৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আগ্ৰাৰ অৰঙে দৰঙে

লেখকঃ অংগনা চৌধুৰী • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২৩
১০ মিনিট পঠন • ২৫৬৮ বাৰ পঢ়া হৈছে
আগ্ৰাৰ অৰঙে দৰঙে
ডাঙৰকৈ চাওক (Zoom)

 অংগনা চৌধুৰী

 

প্ৰথমবাৰ যেতিয়া কলেজীয়া দিনত আগ্ৰালৈ আহিছিলোঁ, তেতিয়া পুৱতি নিশাতে দিল্লীৰ পৰা আহি তাজমহল, আগ্ৰা ফ’ৰ্ট আদি চাই ওভতাৰ পথত বৃন্দাবন, মথুৰা দৰ্শন কৰি গৈছিলোঁ৷ নতুন ঠাই দেখিবলৈ পাই আনন্দিত হৈছিলোঁ ঠিকেই, কিন্তু অসম্ভৱ লৰালৰি হৈছিল৷ সেইবাবে এইবাৰ আগ্ৰাতেই দুদিন থাকি, খাই-ফুৰি পৰিৱেশটো পুনৰ ধীৰে-সুস্থিৰে উপভোগ কৰিম বুলি ওলাই গ’লোঁ৷ দুৰ্গাপূজাৰ বন্ধ আৰম্ভ হোৱাৰ দিনাই পুৱা চাৰে পাঁচ বজাৰ বিমানত উঠি আঠ বজাতে আমি দিল্লী পালোঁগৈ৷ আমাৰ চিনাকি ড্ৰাইভাৰ এজন যি আগতেও দুই-এবাৰ দিল্লীত ঘূৰা-ফুৰা কৰোঁতে আমাক অ’লৈ-ত’লৈ লৈ গৈছিল– তেওঁ বিমান বন্দৰৰ বাহিৰত টেক্সিখন লৈ আমাৰ কাৰণে সাজু হৈ আছিল ৷ পুৱাৰ ৰ’দচেৰেঙা গাত সানি যমুনা এক্সপ্ৰেছ ৱে’ৰে আমাৰ গাড়ী তীব্ৰবেগেৰে আগ্ৰা অভিমুখে আগ বাঢ়িল৷ বাটত এঠাইত চাহ খাবলৈ আৰু দুপৰীয়া এঠাইত ভাত খাবলৈ ৰ’লোঁ ৷ যিহেতু সেই সময়ত নৱৰাত্ৰি চলি আছিল, সেয়ে সকলোতে প্ৰায় নিৰামিষ খাদ্যহে চলিছিল৷ মেনুত থাকিলেও হাইৱে’ৰ আশে-পাশে থকা ৰেষ্টুৰেণ্টসমূহত সেই কেইদিন আমিষ খাদ্য ৰন্ধা নাছিল৷ সি যি কি নহওক, একমান বজাত আমি গৈ আগ্ৰাত প্ৰৱেশ কৰিলোঁগৈ ৷ কিছুমান ঠাইত হোটেলতকৈ হোম ষ্টে’ত থাকি বেছি ভাল লাগে ৷ আমিও খুব ভাল বুলি ৰিভিউ থকা দেখি ‘অমন হোম ষ্টে’’ নামৰ এক হোম ষ্টে’ত আগতীয়াকৈ বুকিং কৰি থৈছিলোঁ ৷ ই তাজমহলৰ পৰা প্ৰায় দুই কিলোমিটাৰমান আঁতৰত ৷ সঁচাকৈয়ে ঘৰখনত সোমায়েই এনে লাগিল যেন কোনোবা আপোন মানুহৰ ঘৰতহে  বহুত দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ ৷ কি সুন্দৰ আতিথ্য তেওঁলোকৰ ৷ তিনি মহলীয়া ঘৰটোত উনৈছটা সকলো আধুনিক সা-সুবিধা থকা কোঠালি আছে। গোটেই ঘৰটোৱেই বিদেশী ভ্ৰমণকাৰীৰে ভৰ্তি ৷ কোনোৱে বাৰাণ্ডাত বহি আড্ডা মাৰিছে, কোনোৱে পাকঘৰত তৈয়াৰ হৈ থকা খাদ্যৰ ভিডিঅ’ কৰিছে, কোনোৱে শাড়ী বা ঘাগড়া পিন্ধি তাজমহলত ফটো ছে’ছন কৰিবলৈ যাবলৈ সাজু হৈছে ৷ ভাৰতীয় পৰিয়াল বুলিবলৈ একমাত্ৰ আমিয়েই ৷

গা-পা ধুই দুঘণ্টামান জিৰণি লৈ আমি তাজমহলত সূৰ্যাস্ত চাবলৈ ওলালোঁ ৷ আমাৰ গাইডজন বাহিৰত অপেক্ষা কৰি আছিল ৷ টিকট অনলাইনতে বুক কৰিব পাৰি ৷




তাজমহলৰ প্ৰৱেশদ্বাৰত আছিল প্ৰচণ্ড ভিৰ ৷ শনিবাৰ আৰু দেওবাৰে তাত আন দিনবোৰতকৈ বেছি ভিৰ হয় ৷ আমিও ভিৰৰ প্ৰকোপতে পৰিলোঁ ৷ কিন্তু এবাৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত আৰু একো অসুবিধা হোৱাৰ আশঙ্কা নাই ৷ আমিও বিশাল চৌহদটোত সগৰ্বে থিয় দি থকা সৌন্দৰ্যৰ আকৰ তাজমহলক দেখি পলকতে বিভোৰ হৈ পৰিলোঁ ৷ ভাবিলোঁ, ছাহজাহানেওতো কতবাৰ বিভোৰ হৈ তাজমহললৈ চাইছিল, সেই মুহূৰ্তৰ পৰা আজিলৈ কোইবাশ বছৰ পাৰ হৈ গ’ল ৷ এই যে আজি আমি হাতত ধৰাধৰিকৈ তাজমহলটো তথা লাগি চাই আছোঁ, এই মুহূৰ্তৰো এদিন শ শ বছৰ পাৰ হৈ যাব!

আগৰবাৰ আহোঁতে বেঞ্চত বহি পিছফালে তাজমহলক লৈ সেই ঐতিহাসিক ফটোখন তোলা হোৱা নাছিল ৷ সেয়ে এইবাৰ তুলিলোঁ ৷ সূৰ্যাস্তৰ মনোমোহা দৃশ্যও কেমেৰাত ধৰি ৰাখিলোঁ ৷ কথাই-ব্যৱহাৰে খুবেই ভদ্ৰ আমাৰ গাইডজনে লাহে লাহে বুৰঞ্জীৰ কথাবোৰ কৈ গ’ল ৷ অধিকাংশ কথাকে আগতেই জানিছিলোঁ যদিও সেই সময়ত শুনি শুনি গৈ থাকি কিবা এটা ভাল লাগিল ৷ আবেলিৰ পৰা গধূলি হোৱালৈ অপূৰ্ব সময়খিনি তাত কটাই সাত বজাৰ আগে আগে আমি ওলাই আহিলোঁ ৷ বাহিৰত আশে-পাশে অজস্ৰ চাহ-কফিৰ দোকান ৷ মাটিৰ ভাড়ত চাহ আৰু গৰম গৰম চিংৰা খাই আমি হোম ষ্টে’লৈ উভতিলোঁ ৷ আৰু এটা কথা, তাজমহললৈ আহোঁতে-যাওঁতে আমি নিজা টেক্সিখন লৈ নগৈ বেটেৰী ৰিক্সা এখনহে ব্যৱহাৰ কৰিছিলোঁ ৷ কাৰণ প্ৰাইভেট টেক্সি তাজমহলৰ প্ৰৱেশদ্বাৰৰ সমুখলৈকে নিবলৈ নিদিয়ে ৷ বহু দূৰতে ৰখাবলগীয়া হয় ৷

ৰাতিৰ আহাৰ কৰি উঠি আমি পাছদিনা কি কৰিম, ক’লৈ যাম সময়-সূচীবোৰ এবাৰ জুকিয়াই ল’লোঁ ৷ আমাৰ কোঠাৰ বাহিৰত কিতাপ-পত্ৰ পঢ়িবৰ বাবে এখন আৰামী বিছনা আৰু ইংৰাজী গল্প-উপন্যাসৰ কিতাপেৰে ভৰা এখন ৰেক আছিল ৷ কি কি কিতাপ আছে তাকে অলপ লিৰিকি-বিদাৰি চাই তাৰ পাছত শুবলৈ আহিলোঁ ৷ কাৰণ পাছদিনা দিনজোৰা ভ্ৰমণৰ কাৰ্যসূচী ৷ সেয়ে ভালকৈ জিৰণিৰ প্ৰয়োজন আছিল ৷

পাছদিনা পুৱা লাহে-ধীৰে উঠি ডাইনিং হললৈ ব্ৰেকফাষ্ট কৰিবলৈ নামি আহিলোঁ ৷ তাত ইংলিছ ব্ৰেকফাষ্ট আৰু ইণ্ডিয়ান ব্ৰেকফাষ্ট দুয়োবিধৰে সুবিধা কৰি ৰাখিছিল ৷ হোম ষ্টে’ৰ মূল গৰাকীজনে দুগৰাকী সহায়কাৰী মহিলা লৈ পুৱা সকলোৰে বাবে পাকৈত হাতেৰে ব্ৰেকফাষ্ট তৈয়াৰ কৰে ৷ লগতে হাঁহিমুখেৰে সকলোৰে লগত সমানে কথাও পাতি থাকে ৷ গৰম গৰম ফুলা ফুলা পুৰী, আলুৰ দম, অমলেট, পায়স, চাহ, ফলমূল আদিৰে পেট ভৰাই ব্ৰেকফাষ্ট কৰি আমি আমাৰ টেক্সিত উঠি ৰাওনা হ’লোঁ ফতেহপুৰ চিক্ৰিলৈ বুলি ৷ আগ্ৰাৰ পৰা ফটেহপুৰ চিক্ৰি মোটামুটি তিয়াল্লিছ কিলোমিটাৰমান হ’ব ৷ তাত আমাৰ বাবে আন এজন নতুন গাইড অপেক্ষা কৰি আছিল ৷ ফটেহপুৰ চিক্ৰিৰ টিকটো আমি আগতীয়াকৈ অনলাইনত বুক কৰি থৈছিলোঁ ৷ মূল প্ৰৱেশদ্বাৰৰ পৰা ভিতৰ চ’ৰালৈ মিনিবাছ কিছুমানত যাব লাগে ৷ খোজকাঢ়ি যোৱা সম্ভৱ নহয় ৷ বহু দূৰ হয় ৷ উভতি আহোঁতেও একেই ব্যৱস্থা ৷



সম্ৰাট আকবৰে ১৫৭১-১৫৮৫-অৰ ভিতৰত ফটেহপুৰ চিক্ৰি নিৰ্মাণ কৰোৱাইছিল ৷ ফটেহপুৰ চিক্ৰি মানে হ’ল The City of Victory ৷ তাত এফালে আছে আকবৰৰ ৰাণীসকলৰ মহল, টকা-পইচা, ধন-সোণ থোৱা কোঠালি, তানসেনে সংগীত পৰিৱেশন কৰা মঞ্চ, আকবৰৰ জিৰণি কোঠা, আলোচনা কক্ষ, পুৱা-গধূলি তহল দিয়া বাগিচা আদি । আৰু আনফালে আছে হজৰত চেলিম চিস্তিক দৰগাহ, য’ত দেশ-বিদেশৰ পৰা মানুহে মনোকামনা পূৰণৰ বাবে আশীৰ্ৱাদ ল’বলৈ আহে ৷ হজৰত চেলিম চিস্তিক আকবৰে গুৰু হিচাপে মানি চলিছিল আৰু কোৱা হয় যে তেওঁৰ প্ৰতিটো ভৱিষ্যতবাণী সত্যত পৰিণত হোৱাত তেওঁৰ প্ৰতি মানুহৰ আস্থাও বাঢ়ি আহিছিল ৷ আমাৰ অমায়িক, মৃদুভাষী গাইডজনে সুন্দৰকৈ কথাবোৰ বৰ্ণনা কৰি কৈ গৈ আছিল ৷ ৰাণী যোধাৰ বাবে সম্ৰাট আকবৰে নিৰ্মাণ কৰাই দিয়া আচুতীয়া পাকঘৰ, পূজাঘৰ, তুলসীৰ ভেটি আদি দেখি এটা কথা মনলৈ আহিছিল যে শ-শ বছৰৰ আগতে হ’লেও আকবৰে এই ক্ষেত্ৰত যি ধৰ্মীয় উদাৰতাৰ পৰিচয় দিছিল, সেয়া হয়তো এতিয়াৰ যুগৰ অধিকাংশ লোকেই দিব পৰা নাই ৷ হজৰত চেলিম চিস্তিৰ দৰগাহলৈ যাওঁতে বুলন্দ দৰৱাজাখন দেখি অবাক হ’লোঁ ৷ বুলন্দ দৰৱাজাক পৃথিৱীৰ ভিতৰতে ওখ দৰজা বুলি কোৱা হয় ৷ সঁচাকৈয়ে বৰ ওখ ৷ দৰগাহৰ চৌহদত হজৰত চেলিম চিস্তিৰ পৰিয়ালৰ মানুহৰ কবৰসমূহো আছে ৷ চৌহদৰ ভিতৰত দৰগাহত দিবলৈ নানৰঙী সৰু-বৰ চাদৰ, ‘মন্নত কী ধাগা’ আৰু গোলাপৰ পাপৰি বিক্ৰী কৰে ৷ চাদৰসমূহ বহুত বেছি দামৰ পৰা তুলনামূলকভাৱে কম দামলৈকে আছে ৷ অৱশ্যে কিনিবই লাগিব বুলি কোনেও জবৰদস্তি নকৰে ৷ চাদৰসমূহ উছৰ্গা কৰাৰ পাছত দুখীয়া লোকক দান কৰা হয় যাতে তেওঁলোকে ঘৰুৱা উৎসৱ-পাৰ্বন বা বিয়া-বাৰুত ব্যৱহাৰ কৰিব পাৰে ৷ আমি দৰগাহত চাদৰ দি মন্নত কী ধাগা বান্ধিলোঁ ৷ তাত কিছু সংখ্যক লোকে চুফী সংগীত পৰিৱেশন কৰি আছিল৷ অলপ সময় তাতে বহি সংগীত উপভোগ কৰিলোঁ ৷ তাৰ পৰা ওলাই আহি পুনৰ মিনিবাছত উঠি আমি মূল প্ৰৱেশদ্বাৰ পালোঁহি৷ তাতে আমাৰ টেক্সিখন ৰৈ আছিল ৷ ওভতাৰ সময়ত হাইৱে’ৰ কাষত থকা হোটেল এখনত আমি দুপৰীয়াৰ ভাতসাঁজ খাই ল’লোঁ ৷ আগ্ৰা পেঠা, ডালমোঠ, চামৰাৰ বেগ, জেকেট আদি আৰু মাৰ্বলৰ বস্তু বিখ্যাত ৷ বেম্বুশাড়ী নামে এবিধ শাড়ীও বোলে খুব জনাজাত ৷ সেয়ে চিনস্বৰূপে দুই-এপদ বস্তু কিনো বুলি ভাবিলোঁ ৷ বজাৰৰ পৰা আহি গধূলিটো হোম ষ্টে’ৰ চাদৰ ওপৰত যি বহাৰ ব্যৱস্থা আছে তাতেই অলসভাৱে কটাম বুলি ভাবিলোঁ ৷ মুখ-হাত ধুই চাহ-কফি খাই আমি চাদলৈ গ’লোঁ ৷ চাদৰ পৰা গোটেই আগ্ৰা চহৰখন দেখি ৷ তেতিয়া বিজুলী বাতিৰে গোটেইখন জলমলাই উঠিছিল ৷ হট এয়াৰ বেলুনো উৰা দেখিলোঁ ৷ ৰাতিৰ আগ্ৰাখন হেঁপাহ পলুৱাই আমি বহুপৰ ধৰি চাই থাকিলোঁ ৷

পাছদিনা পুৱা হোম ষ্টে’ৰ পৰিয়ালটোক বিদায় জনাওঁতে মোৰ মনটো সেমেকি উঠিছিল ৷ তেওঁলোকে কেতিয়াবা সুযোগ মিলিলে মা কামাখ্যাৰ মন্দিৰত সেৱা কৰিবলৈ গুৱাহাটীলৈ আহিব বুলি জনালে ৷

দিল্লীলৈ ওভতাৰ বাটত অলপ সময়ৰ বাবে হ’লেও আমি গোকুলৰ মূল মন্দিৰত সোমাই সেৱা কৰিলোঁগৈ ৷ অক’মানি অক’মানি ল’ৰাবোৰে ওচৰলৈ আহি আমাৰ কপাল আৰু গালত সেন্দূৰ আৰু চন্দনেৰে ‘ৰাধে ৰাধে’ লিখি দিলে ৷ তাৰপৰা আমি আহিলোঁ মথুৰালৈ৷ কিন্তু তাত দুপৰীয়া এক বজাৰ পৰা আবেলি চাৰে চাৰি বজালৈ মন্দিৰৰ দ্বাৰ বন্ধ থাকে বাবে আমি বাহিৰৰ পৰাই সেৱা কৰি মথুৰাৰ বিখ্যাত পেৰাৰ টোপোলা এটা কিনি দিল্লীলৈ বুলি ৰাওনা হ’লোঁ ৷ দিল্লীত আমি ৰাতিটো থাকি পাছদিনা আবেলি গুৱাহাটীলৈ বিমানেৰে যাত্ৰা কৰাৰ কথা ৷ 

ওভতনি যাত্ৰা সদায়ে সুখ আৰু দুখৰ মিশ্ৰণ ৷ এফালে নিজৰ ঘৰখন সুকলমে গৈ পোৱাৰ হাবিয়াস, আনফালে এৰি অহা ঠাইখিনিলৈ আৰু নো পুনৰ ক’ত অহা হ’ব তেনে ধৰণৰ এক অনুভৱ ৷ তাৰ মাজত সোণসেৰীয়া কথা এইটোৱেই যে প্ৰতিটো ভ্ৰমণে যি অভিজ্ঞতা দিয়ে সি কাহানিও পুৰণি নহয় ৷ মনৰ মাজত ভ্ৰমণৰ অভিজ্ঞতাসমূহ সদায়ে সজীৱ হৈ থাকি যায়৷  

 

        

    

অ
লেখকৰ পৰিচয়

অংগনা চৌধুৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)