৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পঢ় পঢ় পঢ়

লেখকঃ জয়ন্ত দত্ত • প্ৰকাশিতঃ ২২ ছেপ্টেম্বৰ, ২০২৩
২ মিনিট পঠন • ২৮৫৩ বাৰ পঢ়া হৈছে

জয়ন্ত দত্ত

 

পঢ় পঢ় পঢ়

আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি

কঙালৰ কাঁইট

 

কলঢোপ কলঢোপকৈ আছোঁ

পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই

কিতাপৰ হাতেৰেহে তুলিব পাৰিব

আকিঞ্চন সাগৰৰ অতলৰ পৰা

 

পিছে হালধীয়া গাড়ীবোৰত যোৱা 

ফিট-ফাট ফুকলীয়াবোৰৰ সৈতে সমানে খোজ দিব পাৰিবনে তোৰ উকা ভৰিৰ খোজে....

 

ফুলকলি চকুতো চহৰখন ভাগ ভাগ

আকাশনীলা পোছাক পিন্ধাবোৰ আটাইতকৈ দামী

তাৰ পাছত বগা সেউজীয়া ৰঙৰ, তাৰ পাছত....

হীনমন্য ৰঙৰ তোৰ পোছাক সোণ সকলোৱে চিনে দুটা চাৰিআলিৰ সিপাৰৰ স্কুলখনৰ বুলি

 

চাবি চাবি দামী ৰঙৰ উজুটিত যাবি

খুপি খুপি যাবি

 

পঢ় পঢ় পঢ়

পিছে সিহঁতৰ প্ৰতিটো বিষয়তে ঘৰুৱা শিক্ষক

আইমুখৰ ভাষাটো শিকাবলৈকো দুজনকৈ আহে...

তহঁতৰ স্কুলৰ মাষ্টৰৰ সপোনবোৰো

দামী দামী পোছাকৰ মাজত তিৰবিৰায়

 

মোৰ জীৱনটোৰ ঘটন তেওঁলোকৰ এদিনৰ

পিছে বজাৰহে একেখন

মই গ্ৰামত কিনো তেওঁলোকে কিনে কুইণ্টলত...

 

চা চা

মাজৰাস্তাতে মানুহজনী হামখুৰি খাই পৰিল

কাষেৰে চাট্ চাট্ কৈ পাৰ হৈছে বিলাসী গাড়ী

কেৰাহি কৈ চাই দামী পোছাকৰ ভৰি...

 

যা যা

সোণ তয়েই যা তুলি ধৰগৈ

সিহঁতৰ গাত চেকা লাগিলে বৰ বেয়া দেখাব

তোৰ গাত লাগিলে গাৰ ৰঙৰ সৈতে মিলি যাব...

 

পঢ় পঢ় পঢ়

সোণ পঢ়....

***

 

ঠিকনা :

দ গাঁও নলনিখাত

ডাক: গৰখীয়া দ’ল

যোৰহাট -৭৮৫০১৫

ভ্ৰাম্যভাষ : ৯৩৬৫৪৫৭৭৫১
জ
লেখকৰ পৰিচয়

জয়ন্ত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)