অংকুৰিতা
ফুকন
সিকি
এটা মুঠিত লৈ
মই পৰিভ্ৰমণ কৰিছোঁ বৈয়ামৰ ব্ৰহ্মাণ্ড
সৌৰজগতৰ যিকোনো দৃশ্যমান জ্যোতিষ্কৰ দৰে দোকানৰ
‘গেৰেলা’ বৈয়ামকেইটাও মোৰ চকুত জিলিকি আছে
একো একোটা নক্ষত্ৰৰ দৰে
সিকিটোৰে এটা টেঙা মৰ্টন কিনিম
কাণসমনীয়া হৰেনৰ চকুৰ আঁৰ হৈ
হাতৰ টিপতে ভনীয়েক সুৰৰ
মুঠিত গুঁজি দিম…
মোৰ খোজত আজি বয়ঃসন্ধি প্ৰেমৰ উদ্যম…
সপোন সুন্দৰী সুৰৰ মুঠিত মৰ্টনটো গুঁজি দি
ঘৰলৈ উভতি দেখিছোঁ
‘গেৰেলা’ বৈয়ামকেইটাৰ দৰে
আইৰ চকু দুটাও ওফন্দি আছে …
মই পৰিভ্ৰমণ কৰিছোঁ বৈয়ামৰ ব্ৰহ্মাণ্ড
সৌৰজগতৰ যিকোনো দৃশ্যমান জ্যোতিষ্কৰ দৰে দোকানৰ
‘গেৰেলা’ বৈয়ামকেইটাও মোৰ চকুত জিলিকি আছে
একো একোটা নক্ষত্ৰৰ দৰে
সিকিটোৰে এটা টেঙা মৰ্টন কিনিম
কাণসমনীয়া হৰেনৰ চকুৰ আঁৰ হৈ
হাতৰ টিপতে ভনীয়েক সুৰৰ
মুঠিত গুঁজি দিম…
মোৰ খোজত আজি বয়ঃসন্ধি প্ৰেমৰ উদ্যম…
সপোন সুন্দৰী সুৰৰ মুঠিত মৰ্টনটো গুঁজি দি
ঘৰলৈ উভতি দেখিছোঁ
‘গেৰেলা’ বৈয়ামকেইটাৰ দৰে
আইৰ চকু দুটাও ওফন্দি আছে …
শ্ৰব্য ৰূপ
অ
লেখকৰ পৰিচয়
অংকুৰিতা ফুকন
অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।
এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)