৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

উত্তৰ পাৰৰ পদ্য

লেখকঃ হিৰণ্য তালুকদাৰ • প্ৰকাশিতঃ ৩০ আগষ্ট, ২০২০
৩ মিনিট পঠন • ২৯৪৪ বাৰ পঢ়া হৈছে

হিৰণ্য তালুকদাৰ

 

বৰ লুইতৰ             বিশাল বুকু

          মাজত চৰা ঢৌ,

দুয়োপাৰে আছে           নৈ উপনৈ

         পানীত বৰালি, ৰৌ।

 

উত্তৰে বয়              সোৱণশিৰি

         বালিত কমায় সোণ,

গাভৰু আৰু             ৰঙানৈৰ পাৰত

         ৰাতি পূৰ্ণিমাৰ জোন।

 

বৰনদীত উঠে         বাৰিষাৰ  ঢল

         বৰলীয়াত আহে বান,

পাগলাদিয়াৰ           পগলা মেজাজ

        মানুহে বুজাই টান।

 

চম্পাৱতী নৈৰ          সাৰুৱা দুপাৰ

          বাৰিষা ওফন্দে বুকু,

নোৱা নদী ভৰা       মোৱা মাছজাক

          থৰ লাগি ৰয় চকু।

 

জীয়াভৰলী           খৰস্ৰোতা বৰ

           পাৰত পিছল শিল,

আই নদীত            ৰেলৰ সাঁকো

           বালিচন্দা জিলমিল।

 

বেকী নৈৰ আছে             একা-বেঁকা সুঁতি

            পুঠিমাৰিত পুঠি মাছ,

মানাহৰ পাৰৰ           শুকুলা শিলত

            ভাগৰ জিৰায় কাছ।

 

টিপকাই আৰু         গদাধৰৰো

          আছে আৰু বহু কথা,

নৈপৰীয়াৰ          নাওখনেই সাহ

         বিচিত্ৰ জীৱন গাথা।


কবিৰ ঠিকনা: 

নলবাৰী, ভ্ৰাম্যভাষ: ৭০০২১ ৪৭৪৫৪

হ
লেখকৰ পৰিচয়

হিৰণ্য তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)