৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ছাই সত্য

লেখকঃ হিল্লোলজ্যোতি সিংহ • প্ৰকাশিতঃ ৩১ আগষ্ট, ২০২৫
২ মিনিট পঠন • ২৬০২ বাৰ পঢ়া হৈছে

হিল্লোলজ্যোতি সিংহ

মোক জ্বলোৱাৰ পাছত

মোৰ ছাইখিনি

নৈত উটুৱাই নিদিবা

শেষ ৰাতিলৈ কমাটোৰ দৰে

তাত শুই থাকক কুকুৰ এটা

অন্ততঃ মোৰ উমক অৱজ্ঞা নকৰিব সি

ফুটছাইখিনি বেঙেনাপাতৰ ওপৰত

ছটিয়াই দিবা

বেঙেনা ফুলে অন্ততঃ কিছু সময়লৈ

গাব মোৰ বিষাদ গাঁথা

বাকীখিনি মাটিৰ লগত মিলি যাব

“মানৱ দেহা মাটিৰ ভাণ্ড”

মোৰ খনিজেৰে গজালি মেলিব

আৰু এটা জীৱনে

আত্মা আৰু শক্তিৰ

সৃষ্টি বা বিনাশ নাই

মোক জ্বলোৱা জুইকুৰা, তাৰ পোহৰ, উত্তাপ

এঙাৰ আৰু ছাই

মোৰ দেহৰ ভৰ শক্তিৰ

ক্ৰমাগত ৰূপান্তৰ– শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ

মোৰ শৰীৰ এৰি আত্মাই

কোনোবা প্ৰাণীৰ শৰীৰত সোমাব–

(উদ্ভিদৰ কিয় নহয়, কোৱা হোৱা নাই)

এই প্ৰচলিত ধাৰণা সত্য হৈ ওলমিছে

বিশ্বাস আৰু সংশয়ৰ দোলনাত

শক্তিৰ ৰূপান্তৰ ঘটে

আত্মাই শৰীৰ সলায়

সৃষ্টি বা বিনাশ দুয়োৰে নাই

জড় আৰু জীৱ

জীৱ আৰু জড়

জড়, জীৱ আৰু আন্তঃজীৱৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াত

চলিছে পৰিস্থিতিতন্ত্ৰ

তাৰ মাজতে চক্ৰাকাৰে ঘুৰি থাকিব

মোৰ অৱশিষ্ট

আত্মা এক পাৰলৌকিক সম্ভাৱনা

কিন্তু মোৰ ছাই সোমাব

কোনো এটা বীজৰ ভিতৰত

সূচনা হ’ব আৰু এটা জীৱনৰ–

এয়া নিৰ্ঘাত সত্য

***

ফোন  : ৯৪৩৫১২০০৭৬

ইমেইল :  singha.hilloljyoti@gmail.com

হ
লেখকৰ পৰিচয়

হিল্লোলজ্যোতি সিংহ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)