অভিজিত শৰ্মা বৰুৱা
যোৱা কিছুদিন ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান সফল উৎক্ষেপন আৰু অভিযানৰ যোগেদি বিশ্ববাসীক চমকিত কৰি আহিছে আৰু আমাৰ দেশকো এই ক্ষেত্ৰত পৃথিবীৰ ভিতৰতে আগশাৰীৰ দেশসমূহৰ মাজত স্থান দিবলৈ সক্ষম হৈছে। চন্দ্ৰযান-৩, আদিত্য L1 আদিৰ পাছত শেহতীয়াভাবে ‘গগনযান’ প্ৰকল্পৰো এক গুৰুত্বপূৰ্ণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে।
গগনযান প্ৰকল্প কি?
গগনযান প্ৰকল্প ‘ইছৰো’ৰ বাবে নতুন প্ৰকল্প নহয়। কেবা বছৰৰো আগতেই ইছৰোয়ে এই প্ৰকল্পৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছিল। ভাল-বেয়া পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি গৈ এতিয়া গগনযান প্ৰকল্প শেষ পৰ্য্যায়ত আহি উপনীত হৈছে।
গগনযান প্ৰকল্পৰ জৰিয়তে ইছৰোয়ে সৰ্বোচ্চ তিনিজন মহাকাশচাৰীক মহাকাশলৈ পঠিয়াই, পৃথিবীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বৰ কক্ষপথত প্ৰায় সাতদিন মহাকাশ ভ্ৰমণ আৰু লগতে কেইটামান গুৰুত্বপূৰ্ণ পৰীক্ষা সম্পন্ন কৰাই তেওঁলোকক নিৰাপদে পুনৰ পৃথিবীলৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে। এয়া অৱশ্যে তেনে ধৰণৰ মহাকাশ যাত্ৰাৰ এক আৰম্ভণিহে হ’ব। প্ৰথমখন গগনযানে সফলতাৰে প্ৰত্যাবৰ্তন কৰাৰ পাছত এনে ধৰণৰ অধিক অভিযান চলি থাকিব।
যোৱা ২১ অক্টোবৰ, ২০২৩ ত এই প্ৰকল্পৰ এক অতি গুৰুত্বপূৰ্ণ পৰীক্ষা ‘মহাকাশচাৰী উদ্ধাৰ পদ্ধতি’ বা ‘ক্ৰু এছকেপ ছিষ্টেম’ৰ (Crew Escape System – CES) পৰীক্ষণ সফলভাবে সম্পন্ন হয়। ইয়াৰ ফলত গগনযান প্ৰকল্পৰ জৰিয়তে ভাৰতীয় মহাকাশচাৰীয়ে মহাকাশ ভ্ৰমণ কৰাটো কেৱল সময়ৰ অপেক্ষাহে হৈ পৰিল।
অৱশ্যে এই কথাও সঁচা নহয় যে গগনযানত ভ্ৰমণ কৰাজনহে প্ৰথম ভাৰতীয় মহাকাশচাৰী হ’ব। ইয়াৰ আগতে ১৯৮৪ চনত ভাৰতৰ ৰাকেশ শৰ্মাই মহাকাশ ভ্ৰমণ কৰি প্ৰথম ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হৈছিল। তেওঁ ‘ইছৰো’ আৰু ‘ছোভিয়েট মহাকাশ কাৰ্য্যক্ৰম’ৰ (Soviet Space Program) এক যুটীয়া ইন্টাৰকছমছ মিছনৰ যোগেদি ছোভিয়েট ৰকেট ছয়ুজ T-11 ত উঠি মহাকাশলৈ গৈছিল। মহাকাশৰ ‘ছেল্যুট ৭’ কক্ষপথীয় কেন্দ্ৰত তেওঁ ৭ দিন, ২১ ঘন্টা আৰু ৪০ মিনিট কটাইছিল। তাৰ পৰাই তেওঁ ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ লগত কথা পাতিছিল আৰু তেখেতে মহাকাশৰ পৰা ভাৰতখন কেনে দেখি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত কৈছিল – ‘চাৰে জহাঁ চে অচ্ছা!’
‘গগনযান প্ৰকল্প’ৰ আৰম্ভণি
২০০৬ চনতে মহাকাশ অভিযানৰ ক্ষেত্ৰত ‘কক্ষপথীয় যান’ শ্ৰেণীৰ অন্তৰ্গত এক যান হিচাপে গগনযান সম্পৰ্কত প্ৰাথমিক অধ্যয়ন আৰু প্ৰযুক্তিগত কাম-কাজ আৰম্ভ হৈছিল। পৰিকল্পনা আছিল যে এক সৰল কেপছুলসদৃশ যান তৈয়াৰ কৰা হ’ব, সেই যানে দুজন মহাকাশচাৰীক মহাকাশলৈ লৈ যাব, মহাকাশত সেই যান প্ৰায় এসপ্তাহ থাকিব আৰু তাৰ পাছত পৃথিবীলৈ ঘূৰি আহি সাগৰৰ জলপৃষ্ঠত অৱতৰণ কৰিব। ২০০৭ চনত এই পৰিকল্পনা গ্ৰহণ কৰা হ’ল আৰু লগতে ২০২৪ চনত এই প্ৰকল্প সম্পূৰ্ণ কৰি উৎক্ষেপন কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হ’ল। তাৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হ’ল প্ৰায় ১০,০০০ কোটি টকা। ২০০৮ চনৰ মাৰ্চত এই গগনযানৰ ডিজাইন চূড়ান্ত কৰি পুঁজিৰ আবন্টনৰ বাবে সেই প্ৰকল্প ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰা হ’ল। ২০০৯ চনৰ ফেব্ৰুৱাৰি মাহত ভাৰত চৰকাৰে ‘ভাৰতীয় মানৱবাহী মহাকাশযান কাৰ্য্যক্ৰম’ৰ (Indian Human Spaceflight Programme) অধীনত গগনযানৰ ডিজাইনত অনুমোদন জনায় আৰু লগতে পুঁজিও আবন্টণ কৰে। এই প্ৰকল্পৰ প্ৰথম পৰ্য্যায়ত কক্ষপথীয় যানসমূহৰ অন্তৰ্গত প্ৰথম যাত্ৰীবিহীন মহাকাশযান এখনক ২০১৩ চনত মহাকাশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও পাছত এই কাৰ্য্যসূচী ২০১৬ চনলৈ পিছুওৱা হ’ল। ২০১২ চনৰ এপ্ৰিলত এই খবৰো ওলাল যে পুঁজি যোগানৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ বাবে এই প্ৰকল্প আধৰুৱা হৈও থাকি যাব পাৰে। ২০১৩ চনৰ আগষ্টত ইছৰোয়ে জনালে যে গগনযানকে ধৰি সকলো মানৱবাহী মহাকাশযান প্ৰকল্প ইছৰোৰ অগ্ৰাধিকাৰ তালিকাত নাই। তাৰ পাছত অৱশ্যে ২০১৪ চনৰ আগভাগত এই প্ৰকল্প সম্পৰ্কত পুনৰ্বিবেচনা কৰা হ’ল। সেই চনৰে ফেব্ৰুৱাৰি মাহত ইছৰোৰ বাজেট যথেষ্ট পৰিমাণে বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত গগণযান প্ৰকল্পয়ো কিছু ধন লাভ কৰিলে। ২০০৭ চনৰ জানুৱাৰিত ইছৰোয়ে এক ‘মহাকাশ কেপছুল পুনৰুদ্ধাৰ’ (Space Capsule Recovery) পৰীক্ষা চলাইছিল। এই পৰীক্ষাত ৫৫০ কিল’গ্ৰাম ওজনৰ এক মহাকাশ কেপছুল যান প্ৰেৰণ কৰি তাক পুনৰ ঘূৰাই আনি সমুদ্ৰত অৱতৰণো কৰোৱা হৈছিল। এই পৰীক্ষাৰ আধাৰতে ইছৰোয়ে কক্ষপথীয় যান গগনযানৰ বিকাশ কৰিবলৈ আৰম্ভ কৰিলে।
‘ভাৰতীয় মানৱবাহী মহাকাশযান কাৰ্য্যক্ৰম’ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰা গ’ল ২০১৭ চনত আৰু গগনযানৰ এক উন্নত ডিজাইনো প্ৰস্তুত কৰা হ’ল। তাৰ পাছত ২০১৮ চনৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গগনযান প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিলে। গগনযানৰ নতুন ডিজাইনত দুজনৰ ঠাইত তিনিজন মহাকাশচাৰীৰ বাবে ব্যৱস্থা ৰখা হ’ল। এইটোও ঠিক কৰা হ’ল যে গগনযান অভিযানৰ সময়ত ইছৰোয়ে চাৰিটা জীৱবৈজ্ঞানিক আৰু মাইক্ৰ-গ্ৰেভিটী (Micro-Gravity) বিষয়ক দুটা ভৌতিক বিজ্ঞান সম্পৰ্কীয় পৰীক্ষা সম্পন্ন কৰিব। ইন্ধনৰ ক্ষেত্ৰতো হাইড্ৰাজিন (Hydrazine) ব্যৱহাৰ নকৰি সেউজ চালক-ইন্ধন (Green Propellant) ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল। তাৰ পাছত ২০২১ চনৰ অক্টোবৰ মাহত ইছৰোয়ে সিদ্ধান্ত ক’লে যে গগনযান অভিযানত তেওঁলোকে পাঁচটা পৰীক্ষাহে চলাব। তাৰে দুটা হ’ব জীৱবিজ্ঞানসম্পৰ্কীয় আৰু তিনিটা হ’ব মাইক্ৰ’-গ্ৰেভিটীকে ধৰি ভৌতিক বিজ্ঞান সম্পৰ্কীয়।
প্ৰকৃততে গগনযান হ’ল ‘ভাৰতীয় মানৱবাহী মহাকাশযান কাৰ্য্যক্ৰম’ৰ (Indian Human Spaceflight Program) পূৰ্বসূৰী এক মহাকাশযান। ইয়াৰ পাছত এনে ধৰণৰ আন উন্নত মহাকাশযানো মহাকাশলৈ প্ৰেৰণ কৰা হ’ব। বৰ্তমানৰ গগনযানক তিনিজন মহাকাশচাৰীক কঢ়িয়াই নিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ পৰিকল্পিত উন্নত সংস্কৰণত অৱশ্যে আন কিছুমান সুবিধাও থাকিব। গগনযান অভিযানত ৫.৩ মেট্ৰিকটন ভৰৰ এক স্বতন্ত্ৰ কেপছুলে ৪০০ কিলোমিটাৰ ওপৰেদি সাতদিনলৈকে পৃথিবী প্ৰদক্ষিণ কৰিব। মানৱবাহী মূল গগনযানখন LMV3 ৰকেটৰ সহায়ত প্ৰথমে ২০২১ চনৰ ডিচেম্বৰত উৎক্ষেপন কৰাৰ কথা আছিল যদিও কোভিড-১৯ ৰ সংক্ৰমণকে ধৰি বিভিন্ন কাৰণত এতিয়া ২০২৪ চনৰ মাজভাগতহে ই সাজু হৈ উঠিব।
হিন্দুস্তান এৰ’নটিকছ লিমিটেডে তৈয়াৰ কৰা গগনযানৰ প্ৰথমটো ক্ৰু মডুলে (Crew Module) ২০১৪ চনৰ ১৮ ডিচেম্বৰত মানৱবিহীনভাবে প্ৰথমটো পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছিল। তাৰ ভিত্তিত ২০১৯ চনৰ মে’ মাহত সেই মডুলৰ ডিজাইন সম্পূৰ্ণ হ’ল। এই অভিযানৰ বাবে বিভিন্ন মানৱ-কেন্দ্ৰিক পদ্ধতি আৰু প্ৰযুক্তি, উদাহৰণস্বৰূপে মহাকাশ-পৰ্য্যায়ৰ খাদ্য, মহাকাশচাৰীৰ স্বাস্থ্যৰক্ষা, বিকিৰণ নিৰ্ণয় কৰি প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰা, অগ্নি নিৰ্বাপন সঁজুলি আদিৰ যোগান ধৰিব ‘প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা’ই (Defense Research and Development Organization - DRDO)। ২০২০ চনৰ ১১ জুনত ঘোষণা কৰা হ’ল যে কোভিড-সৃষ্ট পৰিস্থিতিৰ বাবে এই প্ৰকল্প কিছু পলম হ’ব। ২০২২ চনৰ ৩০ জুনত ইছৰোৰ চেয়াৰমেন এছ সোমনাথে ঘোষণা কৰিলে যে নিৰাপত্তাজনিত কাৰণত ২০২৪ চন পৰ্য্যন্ত কোনো মানবৱ্বাহী মহাকাশযান প্ৰেৰণ কৰা নহ’ব। ২০২৩ চনত ইছৰোৰ পৰাই জানিবলৈ পৰা গ’ল যে তেওঁলোক ২০২৪ চনত গগনযান উৎক্ষেপনৰ বাবে সাজু হৈছে।
গগনযানৰ বাবে মহাকাশচাৰী প্ৰশিক্ষণ
গগনযানত ভ্ৰমণ কৰিবৰ বাবে বেংগালুৰুত ইতিমধ্যে এক মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰ (Astronaut Training Facility – ATF) স্থাপন কৰা হৈছে। তাত সম্ভাৱ্য মহাকাশচাৰীসকলক শ্ৰেণীকোঠাৰ প্ৰশিক্ষণ, ফিটনেছ প্ৰশিক্ষণ, ছিমুলেটৰ প্ৰশিক্ষণ, ফ্লাইট ছুইট প্ৰশিক্ষণ আদি চলি আছে। প্ৰশিক্ষণৰ বিভিন্ন সূচীৰ ভিতৰত শৈক্ষিক পাঠ্যক্ৰম, গগণযান উৰণ পদ্ধতি, মাইক্ৰ’-গ্ৰেভিটিৰ সৈতে পৰিচিতি, এৰ’-মেডিকেল প্ৰশিক্ষণ, দীৰ্ঘদিনীয়া উৰণ প্ৰশিক্ষণ, যোগ-শিক্ষা আদিও আছে।
গগনযানৰ মূল অংশ
গগনযানত দুটা বিভিন্ন স্বতন্ত্ৰ ভাগ বা মডুল (Module) আছে। তাৰ ‘ক্ৰু মডুল’ (Crew Module) হ’ল সম্পূৰ্ণভাবে স্বতন্ত্ৰ এক মহাকাশযান। ইয়াৰ ভৰ হ’ল ৫.৩ টন। ই সৰ্বোচ্চ তিনিজন মহাকাশচাৰীক লৈ মহাকাশলৈ যাব, সাতদিন তাত থাকি আকৌ মহাকাশচাৰীকেইজনক লৈ নামি আহি বংগোপসাগৰত অৱতৰণ কৰিব। এই মডুলত এটা পেৰাচুটেই যথেষ্ট যদিও সংকটকালৰ বাবে দুটা পেৰাছুট আছে। এই পেৰাছুটে নামি অহাৰ সময়ত মডুলটোৰ গতি প্ৰতি ছেকেণ্ডত ২১৬ মিটাৰৰ পৰা প্ৰতি ছেকেণ্ডত ১১ মিটাৰলৈ কমাই দিব আৰু লগতে মডুলটোৰ নিম্নগামী গতি সুস্থিৰ কৰি ৰখাত সহায় কৰিব। তাতে থকা এক মহাকাশ কেপছুলত জীৱন-যাপন আৰু জীৱন-ৰক্ষাৰ বাবে সা-সুবিধা, সঁজুলি আৰু পৰিৱেশ নিয়ন্ত্ৰণ পদ্ধতি থাকিব। লগতে তাত জৰুৰীভাবে সেই স্থান ত্যাগ কৰিবলগীয়া সামৰ্থ্য থাকিব আৰু লগতে থাকিব ‘ক্ৰু এছকেপ ছিষ্টেম’।
গগনযানৰ আন এক মডুল ‘ছাৰ্ভিচ মডুল’ৰ (Service Module) ভৰ হ’ল ২.৯ টন। জুলীয়া চালক-ইন্ধনযুক্ত (Propellant) ইঞ্জিনৰ দ্বাৰা ই শক্তি লাভ কৰিব। ‘ক্ৰু মডুল’ আৰু ‘ছাৰ্ভিচ মডুল’ একেলগে থাকিব আৰু দুয়োটা মিলি ভৰ হ’ব ৮.২ টন। ছাৰ্ভিচ মডুলত সংঘটিত ক্ৰিয়া-কাণ্ডৰ বাবেই এই যান ৪০০ কিলোমিটাৰ ওপৰৰ কক্ষপথ পাবগৈ, তাতে থাকি সাতদিন পৃথিবীক প্ৰদক্ষিণ কৰিব আৰু তাৰ পাছত পুনৰ পৃথিবীলৈ যাত্ৰা আৰম্ভ কৰিব। ছাৰ্ভিচ মডুলত মুঠতে পাঁচটা ইঞ্জিন থাকিব।
গগনযান প্ৰকল্পৰ অধীনত এতিয়ালৈকে সম্পন্ন হোৱা পৰীক্ষাসমূহ :
১। পুনৰ-প্ৰৱেশ পৰীক্ষা – বায়ুমণ্ডলত - ১৮ ডিচেম্বৰ, ২০১৪ – সফল
২। পেড ত্যাগ পৰীক্ষা – বায়ুমণ্ডলত – ৫ জুলাই, ২০১৮ – সফল
৩। জুলীয়া ইন্ধনৰ ব্যৱহাৰ – জুলীয়া ইন্ধনযুক্ত ইঞ্জিনত - ৫ জুলাই, ২০২১ – সফল
৪। ড্ৰগ (Drogue) পেৰাছুট ব্যৱহাৰ পৰীক্ষা – ড্ৰগ পেৰাছুট - ১২ আগষ্ট, ২০২৩ - সফল
৫। উচ্চ উচ্চতাত মহাকাশচাৰীৰ যান ত্যাগ পৰীক্ষা - TV-D1 ৰকেটৰ সহায়ত – বায়ুমণ্ডলত - ২১ অক্টোবৰ, ২০২৩ – সফল
২০২৪ চনৰ কোনো এক দিনত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেন্টাৰৰ পৰা উৎক্ষেপন কৰাৰ ১৬ মিনিট পাছত ব্যৱহৃত ৰকেটটোৱে গগনযানক ৩০০ – ৪০০ কিলোমিটাৰ কক্ষপথত স্থাপন কৰিব। তাত কিছুদিন থকাৰ পাছত যেতিয়া ই পৃথিবীৰ ফালে ঘূৰি আহিব, তেতিয়া তাৰ ছাৰ্ভিচ মডুল আৰু সৌৰ পেনেলবোৰ আগতেই তাৰ পৰা এৰাই পৰিব। পেৰাছুটৰ সহায়ত কেপছুলটোহে মহাকাশচাৰীসহ নামি আহিব আৰু বংগোপসাগৰত পৰিবহি।
ব্যোমমিত্ৰা
২০২০ চনৰ ২২ জানুৱাৰিত ইছৰোয়ে ‘ব্যোমমিত্ৰা’ নামৰ এক নাৰীসদৃশ ৰবটৰ বিষয়ে ঘোষণা কৰে। এই ৰবট মহাকাশযাত্ৰাত মহাকাশচাৰীসকলৰ সংগী হ’ব। আন কিছুমান দেশৰ অভিযানৰ দৰে মহাকাশযানত কুকুৰ বা জীৱ পঠিওবাৰ কথা ইছৰোয়ে ভবা নাই। তাৰ বিপৰীতে মানৱসদৃশ ৰবট পঠিওৱাৰহে পৰিকল্পনা কৰিছে। ইয়াৰ ফলত এক দীঘলীয়া যাত্ৰাত মানৱদেহত ভৰহীনতা আৰু বিকিৰণৰ ক্ৰিয়াৰ বিষয়ে ভালকৈ জানিব পৰা যায়।মূল যাত্ৰাৰ আগতে মানৱবিহীন যান পঠিওবাৰ সময়তো মাইক্ৰ’গ্ৰেভিটি সম্পৰ্কীয় পৰীক্ষা কৰিবলৈ ব্যোমমিত্ৰাক সেই যানত পঠিওৱাৰ কথা ভবা হৈছে। ব্যোমমিত্ৰাৰ কোনো ভৰি নাথাকিব আৰু কঁকালৰ পৰাহে ই মানৱসদৃশ হ’ব। ব্যোমমিত্ৰাই হিন্দী আৰু ইংৰাজী ভাষা বুজি পাব আৰু এই দুই ভাষাত কথাও ক’ব পাৰিব। লগতে ই আন ধৰণৰ কামো কৰিব পাৰিব। উদাহৰণস্বৰূপে কেবিনৰ ভিতৰত যদি কিবা পাৰিৱেশিক পৰিবৰ্তন হয়, তেন্তে ই আগতেই সেয়া ধৰা পেলাব পাৰিব। ই নিৰ্দিষ্ট কিছুমান কাম নিজাকৈ কৰিব আৰু লগতে নতুন আদেশো পালন কৰিব।
‘মহাকাশচাৰী উদ্ধাৰ পদ্ধতি’ (Crew Escape System)
২০২৩ চনৰ ২১ অক্টোবৰত গগণযান অভিযানৰ এক পৰীক্ষামূলক উৰণ পুৱা ৮ বজাত হোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তৰ কিছু বিজুতি আৰু অসুবিধাৰ বাবে দুঘণ্টা পলমকৈ, দিনৰ ১০ বজাত উৎক্ষেপণৰ সময় পুনৰনিৰ্ধাৰণ কৰা হ’ল। এইবাৰ ঠিক সেই সময়তে TV-D1 ৰকেটে এই যানখনক আকাশলৈ লৈ যায়।
এইবাৰৰ উৎক্ষেপণৰ মূল উদ্দেশ্য আছিল গগনযান মিছনৰ এক অংশ হিচাপে ‘মহাকাশচাৰী উদ্ধাৰ পদ্ধতি’ বা ‘ক্ৰু এছকেপ ছিষ্টেম’ৰ কাৰ্য্যকাৰিতা প্ৰদৰ্শন কৰা। যদিহে উৎক্ষেপণৰ সময়তে কিবা কাৰণত এই যানত বিজুতি হয়, তেন্তে ইয়াৰ মহাকাশচাৰীসকলে যাতে শোকাবহ পৰিণতি সাৱটি লবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰিবৰ বাবে এই পৰীক্ষা বৰ গুৰুত্বপূৰ্ণ আছিল। এই পৰীক্ষামূলক যানখনত বিভিন্ন উপপদ্ধতি আছিল, আৰু তাৰ ভিতৰত আছিল ‘ক্ৰু এছকেপ ছিষ্টেম’ আৰু তাৰ পৃথকীকৰণ পদ্ধতি। তদুপৰি এই পৰীক্ষাৰ যোগেদি ‘ক্ৰু মডুল’ৰ বৈশিষ্ট্যসমূহো নিৰীক্ষণ কৰিব বিচৰা হৈছিল। লগতে উচ্চ উচ্চতাৰ পৰা যানখনৰ গতি কমোৱা বা মন্থৰণ পদ্ধতি আৰু নিৰাপদ অৱতৰণো পৰীক্ষা কৰি চাব খোজা হৈছিল।
এই ‘যান ত্যাগ’ পৰীক্ষাৰ বাবে যিখন মহাকাশযান ব্যৱহাৰ কৰা হৈছিল, সেইখন আছিল বিশেষভাবে এই উদ্দেশ্যেৰেই নিৰ্মাণ কৰা এক একক পৰ্য্যায় জুলীয়া ইন্ধনযুক্ত ৰকেট। এই ৰকেটে এক ‘ক্ৰু মডুল’ আৰু ‘ক্ৰু এছকেপ ছিষ্টেম’ কঢ়িয়াই নিছিল। লগত আছিল প্ৰকৃত গগনযানত থাকিবলগীয়া দ্ৰুতভাবে ক্ৰিয়াশীল মটৰ। এই যান ওপৰলৈ উঠি যাওতেই প্ৰায় ১.২ মেক নম্বৰত (১ মেক নম্বৰ = বায়ুত শব্দৰ বেগ) এক ‘যান ত্যাগ’ পৰিৱেশৰ সৃষ্টি কৰা হৈছিল আৰু সেই অৱস্থাত ‘ক্ৰু মডুল’ আৰু ‘ক্ৰু এছকেপ ছিষ্টেম’ পৃথকীকৰণ পদ্ধতিয়ে সুদক্ষভাৱে কাম কৰিছিল। প্ৰকৃততে সেই পৰীক্ষাৰ যোগেদি মহাকাশচাৰীসকলক (যদিও তাত আচলতে কোনো মহাকাশচাৰী নাছিল) কেনেকৈ বাহিৰৰ নিৰাপদ পৰিৱেশলৈ পঠিয়াই পেৰাছুটৰ সহায়ত সুৰক্ষিতভাৱে অৱতৰণ কৰাব পৰা যায়, তাৰ অনুশীলন চলোৱা হৈছিল। এক ক্ষিপ্ৰ মটৰৰ সহায়ত ‘ক্ৰু এছকেপ ছিষ্টেম’ পৃথক কৰা হৈছিল আৰু ই তললৈ সৰি পৰা অৱস্থাত ভূপৃষ্ঠৰ পৰা ১৬.৭ কিলোমিটাৰ উচ্চতাত প্ৰাথমিক পেৰাছুটটো কাৰ্যক্ষম হৈছিল। উচ্চতা কমি আহি ২.৫ কিলোমিটাৰৰ কম হওঁতে মূল পেৰাছুটটো কাৰ্যক্ষম কৰা হৈছিল। তাৰ পাছতে সাগৰৰ পানীত নিৰাপদ অৱতৰণ সম্ভৱ হৈছিল।
*****

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)