৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰভাতৰ পৃথিৱীৰ ৰ’দৰ গান তোমাৰ নাম

লেখকঃ ৰুদ্ৰ সিংহ মটক • প্ৰকাশিতঃ ২৮ ছেপ্টেম্বৰ, ২০২৫
৩ মিনিট পঠন • ৭৭৬ বাৰ পঢ়া হৈছে

ৰুদ্ৰ সিংহ মটক

 

 

জুবিন জুবিন জুবিন !

ৰাইজৰ মাজত থাকিও ৰজাৰ দৰেই আছিলা তুমি

সকলোৰে সুখ-দুখ হাঁহি-কান্দোনৰ ভাগ‌ লৈছিলা

 

আৰু কি আচৰিত, কেৰ্কেটুৱাই বাৰীৰ তামোলথোকা খোৱা,

কলথোকাত বাদুলী পৰা কথাটোও উদাসীন গঞাৰ কাণে কাণে

কৈছিলা তুমি

 

কোনে নাজানে হে মোৰ মানুহৰ শিল্পী !

তোমাৰ কাণত নিনাদিত হৈছিল মুহুৰ্মুহু

আশাহত পৃথিৱীৰ ভগা বুকুৰ হুমুনিয়াহ আৰু আৰ্তনাদৰ

হাহাধ্বনি  : “the still, sad music of humanity”....

 

তুমি আছিলা মনেৰে, হৃদয়েৰে চহকী মানুহ;

মুক্ত দুহাতেৰে তুমি দান কৰিছিলা ৰোগগ্ৰস্ত, 

দুস্থ-দুৰ্গত

দৰিদ্ৰনাৰায়ণক

 

ভোগবাদী পৃথিৱীৰ অহঙ্কাৰী দৈত্যহঁতৰ সেয়া সহ্য হোৱা নাছিল

নে ডাৰ্টি ৰাজনীতিৰ ৰঙা চকুৰ ৰোষত পৰিছিলা তুমি ?

                         

জুবিন!

ইতিহাস কলঙ্কিত কৰা  ব্ৰুটাছহঁতক, হত্যাকাৰীহঁতক আমি দেখিলোঁ

কিন্তু বিচাৰৰ কাঠগড়াত হত্যাকাৰীহঁতে শাস্তি পাব নে নাপায়

                      সেয়া হয়তো সময়েহে ক'ব

 

তুমি আজি নাই; সকলোৱে বুকু ঢকিয়াই কান্দিছে

এনেকি গছ ফুল  প্ৰভাতৰ পৃথিৱীৰ গান গোৱা চৰাইবোৰেও

 

জুবিন! তুমি “নিজানত শেষ হ’ব গান মোৰ” বুলি গাইছিলা

এদিন

কিন্তু তোমাৰ গান শেষ নহয়, স্তব্ধ নহয়‌ কোনোকালে

তোমাৰ গানৰ বুকুত বিস্ফোৰিত প্ৰতিটো শব্দই

আমানুহৰ বিৰুদ্ধে জগাই তুলিব জন্মভূমিৰ প্ৰতিজন প্ৰেমৰ

মানুহ, বুকুত ৰ’দৰ আকাশ গজা সূৰ্যসম প্ৰতিজন

 

অকুতোভয় যোদ্ধা

 

                                  ০০০

 

 

ঠিকনা :

অম্বিকাগিৰি নগৰ, হাউছ নং তিনি,

ত্ৰিবেণী পথ, গুৱাহাটী -৭৮১০২৪

ভ্ৰাম্যভাষ –৭০০২৩০৩৮৮২
ৰ
লেখকৰ পৰিচয়

ৰুদ্ৰ সিংহ মটক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)