৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শিল কথা

লেখকঃ নীলকান্ত শইকীয়া • প্ৰকাশিতঃ ২৫ মাৰ্চ, ২০২৫
১ মিনিট পঠন • ১৯৩৮ বাৰ পঢ়া হৈছে

নীলকান্ত শইকীয়া

হঠাৎ শিলগুটিবোৰ ক’ৰ পৰা আহে

মানুহ যেতিয়া জিলিকি উঠে।

কিয়বা  ঈৰ্ষাৰ শিলাবৃষ্টি

খোজ দৃঢ় নহ’লে ওলাব নোৱাৰে কেনিও।

টেলিভিছনত শিল, বাতৰি-কাকতত শিল

বন্ধুৰ হাতত শত্ৰুতা

মাৰি থাকে টলকিব নোৱাৰাকৈ চৰিত্ৰলৈ।

শিলেই ছক্ৰেটিছক বিহপান কৰালে

জুইত পেলাই মাৰিলে কিমানক

গাৰ্গীৰ জিভালৈ খং

ঋষি যাজ্ঞবল্ক্যৰ শিলভাবনাৰ।

শিলগুটিবোৰ অৱনমনৰ অন্যৰূপ

আৰোহণো ঘটিব পাৰে

জানিব  লাগিব শিলক পানী কৰা মহামন্ত্ৰ।

 ***

ভ্ৰাম্যভাষ - ৯৯৫৪৪৮৫৩৪২

ন
লেখকৰ পৰিচয়

নীলকান্ত শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)