা বাঢ়িব শব্দ কৰি

জন্মৰ কোষ্ঠী নিজে নিজে জ্বলিব

তুমিহীন এটা শব্দৰ পাছত ময়ো

ম’বাইলত বাজিব অৰ্থহীন আৱাজ

চকামকাকৈ এটা অশৰীৰী নৃত্য

ব্ৰেকিং নিউজত বাজিব

সপোন যেন লগা কথাবোৰ

বিজুলীৰ দৰেই চমকি

ক’ত হেৰাল বুদ্ধৰ শান্তিবাণী

বজ্ৰত ঢুকাল হেনো চিনাকি সুৰ

আবতৰীয়া বৰষুণত

আবেলিৰ গো-বাটেৰে বলধহাল নাহিল

এতিয়া বৃত্ত এটাৰ মাজত আমি

চাৰিওফালে জুই আৰু নক্ষত্ৰহীন পুৱা

নাঙঠ ফাগুনৰ দৰেই বটবৃক্ষৰ সৌন্দৰ্য

তথাপি জধলা হৈ ওলাই আহে

দোকমোকালিতে বন্ধু৷ উল্কাৰ দৰে খহে

গঢ়ে-পিটে৷ বৃদ্ধ লেবেজান

এটা সংবাদৰ উৎসত ঈশ্বৰ

মমবাতি জ্বলাই বিচাৰি চাওঁ৷ নাপাওঁ৷ নতজানু

এম্বুলেঞ্চৰ চাইৰেণত সমাধিস্থ

আমাৰ লোককথা

অন্ত্যেষ্টিক্ৰিয়াৰ পাছতেই

এপদ-দুপদকৈ সকলো গ’ল হেনো

পৰ্বতৰ টিঙলৈ৷ বৰ ঠাণ্ডা৷ বৰফ গলা পুৱা সোৱাদহীন জিভা৷

তথাপি এতিয়া এজাক বৰষুণৰ

বৰ প্ৰয়োজন৷ নিলাজ বতৰৰ

কিযে পঁয়ালগা খবৰ...

এই ঘপককৈ খহে এচমকা ডাৱৰ

ব্ৰহ্মাণ্ড উঠে কঁপি৷ জ্বলা জুইত ফৰিং হৈ পৰাৰ

কি যে আশৈশৱ প্ৰস্তুতি

এতিয়া উশাহ ল’বলৈকো অম্লজান নাটনি

সঁচাই জীৱন এক ধাপ্পাবাজি...

ব
লেখকৰ পৰিচয়

বিপুল কুমাৰ দিহিঙীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)