৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সৰু মানুহবোৰ

লেখকঃ বন্দনা কৌশিক বৰদলৈ • প্ৰকাশিতঃ ২৫ আগষ্ট, ২০২৫
২ মিনিট পঠন • ২৫৫৯ বাৰ পঢ়া হৈছে

বন্দনা কৌশিক বৰদলৈ


প্ৰচণ্ড গৰমত সৰু মানুহবোৰৰ দুই এজন
  মৰে
শীততো মৰে দুই এজন
ঠিক সেইদিনাই আপোনাৰ পত্নীয়ে ডাঙৰ মাছত ৰুচি হেৰুৱাই বজাৰত
  সৰুমাছৰ  দৰ-দাম কৰে।

আপুনি ভাবে সৰু মাছ
সৰু মানুহ আদি সৰু বস্তুবোৰৰ
বিক্ৰয় মূল্য কমতকৈ কম হোৱাটোৱেই বজাৰৰ উচিত ধৰ্ম

সৰু মানুহৰ দুই এজনে কালীমন্দিৰৰ সমূহীয়া ভোগত খিছিৰিৰ বাবে লাইন পাতে
নিজেই এবাটি খাই লঘোণে থকা ঘৈণীয়েকৰ বাবে আন এবাটি খোজে
‘যা, গুচ’
  বুলি ক’ব পৰাৰ ক্ষমতাৰে সেইদিনা আপুনি আপোনাৰ চকুতেই  ডাঙৰ হৈ পৰে

সৰু মানুহৰ কোনোবাজনে আপোনাৰ জোতাযোৰ আইনা হেন কৰে
কোনোবাজনে চাহকাপ যতনাই দিয়ে
কোনোবাজনে আপোনাৰ গাড়ীখন চিকচিকাই তোলে

ইমানবোৰ সৰু মানুহৰ মাজত
  ঘূৰি ফুৰোঁতে আপোনাৰ নিজৰেই এনে লাগে যেন আপুনি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মানুহ !

কিন্তু মজাৰ কথাটো কি জানেনে
আপুনি যেতিয়া ডাঙৰ হোৱাৰ গৰ্বত ওফন্দি থাকে
পিছফালে
  থকা সৰু মানুহবোৰে তুলাচনীত আপোনাৰ ওজন কৰি কোৱাকুই কৰে
দাম নাই এওঁৰ
দাম নাই
এওঁ কেতিয়াবাৰ পৰাই মৃত !
                                     
           ***                        

ঠিকনা:

ৱাৰ্ড নম্বৰ – ৭, শান্তিবন পথ, শিৱসাগৰ
                           

ভ্ৰাম্যভাষ – ৯৪০১০৯২৯৬৫

ব
লেখকৰ পৰিচয়

বন্দনা কৌশিক বৰদলৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)