৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কাউৰী

লেখকঃ ৰৌচন আলি • প্ৰকাশিতঃ ২৩ ছেপ্টেম্বৰ, ২০২৫
২ মিনিট পঠন • ২৬৪৫ বাৰ পঢ়া হৈছে

ৰৌচন আলি 

চানাৱালাৰ চানা বন্ধা কাগজ

এটুকুৰাৰ মাজত 

নিদ্ৰাহীন চকু দুটা লৈ

শুই আছিল এটা কবিতা

চানাৱালাৰ ওচৰলৈ 

ক্লান্ত-শ্ৰান্ত হৈ গ্ৰাহক এজন আহিল

আৰু 

অধীৰ আগ্ৰহেৰে চানাৱালাক ক'লে--

তেল-মছলা সানি চানা দহ টকাৰ দে !

ইতিমধ্যে চানাৱালাৰ কাগজ টুকুৰাৰ পৰা 

ওলাই আহিল কবিতাটো 

আৰু

গাত সানি ল'লে চানা-মছলা ।

তেল-মছলাৰে লেটিপেটি হোৱা কবিতাটো

গ্ৰাহকজনৰ হাতত উঠিল 

আৰু

তৃপ্তিৰে মাৰিলে এটা হাঁহি 

গ্ৰাহকজনেও টকালি পাৰি পাৰি  খালে চানা

কবিতাটোৱে ট টকৈ চাই থাকিল গ্ৰাহকজনলৈ

অৱশেষত গ্ৰাহকজনে চানা খাই উঠি

চানা-মছলা, তেল লগা

কবিতাটো দলিয়াই দিলে ফুটপাথলৈ

তেনে সময়তে

ধোঁৱা আৰু ধূলিৰপৰা

উৰি আহি কাউৰী এজনী

ফুটপাথত পৰিল

হঠাৎ চানা বন্ধা কবিতাটো দেখি

কাউৰীজনীয়ে কা কা কৰি উঠিল

গ্ৰাহকজনে তৃপ্তিৰ অন্তত দলিয়াই দিয়া

চানা-মছলা আৰু তেল লগা কাগজখন

কাউৰীজনীয়ে তৃপ্তিৰে চেলেকিলে

তেল আৰু চানা-মছলা চেলেকি-চেলেকি

কা কা কৰি উৰি গ'ল কাউৰীজনী

কবিতাটো কোনেও নাখালে

কবিতাটো তেনেকৈয়ে পৰি থাকিল

ফুটপাথত

বৰষুণত তিতিল

ৰ'দত শুকাল

বাটৰুৱাৰ ভৰিৰ গচকত

কবিতাটো মৰিল

কবিতাটো ধূলি হ'ল

গ্ৰাহকজনৰ জিভাৰ অতৃপ্তিত

ধূলিৰ মাজত এজন কবিয়ে বিচাৰি ফুৰিছে

কবিতাটোৰ নাম 

কবিতাটোৰ নাম আছিল হেনো 

কাউৰী ।

***

ঠিকনা :

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী),  ৭৮৫৬৭২

শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com

ৰ
লেখকৰ পৰিচয়

ৰৌচন আলি

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)