৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মাক-কথা : Unfolded Stories of a Mother

লেখকঃ ৰত্নোত্তমা দাস বিক্ৰম • প্ৰকাশিতঃ ৩১ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ৭৫৬ বাৰ পঢ়া হৈছে


 প্ৰথমাংশ, ত্ৰয়োদশ অধ্যায়


 

 শ্ৰেণীকোঠাৰ পৰিধি ভেদি

The Very Pregnant Ratnottama Ma’am

 

মোৰ প্ৰিয় শীতকালিটো আহি দিল্লীৰ দুৱাৰত টোকৰ দিছিলহি৷ শেষৰাতি সিম্‌সিমীয়া জাৰ লাগে৷ এদিন ৰাতিপুৱাতে হঠাতে আহিল এজাক বৰষুণ৷ আহিল আৰু উভতি নগ’ল, ৰাতিলৈকে কিন্‌ কিন্‌কৈ বৰষি থাকিল৷ বৰষুণজাকে যেন বোকোচাত শীত কঢ়িয়াইহে আনিলে৷ পাতল শ্ব’ল এখন গাত মেৰিয়াই মই ধোঁৱাৰ ৰং ধৰা আকাশখন চাই আছিলোঁ৷ মোৰ ভৰুণ গাটো চুই যোৱা চেঁচা বতাহজাক মোৰ ভাল লাগিছিল৷ ঘৰৰ ভিতৰত সজাই থোৱা মোৰ মৰমৰ গাম্‌লাকেইটামান মই বৰষুৰ পানী পোৱাকৈ উলিয়াই দিব বিচাৰিছিলোঁ৷ সৰু সৰুকেইটা এটা এটাকৈ উলিয়াই দিলোঁ৷ কিন্তু অলপ ডাঙৰকেইটা তেনেকৈয়ে থাকিল৷ মই গধুৰ বস্তু উঠোৱা অনুচিত, নুঠাওঁ৷ মই গমি-পিতি খোজ দিয়া গহীন ধৰণৰ মানুহ এজনী মুঠেও নহওঁ, কিন্তু সেই সময়ছোৱাত মই আছিলোঁ আটাইতকৈ সাৱধানী৷ তেতিয়া মোৰ গৰ্ভাৱস্থাৰ তৃতীয় ষাণ্মসিকৰ শেষছোৱা৷ সেই যে চিলভিয়া প্লাথৰ কবিতটো, ‘এৰিয়েল’ নামৰ সংকলনটোত থকা I am a Riddle in Nine Lines কবিতাটো, তাত কোৱাৰ দৰেই মই যেন তৰমুজ এটাহে হৈ পৰিছিলোঁ৷ ওঁহো, ঠিক মই গোটেইজনী নহয়, কিন্তু মোৰ স্ফীত উদৰ যেন তৰমুজ এটাহে হৈ পৰিছিল৷ এটাৰ পাছৰ এটাকৈ গৰ্ভাৱস্থাৰ স্তৰবোৰ পাৰ কৰি মই তেতিয়া প্ৰায় শেষ স্তৰত৷ আৰম্ভ হৈছিল কিছুমান সৰু-সুৰা নতুন উপসৰ্গ, প্ৰায়ে ভৰিৰ কলাফুলত ক্ৰেম্প্‌ হয়, মাংসপেশী এনেকৈ টানি ধৰে যে চকুপানী ওলাবৰ উপক্ৰম হয়৷ সৰু ছোৱালী এজনীৰ দৰে মোৰ মালৈ মনত পৰে, ঘৰলৈ মনত পৰে৷ মোৰ মানুহজনে যিমানেই আদৰ-যত্ন কৰিলেও মনৰ মাজতে ঠেন্‌-ঠেনাই ভাবোঁ, ঘৰৰ মানুহবোৰ ওচৰত থকা হ’লে কিমান যে ভাল হ’লহেঁতেন৷ কিন্তু এই ভাবটো মই মুখ ফুটাই কাকো কোৱা নাছিলোঁ আৰু এই ভাবটোক মই মোৰ মনত বেছিপৰ ৰ’বলৈও নিদিছিলোঁ৷ মই ভাল লগা কিবা এটা বিচাৰি লওঁ আৰু কৰোঁ৷ তেনেকুৱা সময়তে এবাৰ বিক্ৰম তেওঁৰ কিবা কামত মুম্বাইলৈ যাবলগা হ’ল৷ খোৱামেজত বা ফোনত তেওঁ বাৰম্বাৰ একেটা কথাকে উলিয়াই থাকিবলৈ ল’লে, তেওঁ মুম্বাইত থকা দুটা ৰাতি মোৰ লগত কোন থাকিব৷ মই হাঁহি উৰুৱাই দিব বিচাৰিছিলোঁ, কাৰণ, ৰাতি অকলে থকাটো মোৰ কাৰণে কোনো কথাই নহয়৷ এইটোনো আৰু এটা কথা হ’লনে? কিন্তু গম্ভীৰ মুখ এখন ওলোমাই তেওঁ গহীনাই ক’লে, আগৰ কথা বেলেগ, এই সময়ৰ কথা বেলেগ৷ ময়ো কথাটো গমি চালোঁ, হয়তো, ঘৰৰ ভিতৰত থকা সাধাৰণ ফুলৰ গাম্‌লাকেইটাকে বৰষুণৰ পানী পোৱাকৈ বাহিৰলৈ উলিয়াই দিয়া দূৰৰ কথা, তেতিয়া একেবাৰে সৰু কাম একোটা কৰিবলৈয়ো মোৰ কিছুমান অসুবিধা হয়৷ আনহে নালাগে স্ফীত উদৰৰ কাৰণে ভৰিত মোজাযোৰ পিন্ধাটো বা ভৰিৰ নখ কটাটোও এটা দুৰূহ কাম হৈ পৰে৷ কেনেবাকৈ হাতৰ কিবা এটা যদি পৰি গৈ টেবুল বা বিচনাৰ তল পালেগৈ, তেতিয়াতো আৰু হ’লেই৷ আনৰ সহায় অবিহনে পৰি যোৱা বস্তুপদ তুলিবলৈ অনেক যোগাৰ-যত্ন কৰাৰ পাছতো তুলি আনিব নোৱাৰিবও পাৰোঁ৷ ঠিকেই, কোনোবা লগত থাকিলে আচলতে ভাল হয়৷ কিবা এটা যদি লগা হয়, কিবা যদি অসুবিধা হয়? বেছি ভাবিবলগা নহ’ল, মোৰ লগত মোৰ দুগৰাকী প্ৰিয় ছাত্ৰী থাকিল৷ মণিপুৰী ছোৱালী অবিনাশদেৱী আৰু নগা ছোৱালী চেত্য’লে’ টুন্যি সেই সময়ত আছিল আমাৰ বিভাগৰ তুলনামূলক ভাৰতীয় সাহিত্যৰ এম. ফিল.ৰ ছাত্ৰী৷ মোৰ লগত থাকিবলৈ সিহঁত ইমানেই স্ফূৰ্তি পালে যে সিহঁতৰ স্ফূৰ্তি দেখিয়েই মোৰো মনটো ভাল লাগিল৷ তেতিয়ালৈ মোৰ নিশাচৰ স্বভাৱটোৰ কমাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু ভালেখিনি সফলো হৈছোঁ৷ তথাপি সিহঁত দুজনী অহাৰ দিনা ৰাতি আমি বেছ আড্ডা মাৰিলোঁ৷

বহুতো ছাত্ৰ-ছাত্ৰীৰ সৈতে মোৰ বেছ নিবিড় সম্পৰ্ক৷ তাৰে কিছুমানৰ সৈতে বেছ ঘৰুৱা সম্পৰ্কও গঢ় লৈ উঠে৷  ইতিমধ্যে মোৰ কেইবাজনীও ছাত্ৰী মিলি মোক লৈ এটা বৰ মজাৰ কাম কৰি থৈছিল৷ সিহঁতে এদিন ক’লে, মেম্‌, আপোনাক আমি এদিন কিবা ৰান্ধি খুৱাম আৰু পূৰা দিন এটা আপোনাৰ সৈতে কটাম৷ মই ‘ফুডী’ নহয় বুলি সিহঁতে জানিও মোক সুধিছিল, আপোনাৰ কি কি ‘প্ৰেগনেন্সী ক্ৰে’ভিং’ হৈছে আমাক লিষ্ট এখন দিব৷ মোৰ হাঁহি উঠিছিল৷ সঁচাকৈয়ে মোৰ তেনে কোনো craving হোৱাই নাছিল৷ কওঁতে সিহঁতে বিশ্বাস কৰা নাছিল যেন লাগিছিল৷ যিমানদূৰ মনত পৰে, বুদ্ধিটো দিছিল এস্থাৰ নামৰ নগা ছাত্ৰীগৰাকীয়ে, ঠিক আছে মে’ম, আপোনাৰ বাৰু একো বিশেষ ক্ৰেইভিং নাই, কিন্তু কিবা নাখায় নেকি ক’ব৷ আমি সেইমতে প্লেন কৰিম৷ আচলতে মোৰ তেনে কোনো কথা নাছিল৷ মই মাথোঁ সাৱধানে সুষম ঘৰুৱা খাদ্য খাইছিলোঁ৷ যিকোনো ধৰণৰ হানিকাৰক খাদ্য এৰাই চলিছিলোঁ৷ এদিন বেছ পৰিকল্পনা কৰি সিহঁত মোৰ ঘৰলৈ দিনটোৰ কাৰণে আহিছিল৷ এস্থাৰ, অবিনাশদেৱী, পাখ’মেই ৰাচিলা, চেত্য’লে’হঁত৷ নিজে আনি ৰান্ধি-বাঢ়ি মোক খুৱাইছিল, ঘৰত আৰু মোৰ ছাদবাৰীখনত মোৰ সৈতে এসোপামান ফটো উঠিছিল আৰু মোৰ মনত থাকি যোৱাকৈ এটা ধুনীয়া দিন উপহাৰ দিছিল৷ অ’, উপহাৰ বোলোঁতে মনলৈ আহিছে, সিহঁতে মোক কিবা উপহাৰ দিবও বিচাৰিছিল, সিহঁতে বোলে ঘৰবোৰত দেখিছে, গৰ্ভাৱতী নাৰীগৰাকীক উপহাৰ দিয়ে৷ কিন্তু এইক্ষেত্ৰত মই নিজে বান্ধি লোৱা মোৰ নিয়ম সিহঁতক উলংঘা কৰিবলৈ দিয়া নাছিলোঁ৷ মোৰ নিয়মনো কি সেয়াও বাৰু কওঁ৷ শিক্ষক হিচাপে মই মোৰ ছাত্ৰ-ছাত্ৰীৰ পৰা একো দামী উপহাৰ নলওঁ আৰু পইচা খৰছ হোৱা একো নাখাওঁ৷ দুহেজাৰ এঘাৰ চনৰ পৰা মই গৱেষণাৰ তত্ত্বাৱধায়ক হিচাপেও মোৰ এই নিয়মটো মানি আহিছোঁ৷ মোৰ নিয়মৰ সপক্ষে মোৰ যুক্তিও আছে অকাট্য৷ অতি বিশেষ উপলক্ষ্যতহে এই নিয়ম সলনি হয়, যেনে, গৱেষণা সম্পূৰ্ণ কৰা, চাকৰি পোৱা, বিয়া-বাৰু হোৱা বা তেনে ধৰণৰ কিবা৷ কিন্তু ল’ৰা-ছোৱালীহঁতে তাৰ মাজতে মই না ক’ব নোৱাৰা কাণ্ড কিছুমান কৰি থাকে৷ মই বান্ধ খাই যাওঁ আৰু মোৰ হৃদয় শিক্ষক হোৱাৰ আনন্দেৰে ভৰি পৰে৷ সেইদিনাও সিহঁত আহি ওলাইছিল সিহঁতৰ নিজৰ নিজৰ ঘৰৰ সিহঁতলৈ পঠিউৱা খোৱা-বস্তুৰ টোপোলা কিছুমান, চকোলেট আৰু মোৰ প্ৰিয় ফুলৰ তোৰা লৈ৷ না কৰিব নোৱাৰা মৰমবোৰ মই আকোঁৱালি লৈছিলোঁ৷ সেই দিনটো মই বৰ আলফুলে সোঁৱৰোঁ৷

মোৰ সেই দিনকেইটাত মনত ৰৈ যোৱা এটা উপহাৰ মোক দিছিল মোৰ আন এগৰাকী প্ৰিয় ছাত্ৰী পল্লৱী নেগীয়ে৷ নাইনিতালৰ এই কেঁকোৰাচুলীয়া ছোৱালীজনীয়ে তেতিয়া মোৰ ওচৰত এম্‌ ফিল্‌ কৰি আছিল আৰ নিয়মীয়াকৈ তাই মোৰ ওচৰলৈ আহি তাইৰ কাম দেখুৱাইছিল৷ তাইৰ নিয়মানুৱৰ্তিতা দেখি মই সন্তুষ্ট হৈছিলোঁ, কিন্তু তাইৰ পৰিকল্পনা আছিল অন্য৷ তাইৰ সেই পৰিকল্পনাৰ কথা মোক কোৱা নাছিলল৷ অৱশেষত ঠিক পাঁচ ছেপ্টেম্বৰ তাৰিখটো মিলাকৈ তাই সম্পূৰ্ণ কৰা গৱেষণা কণিকাখন মোৰ হাতত তুলি দিছিল৷ তাইৰ মতে, মোৰ জীৱনৰ বিশেষ শিক্ষক দিৱসটোত তাই বিশেষ উপহাৰ এটা দিব বিচাৰিছিল আৰু তাইৰ গৱেষণা কণিকাখনেই আছিল সেই বিশেষ উপহাৰটো৷ পকাবন্ধা ডিযাৰটেশ্বনখনৰ মেৰুণৰঙী মলাটটো মই আলফুলে চুই চাইছিলোঁ আৰু স্বাভাৱিকতে মোৰ ওঁঠেৰে শিক্ষক হোৱাৰ আনন্দ এধানি বিৰিঙিছিল৷

সেই সময়ত মোৰ আন এজন পি. এইছ. ডিৰ ছাত্ৰ ৰাজস্থানৰ সায়ৰ সিং চোপ্ৰা, এম ফিলৰ ছাত্ৰ মণিপুৰৰ ৱেপান আৰু মোৰ স্নাতকোত্তৰৰ কেইবাটিও ছাত্ৰ-ছাত্ৰীৰ সৰু-বৰ সহায়বোৰো মোৰ মনত পৰে৷ (দিল্লীতে থকা হাৰিয়ানাৰ আৰুছি মালিকৰ কথা আগৰ এটা অধ্যায়ত লিখিছিলোঁ৷)

বিশ্ববিদ্যালয়ৰ বিভাগত থকা মোৰ কোঠাটোলৈ অথবা মোৰ ঘৰলৈ মোৰ ছাত্ৰ-ছাত্ৰীবোৰৰ আহ্-যাহ্‌ চলিয়েই থাকে৷ মোৰ গৰ্ভাৱস্থাৰ সেই সময়ছোৱাত মোৰ এগৰাকী সম্পূৰ্ণভাৱে দৃষ্টি প্ৰতিবন্ধী গৱেষক ছাত্ৰী আছিল৷ মেধাৱী, কিন্তু দৃষ্টিহীন ছাত্ৰী এগৰাকীৰ পি. এইছ. ডি. গৱেষণাৰ তত্ত্বাৱধায়ক হোৱাটো এক প্ৰকাৰে প্ৰত্যাহ্বান৷ কিন্তু তাইৰ মেধা আৰু অধ্যাৱসায়ে সেই প্ৰত্যাহ্বান সহজ কৰি তুলিছিল৷ পাছলৈ তাই সময়মতে গৱেষণা সম্পূৰ্ণ কৰাই নহয়, দিল্লী বিশ্ববিদ্যালয়ৰ কলেজত স্থায়ী অধ্যাপকৰ পদো পাইছিল৷ য়ামিনী মালহোট্ৰা নামৰ এই প্ৰিয় ছাত্ৰীগৰাকীৰ কথা কেতিয়াবা বহলাই লিখিবৰ মন আছে৷ এতিয়ালৈকে মোৰ যিমানবোৰ গৱেষক ছাত্ৰ-ছাত্ৰীয়ে মোৰ ওচৰত গৱেষণা সম্পূৰ্ণ কৰিছে, তাৰ ভিতৰত য়ামিনীৰ কষ্ট আৰু সাহসক মই আটাইতকৈ শ্ৰদ্ধা কৰোঁ৷ তাইক দিক্‌-দৰ্শন কৰাটো মোৰ কাৰণেও বিশেষ অভিজ্ঞতা আছিল৷ তাইক সদায়ে তাইৰ দেউতাকে হাতত ধৰি মোৰ বিভাগলৈ আৰু মোৰ ঘৰলৈ লৈ আনিছিল৷ সেই সময়ত যিহেতু তাইৰ গৱেষণাৰ কাম চমু চাপি আহিছিল আৰু গৱেষণা পত্ৰ জমা দিয়াৰ প্ৰস্তুতি চলাই আছিল, তাই মোৰ সৈতে সঘন যোগাযোগত আছিল৷ আমাৰ দিল্লী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাবোৰৰ ক’তো লিফ্ট নাই৷ লিফ্ট নথকা তৃতীয় মহলাত থকা মোৰ কোৱাৰ্টাৰলৈ তাই দেউতাকৰ হাতত ধৰি খুপি খুপি উঠি অহাটো মোৰ অলপ বেয়া লাগিছিল৷ অন্যহাতে তায়ো মোৰ তেনে অৱস্থাত মোক আমনি দিয়া বুলি প্ৰায়ে আফ্‌ছোছ কৰিছিল৷ নাই, তাই মোক মুঠেও আমনি দিয়া নাছিল৷ মেধাৱী ছোৱালীজনীক সহায় কৰি মোৰ ভালহে লাগিছিল৷ এদিন মোৰ মনলৈ এটা ভাব আহিল, মোৰ আন সকলো ছাত্ৰ-ছাত্ৰীয়ে মোক সিহঁতৰ ‘চকুৰে’ দেখিছে, সিহঁতৰ চকুৰ সমুখতে মোৰ সগৰ্ভা শৰীৰৰ পৰিৱৰ্তনবোৰ দেখিছে৷ কিন্তু য়ামিনীয়েতো মোক কেতিয়াও ‘দেখা’ নাই! আৰু বিশেষকৈ তাইতো ‘দেখা’ নাই মোৰ বাঢ়ি অহা উদৰ৷ তাইক মোৰ ‘দেখুৱাবৰ’ মন যায়, the very pregnant ratnottama ma’am!

এদিন মই এটা কাম কৰিলোঁ৷ সেইদিনা সন্ধা য়ামিনী মালহোট্ৰা দেউতাকৰ হাতত ধৰি সৈতে মোৰ ঘৰলৈ আহিছিল৷ দেউতাক আমাৰ চ’ৰাকোঠাত বহিছিল আৰু এজাপ প্ৰিণ্ট আউট তাই মোলৈ আগবঢ়াই দিছিল৷ য়ামিনী আৰু মই ডাইনিং টেবুলতে কিতাপ-পত্ৰ, লেপটপ্‌ আদি লৈ বহিছিলোঁ৷ তাই আধুনিক সাধন কিছুমান ব্যৱহাৰ কৰি পঢ়া-শুনা কৰে৷ ব্ৰেইলীৰ সহায় লয়৷ সহায়কাৰীৰ সহায় লৈ টাইপ কৰোৱায় আৰু মই চাই দিব পৰাকৈ মোলৈ ই-মেইল কৰে, প্ৰিণ্ট আউটবোৰ আনি মোক দেখুৱায়৷ আমাৰ পঢ়া-শুনা শেষ নহয় মানে তাইৰ শান্ত দেউতাকজন শান্তভাৱে চাহ একাপ লৈ বা বাতৰি কাকত এখন লৈ বহি থাকে৷

 মোৰ স্পষ্টকৈ মনত আছে, সেইদিনা বতৰটো আছিল অলপ গোমা আৰু বৰষুণীয়া৷ আমি ইতিমধ্যে জাৰকালিৰ উমাল কাপোৰবোৰ উলিয়াইছিলোঁ৷ মই য়ামিনীক বিভাগলৈ নামাতি ঘৰলৈকে মাতি পঠাইছিলোঁ৷ সেইদিনাও য়ামিনীয়ে মোক ‘আমনি’ দিয়াৰ কাৰণে অকণমান দোষী-দোষী চৰী এটা কৈছিল৷ মই আনদিনাৰ দৰেই তাইক সহজ কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ কিন্তু তাইক পঢ়ুৱাই থকাৰ মাজতে তাই হঠাতে সুধিলে, মেম, আপোনাৰ ভাগৰ লাগিছে? মই নেদেখিলেও আপোনাৰ মাতটোতে গম পাইছোঁ৷ মই মিছা নামাতিলোঁ, —ওঁ, অকণমান৷ কিন্তু একো নহয়, এনেকুৱা সময়ত এনেকুৱা হয়েই৷ তুমি একদম একো চিন্তা কৰিব নালাগে৷ বাকীখিনি কাম উলিওৱাঁ৷

ক্ষীণ-মীন ছোৱালীজনীয়ে হাতেৰে খেপিয়াই খেপিয়াই বেগৰ পৰা কিতাপ-কাগজৰ জাপবোৰ উলিওৱা কামটো সদায়ে বিস্ময়েৰে চাই ৰওঁ৷ কামবোৰ তাই যেন তৃতীয় নয়ন এটাৰেহে কৰে৷ আৰু এনে লাগে যেন তাইৰ ধুনীয়া আঙুলিবোৰতো কিজানি দৃষ্টি থাকে৷ তাইৰ বগা ধুনীয়া মুখখনত দৃষ্টিহীন চকু দুটা ডাঙৰ ডাঙৰ৷ ডাঠ বৈ পৰা চেলাউৰি৷ দীঘল চুলিকোচা তাইৰ মাকে সাথন লগাই দীঘল বেণী এডাল গুঠি দিয়ে৷ কামবোৰ ইমান ভালকৈ কৰে তাই, কথাবোৰ ইমান ধুনীয়াকৈ কয় তাই৷ কিন্তু তাইৰ চকুৰ পোহৰ নাই৷ চকুত পোহৰ নথকা পোহৰ-পোহৰ ছোৱালীজনীক তাইৰ very pregnant Ratnottama Ma’amজনীক দেখুৱাবলৈ মোৰ বৰ মন গৈছিল৷ মোৰ বাকী সকলো ছাত্ৰ-ছাত্ৰীয়ে মোৰ সগৰ্ভা ৰূপটো দেখিছে, কেৱল তাইহে… সেইদিনা মই এটা কাম কৰিলোঁ, হঠাতে মই তাইক সুধিলোঁ, য়ামিনী, মোৰ কণমানিকণ চুই চাবা?  তাইৰ গালে-মুখে যেন মই তৰাফুল কিছুমানহে চটিয়াই দিলোঁ৷ চকুৰে দেখা নোপোৱা চকুও যে উজলি উঠিব পাৰে, সেই মুহূৰ্তত মই দেখা পাইছিলোঁ৷ তাই আগবঢ়াই দিয়া লাহি হাতখন ধৰি মই আলফুলকৈ মোৰ ভৰুণ উদৰত ৰাখিলোঁ৷ দেখকচোন, তায়ো ‘দেখক’, সিহঁতৰ সগৰ্ভা শিক্ষকগৰাকীক তায়ো ‘চাওক’৷

অলপ সংকোচ, অলপ আশ্চৰ্য আৰু অশেষ আনন্দত দৃষ্টিহীন ছোৱালীজনীয়ে মোৰ কণমানিকণ সোমাই থকা মোৰ স্ফীত উদৰত তাইৰ লাহে লাহে হাত ফুৰালে৷ মই নিশব্দে হাঁহি থাকিলোঁ৷ তাই কিজানি মোৰ হাঁহিটো ‘দেখিছিল’৷ মোৰ মাজত থকা মোৰ কণমানিকণেও কিজানি কথাটো বুজি পাইছিল৷ কৈছোঁৱেই, তেতিয়ালৈ মই পূৰ্ণগৰ্ভা আসন্নপ্ৰসৱা৷ মোৰ কণমানিকণ মোৰ উদৰত বেচ তজ্‌বজীয়া৷ যেতিয়াই তেতিয়াই লঠিয়াই নিজৰ অস্তিত্ব মোক সোঁৱৰাই থাকে৷ য়ামিনী মালহোট্ৰাই মোৰ উদৰ হাত বুলাওঁতে মোৰ কণমানিকণেও সঁহাৰি দি লৰ-চৰ কৰি উঠিছিল৷ য়ামিনীয়ে যেন সুগন্ধি পখিলাৰে ভৰা ফুলৰ তোৰা এটাহে চুই দিছিল৷ খিল্‌-খিল্‌ পখিলা এজাক উৰি গৈছিল৷ জাক জাক ৰঙীন পখিলাবোৰে পূৰ্ণগৰ্ভা শিক্ষক এগৰাকী আৰু দৃষ্টিহীন ছাত্ৰী এজনীক চানি ধৰাৰ সেই মুহূৰ্তটো মই এতিয়াও দেখোঁ৷ সেই মুহূৰ্তটো মই সাঁচি ৰাখিছোঁ৷ মই জানো, সেই মুহূৰ্ততো য়ামিনীয়েও মোৰ দৰেই ‘দেখে’, তায়ো সেই মুহূৰ্তটো মোৰ দৰেই সাঁচি ৰাখিছে৷

(আগলৈ)

(অহা সংখ্যাত সমাপ্ত)

***

(লেখকৰ ফোন- 9868023484)

 

 

 

ৰ
লেখকৰ পৰিচয়

ৰত্নোত্তমা দাস বিক্ৰম

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)