৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পুৱাৰ জলপান

লেখকঃ প্ৰশান্ত মিশ্ৰ • প্ৰকাশিতঃ ২৫ ফেব্ৰুৱাৰী, ২০২৪
১ মিনিট পঠন • ১৭৩০ বাৰ পঢ়া হৈছে

মূল (ফৰাচী) : ঝাক প্ৰেভে'ৰ (Jackoes Prevert) 

অনুবাদ : প্ৰশান্ত মিশ্ৰ 

(এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা)

পিয়লাটোত তেওঁ অকণমান ক'ফি ল'লে

ক'ফিৰ পিয়লাটোত তেওঁ গাখীৰ বাকিলে

গাখীৰমিহলি ক'ফি পিয়লাত 

তেওঁ চেনি মিহলালে

ক'ফিৰ পিয়লাটোৰ মিশ্ৰণখিনি তেওঁ

সৰু চামোচ এখনেৰে লৰাই দিলে

তেওঁ ক'ফি খাই খাই

পিয়লাটো থ'লে

মোক এটা শব্দও নোকোৱাকৈ

ক'ফিখিনি শেষ কৰি

তেওঁ পিয়লাটো থ'লে

মোক এটা  শব্দও নোকোৱাকৈ 

তেওঁ এটি

চিগাৰেট জ্বলালে

চিগাৰেটৰ ধোঁৱাৰে 

তেওঁ কুণ্ডলি পকালে

ছাইদানিত চিগাৰেটৰ 

ছাই পেলালে

মোক এটা শব্দও নোকোৱাকৈ

মোলৈ নোচোৱাকৈ

তেওঁ থিয় হ'ল

মূৰত এটা টুপি পিন্ধিলে

এটা ৰেইনকোট পিন্ধিলে

কাৰণ তেতিয়া বৰষুণ দি আছিল

আৰু গুচি গ'ল 

বৰষুণৰ মাজতে

মোক এটা শব্দও নোকোৱাকৈ

মোলৈ নোচোৱাকৈ

আৰু মই দুহাতেৰে মোৰ 

মুখ ঢাকিলোঁ

আৰু উচুপি উঠিলোঁ

প
লেখকৰ পৰিচয়

প্ৰশান্ত মিশ্ৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)