৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনুভৱ তুলসী : এক পাঠকৰ অনুভৱ

লেখকঃ জয়চন্দ্ৰ হাজৰিকা • প্ৰকাশিতঃ ২৯ জুলাই, ২০২৫
৭ মিনিট পঠন • ৩৭০৫ বাৰ পঢ়া হৈছে

জয়চন্দ্ৰ হাজৰিকা

এগৰাকী মননশীল কবিৰ কাব্য-জিজ্ঞাসা, কাব্য-সাধনাক এগৰাকী নিঃকিন পাঠকে সম্যকভাৱে উপলব্ধি কৰিব নোৱাৰিলে এক দুঃখবোধে নিৰন্তৰ ক্ৰিয়া কৰি থাকে৷ কিন্তু, গভীৰভাৱে প্ৰভাৱিত কবি এগৰাকীৰ সম্পৰ্কে নিজৰ ভিতৰত এগছি মাটিৰ চাকিৰ দৰে জ্বলি থকা শিখাৰ পোহৰত স্মৃতিচাৰণৰ বেলিকা এক প্ৰশান্তিও অনুভৱ হয়৷ সেয়েহে নিজৰ অনুভৱৰ ছায়াবৃত্তৰ মাজত অনুভৱ তুলসীৰ স্মৃতিত দুশাৰী শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিবলৈ লৈছোঁ৷

কলেজীয়া জীৱনতে ইং ১৯৮২ চনত আমাৰ হাতত উঠিছিল অনুভৱ তুলসীৰ প্ৰথম কাব্যগ্ৰন্থ ‘নাজমা’৷ মননশীল কাব্য সুষমাৰে সমৃদ্ধ সংকলনটিয়ে পোনছাটেই আমাক আকৰ্ষণ কৰিছিল৷ সেই সময়ত ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে Metaphysical school-অৰ wit-সকলৰ কবিতা পঢ়ি থাকোঁতে অনুভৱ তুলসীৰ কবিতাই আমাক এনে এক গভীৰ জীৱন-জিজ্ঞাসাৰ সন্ধান দিছিল যে, পাছৰ পৰ্যায়ত একেখন অলোচনীত প্ৰকাশিত আমাৰ নিজৰ কবিতা পঢ়াৰ আগতে অনুভৱ তুলসীৰ কবিতাহে প্ৰথমে পঢ়িছিলোঁ৷ দুটা কাৰকে আমাক ক্ৰিয়া কৰিছিল, অনুভৱ তুলসীৰ কথকতা আৰু শৈলী আৰু আমাৰ দৰে কবিচামৰ নিঃকিনতাৰ অকপট স্বীকাৰোক্তি৷ আমি জীৱন আৰু মৃত্যু সম্পৰ্কে কিবা অনুভৱ কৰিব পাৰিছিলোঁ নে নাই নাজানো; কিন্তু ‘নাজমা’ত সন্নিৱিষ্ট অনুভৱ তুলসীৰ কবিতই আমাক দিছিল এক অনুভৱ -

মই একো এৰি নাযাওঁ

ফুলত অথবা হুলত

হৃদয়ৰ সোণালী সাঁকো,

মৃত্যুহে মোৰ অভিজ্ঞান      - (নাজমা)৷

পাছলৈ গম পাইছিলোঁ, তেওঁ কেৱল কবিয়েই নহয়– কবিতাৰ আলোচক, তাত্ত্বিক বিশ্লেষক আৰু বিশ্ব সাহিত্যৰ কবিতাৰ ধাৰাটোৰ গতি-প্ৰকৃতি নিৰীক্ষক আৰু কবিতাৰ নাড়ী-নক্ষত্ৰৰ এক বিশেষ পৰ্যালোচক৷ এই কথাৰ উমান পাওঁ যেতিয়া তেখেতৰ আন এখন কাব্যগ্ৰন্থ “বানান কৰি পঢ়া লুইতৰ পানী”ৰ আগকথাত৷ পোন্ধৰ পৃষ্ঠাৰ এই লেখাত সৌৰজগত শীৰ্ষক বক্তব্যত তেওঁ যি আলোচনা আগবঢ়াইছে সেয়াই পাঠকক কবিতাৰ ৰাজ্যলৈ হাতত ধৰি লৈ যাব৷ কবিতা কি, কবিতাৰ আত্মা আৰু কবিতাৰ ভাষা এইবোৰ যেন এক সিদ্ধ কবিৰ প্ৰাণৰ সতে ওতঃপ্ৰোতভাৱে জড়িত এক আপাত ঈপ্সিত তাড়না আৰু নিপাতনে সিদ্ধ জীৱন সত্য৷

“আনৰ যাতনা আনৰ নহয়,

কবিৰ নিজৰ৷ যাতনাৰ পথেৰেহে জগত প্ৰপঞ্চ

আমাৰ আগত উন্মোচিত হয়৷’

 শব্দৰ উৎস সম্পৰ্কে তেওঁৰ অনুভৱ: নীৰৱতাৰ পৰাই শব্দৰ জন্ম হয়৷ কাৰ্য-কাৰণ সম্পৰ্কত নীৰৱতাৰ বুকুত ধ্বনিৰ সৃষ্টি হয়৷ ধ্বনিৰ সহোদৰ হ’ল সংগীত৷ ভাষা সৃষ্টিৰ গুৰিতে থকা প্ৰকৃতিৰ নৈসৰ্গিক ধ্বনিয়েই সংগীত (rythm) লৈ ৰূপান্তৰ ঘটা বাবেই শব্দই ধ্বনি আৰু সংগীতৰ সমন্বয়ৰূপে জগত প্ৰপঞ্চৰ পৰা অৰ্থ পৰিগ্ৰহ কৰে৷ এই অৰ্থ প্ৰাপ্তি কিন্তু শব্দৰ শেষ নহয়৷ শব্দৰ ৰূপান্তৰ ঘটি নতুন নতুন শব্দৰ সৃষ্টি হ্য়৷

অনুভৱ তুলসীৰ কাব্য-কৃতিৰ ফচলসমূহৰ ভিতৰত ‘নাজমা’ (১৯৮২), ‘কাব্য-পীঠ’, ‘নিজান নেপথ্য’, ‘দোৰোণ ফুল’, ‘চৰাইৰ চকুত ফুলৰ বিছনা’, ‘জলমগ্ন দৃশ্যাৱলী’, ‘পানী কাউৰী’, ‘জুইচোৰ’, ‘জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য’, ‘জয় জয়তীৰ জয়’, ‘দেওচেলেং’, ‘বৰষুণৰ খেতিয়ক’, ‘ঢেঁকীয়াপতীয়াৰ পিতৃ’, ‘দিন-ৰাতিৰ দুবৰী’, ‘বানান কৰি পঢ়া লুইতৰ পানী’, ‘মাটিভাষা’ ‘অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা’ আদি বিশেষভাৱে উল্লেখযোগ্য৷

অনুভৱ তুলসী আছিল একেধাৰে কবি, অনুবাদক, গল্পকাৰ, সম্পাদক আৰু ভ্ৰমণ কাহিনী লেখক৷

অনুবাদ গ্ৰন্থৰ ভিতৰত ‘আনা আখমাত’ভাৰ কবিতা’, ‘বেলিসূতা’ ‘সোণপৰুৱা’, ‘পুৰাতন এই বীণাখন’, ‘নজনা জুনুকা’, ‘নৰা তগৰৰ গোন্ধ’, ‘ডেমক্ৰেচি অব আলব্ৰেজ’, ‘মাইহাং বাটিৰ ছাদ’ আৰু ‘ডিৱৰ্ড’৷

কবিতা আলোচনা : ‘অসমীয়া কবিতা আৰু তুলনামূলক আলোচনা’, ‘সৃষ্টি-সুষমা’ আৰু ‘ইলোৰাৰ ইন্দ্ৰসভা’ ইত্যাদি৷

পানীত মৌ মিহলাই লেখা নাম আৰু বাইজেনতিয়াম হ’ল ভ্ৰমণ কাহিনী, চিনেমা সমালোচনামূলক গ্ৰন্থ ঘোঁৰা চৱাৰী আৰু সূৰ্যৰ স্মৃতি৷

উল্লেখযোগ্য গল্পসংকলনটি হ’ল : গোলাপ গছত থৈ যাবি৷

সম্পাদিত গ্ৰন্থৰাজি হ’ল: কবিৰ বচন, অমূল্য বৰুৱাৰ কবিতা, তৰুণ প্ৰজন্মৰ কবিতা, ডিচক’ৰ্চ্চ, কনফ্লোৱেন্স অন্যতম৷

এজন লেখক হোৱাৰ সকলো গুণেৰে সমৃদ্ধ অনুভৱ তুলসী এজন সুবক্তাও আছিল৷ তেখেতৰ অনন্যসুন্দৰ বাক্‌ভংগীমা আৰু শব্দ প্ৰক্ষেপনৰ কৌশল প্ৰয়োগে দৰ্শক-শ্ৰোতাক মুগ্ধ কৰে৷ ইমানৰ পাছতো কবি অনুভৱ তুলসীৰ জাতীয় জীৱনক যথোচিত মৰ্যাদা প্ৰদানত ৰজাঘৰ-প্ৰজাঘৰ বাৰুকৈয়ে ব্যৰ্থ হৈছে৷ অসম চৰকাৰে ইং ২০২৪ চনত তেখেতলৈ সাহিত্য বঁটা আগবঢ়াইছিল৷ ডিগবৈৰ এটা সংগঠনে তেখেতলৈ 'কাব্যধ্বনি বঁটা' আৰু অন্য সন্থাই কিছু বঁটা আগবঢ়াইছিল৷

অনুভৱ তুলসীৰ জীৱনৰ এক মহৎ কৰ্ম হৈছে বংগৰ বিখ্যাত লেখক নিৰোদ মহাপাত্ৰৰ এখনি গ্ৰন্থৰ অনুবাদ৷ তেওঁৰ দ্বাৰা ৰচিত লোক সংস্কৃতি বিষয়ক গৱেষণা গ্ৰন্থখন অসমীয়া লোকসাহিত্যলৈ অমূল্য অৱদান৷

অনুভৱ তুলসী সাহিত্য-সংস্কৃতিৰ এজন সংগঠকো আছিল৷ মালিগাঁৱৰ ‘সন্ধান’ নামৰ চিন্তা-চৰ্চাৰ সংগঠনৰ এক সংগঠক আছিল৷ এই সংগঠনটোৰ প্ৰতিজন সদস্যই একো একোজন বিশেষজ্ঞ আছিল৷ অনুভৱ তুলসী আছিল কাব্য বিশেষজ্ঞ৷ তেখেতে অসুস্থতাৰ হেতু ইং ২২ মাৰ্চত (’২৫) অনুষ্ঠিত আলোচনা অনুষ্ঠানটিত কবিতাৰ বিষয়ে ভাষণ দিব নোৱাৰিলে৷ ইং ২৩ জুন তাৰিখে তেওঁ বিশিষ্ট চলচ্চিত্ৰ সমালোচক কনকচন্দ্ৰ কলিতালৈ জীৱন সম্পৰ্কে এটা কালজয়ী কবিতা লিখি পঠাইছিল৷ বোধকৰোঁ তেখেতৰ মৃত্যুচেতনা অতি তীব্ৰ আছিল৷ জীৱন জিজ্ঞাসা সম্পৰ্কে যাৰ অন্তৰ্দৃষ্টি গভীৰ আৰু একাত্ম, তেওঁ হয়তো মৃত্যুৰ আগজাননী আগতীয়াকৈ পাব পাৰে৷

অনুভৱ তুলসীৰ মৃত্যু চেতনাৰ কেইটামান উল্লেখযোগ্য স্তৱকেৰে আমাৰ এই ক্ষুদ্ৰ স্মৃতিচাৰণ সামৰিব খুজিছোঁ :

মৃতই জীৱিতক বৰ ভালপায়

যাবৰ পৰত সেয়ে নিজৰ

চকুৰ তৰা জীৱিতক দি যায়

*    *    *    *  

জীউটো জোলোঙাত লৈ

ফুৰাটো কি যে বিড়ম্বনা,

গাৰ নোমৰ কোনডালনো শতৰু

কেনেকৈ বুজিবি ৷

*    *    *    *  

মোক আইনাৰ দৰে ধৰাচোন

নিজকে তাত চাওঁ মই

এই হতভগীয়াক হেৰুৱাওঁ

দোলনচঁপা তোমাক পাওঁ – (হাঁহিটোল)

ইং ১৯৫৮ চনৰ তিনি ডিচেম্বৰত নগাঁৱৰ তুলসীমুখত জন্মগ্ৰহণ কৰি কৰ্মজীৱনৰ সামৰণি মাৰে শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে৷ পহিলা জুলাইত অসমীয়া কাব্যজগতৰ এইটি উজ্জ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণ ঘটে৷ ডিম্বেশ্বৰ শইকীয়া আছিল অনুভৱ তুলসীৰ পোছাকী নাম৷ অনুভৱ তুলসীৰ অনুভৱ বাৰুকৈয়ে অনুভৱ হৈ থাকিব৷

জ
লেখকৰ পৰিচয়

জয়চন্দ্ৰ হাজৰিকা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)