৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মোৰ বেগ

লেখকঃ উৰ্মি জুলী শ‍ইকীয়া • প্ৰকাশিতঃ ১ ছেপ্টেম্বৰ, ২০২২
২ মিনিট পঠন • ১৬০৫ বাৰ পঢ়া হৈছে

উৰ্মি জুলী শ‍ইকীয়া

মইতো বেগটোৰ ভিতৰত সুমুৱাই থৈছোঁ মোক

তুমি যে দেখিছা হাঁহিটো,

ওহোঁ ! সেয়া মোৰ নহয়

মই মোৰ হাঁহিটো ভৰাই থৈছোঁ মোৰ বেগত

এই যে কথা পাতিছোঁ তোমাৰ লগত

সেইগৰাকী ম‌ই নহয়। মইতো আছোঁ বেগৰ ভিতৰত

খুচুৰা প‌ইছাৰ লগত

ছোৱালীজনী স্কুলত থৈ

বজাৰলৈ গলোঁ

ল'ৰাটোৰ কাৰণে কমলা কিনি

বেংকত সোমাই

চিটি বাছত উঠি

ঘৰলৈ উঠিলোঁ যিজনী,

সেইজনীও ম‌ই নহয়।

মইতো সুমুৱাই থৈছোঁ মোক

মোৰ কান্ধৰ বেগটোৰ ভিতৰত

ঘৰ পাইহে

চেইন খুলি ম‌ই মোক উলিয়াম ...

               ...

ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯

উ
লেখকৰ পৰিচয়

উৰ্মি জুলী শ‍ইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)