৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সময় কথক হ’লে...

লেখকঃ উদয় কুমাৰ বৰুৱা • প্ৰকাশিতঃ ২০ নৱেম্বৰ, ২০২৪
১ মিনিট পঠন • ৮৪৯ বাৰ পঢ়া হৈছে

উদয় কুমাৰ বৰুৱা

জীৱন জীবিকাৰ প্ৰপঞ্চৰ পৰা এদিন উভতি গৈছিলোঁ

অহাৰ বাটেৰে

স্মৃতিয়ে কুৰুকি কুৰুকি খান্দি উলিয়াইছিল

ঠটা মাটিত মোৰ উদং ভৰিৰ ভকভকনি আৰু

হাৱাই চেণ্ডেলৰ নিৰস পৰিক্ৰমা

এদিন এজন কথকে কৈছিল - কাহিনীনো কি

কেতিয়াবা বোঁৱতী সুতি, কেতিয়াবা জাঁজী নৈৰ জাঁজৰি

এৰা, কাহিনীৰো থাকে কাহিনী

থাকে নিজাকৈ এখন আকাশ- নক্ষত্ৰ খচিত

ইচ্ছাই ডেউকা মেলিলে হৃদয়ো হ’ব পাৰে

সন্ধিয়াৰ ৰূপালী চোতাল

ৰূপ কথাৰ লেজুত ধৰি নামি আহে নিসৰ্গ স্বৰ্গ

সাধুত ঘুমটি যোৱা

সময় কথক হ’লে যেনেকৈ জাগি উঠে কাহিনী শিলা

অনন্ত শয়নৰ পৰা

আৰু অন্তৰৰো অন্তৰত গান হৈ বাজি উঠে

দুৰন্ত প্ৰেমৰ প্ৰাচীন গাথা…

উ
লেখকৰ পৰিচয়

উদয় কুমাৰ বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)