৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বহাগ

লেখকঃ অৰুণ গগৈ • প্ৰকাশিতঃ ২৮ মাৰ্চ, ২০২৪
২ মিনিট পঠন • ২৬৮০ বাৰ পঢ়া হৈছে

 অৰুণ গগৈ

               

 

চ’তৰ শেষত      বহাগ মাহত

      ফুলিল ঢাপৰ নাহৰ,

বিহুৱা ঢুলীয়া    ৰঙতে বলিয়া

    মাৰিলে ঢোলত চাপৰ ৷

    

তাঁতৰ শালত        হাতৰ পাকত

     ঘূৰিল কাঠৰ যঁতৰ,

পিৰালি-কাষত    বসন্ত কালত

    ফুলিল ধুনীয়া তগৰ ৷

 

শুনিছোঁ ৰিণিকি     অতিকৈ চিনাকি

     ঢোল-পেঁপাৰ মাত,

নাচনী-ঢুলীয়া       মন উৰণীয়া

     বিহু বিহু লাগে গাত ৷

    

বিহুৰে শুৱনি       ধুনীয়া নাচনী

    হাতত জেতুকাৰ বোল

কুলিৰ মাতত      মুগাৰ সাজত

     নাচনীৰ মন বিয়াকুল ৷    

 

বিহুৱা ডেকাই       ঘৰে ঘৰে গায়     

        জাত জাত বিহুনাম

  মাৰিছে হুঁচৰি    গাইছে চিঞৰি

      দেহি ঐ গোবিন্দাই ৰাম ৷

***

ঠিকনা :  

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

 

অ
লেখকৰ পৰিচয়

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)