৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনাহূত

লেখকঃ ৰেমী শৰ্মা • প্ৰকাশিতঃ ২৮ ছেপ্টেম্বৰ, ২০২৩
২ মিনিট পঠন • ১৪৬৩ বাৰ পঢ়া হৈছে

ৰেমী শৰ্মা

এহাল প্ৰেমিক প্ৰেমিকাই কথা পাতিছে

পুৰণা চিনেমা হলটোৰ কাষৰ পাণদোকানখনত ৰৈ

ল’ৰাজনে তাইৰ চকুলৈ চোৱা নাই

চিনেমা হলটোৰ ভাগি পৰা মুধচত পৰি এহাল

চাকৈ-চকোৱাই ঠোঁটত ঠোঁট লগাই কেচকেচাই আছে

চিগাৰেট এটা আঙুলিৰ ফাঁকত ৰাখি সি আৰম্ভ কৰিছে

-      সশস্ত্ৰ সংগঠনৰ কোনোবা এজনক গ্ৰেপ্তাৰ কৰিছে সীমান্তত

তাৰ তিনি বছৰীয়া ল’ৰাটোৱে ...

-      এঃ বাদ দিয়াঁ সেইবোৰ

 প্ৰেমিকা জকজকাই উঠিছে খঙত

- প্ৰেমৰ কথা কোৱাঁ মোৰ চকুলৈ চোৱাঁ

তাৰ পাছত ওঁঠলৈ, তাৰ পাছত ...

-      ধেই ইমান সহজ নে

প্ৰেম কৰা আটকৰ দিনত

-      আটক ! কিহৰ

 ধানৰ  নে লোণৰ

-      একো নাই দিয়াঁ সকলো আছে

আহাঁ প্ৰেম কৰোঁ, চাওঁ তোমাৰ হাতখন

অঃ মোৰ ভোক লাগিছে

আজি ঘৰত চাউল নাই

বাবাই তামোল বিকিব পৰা নাই

দৰ কমি গৈছে হাটত

- একো নাই দিয়াঁ তেতিয়ালৈ আমি চুমা খাম

- ধেৎ

কেঁচা কঁঠাল খাবা ?

- অবতৰত !

- আমাৰ ঘৰত বাৰ মাহে লাগে

- হাতখন এৰাঁ

-      দেখিলে দেখক দিয়াঁ পৃথিৱীয়ে

কিনো আহে যায়

ভোকৰ পেট আৰু আটকৰ চকু এতিয়া অভ্যস্ত

সৌৱা চোৱাঁ তিৰবিৰাই আছে

কুকি ছোৱালীৰ

আনাৰসৰ দৰে যোনী

হাঁহৰ দৰে স্তন

----

ঠিকনা :

নগাঁও

ভ্ৰাম্যভাষ : ৯১৬০০০৭১৭৮০০

ৰ
লেখকৰ পৰিচয়

ৰেমী শৰ্মা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)