৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শিপা

লেখকঃ উদয় কুমাৰ বৰুৱা • প্ৰকাশিতঃ ৩১ জানুৱাৰী, ২০২২
২ মিনিট পঠন • ১৯৯১ বাৰ পঢ়া হৈছে

উদয় কুমাৰ বৰুৱা

 

খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত

মোৰ প্ৰথম প্ৰেম

মোৰ পৰা গোলাপ জোপালৈ

এটা অদৃশ্য বাট

 

গোলাপজোপাৰ মনত এটা

সপোনে শিপায়

এদিন টিক টিককৈ ৰঙা হৈ ফুলিব

বাটৰুৱাই ৰৈ ৰৈ চাব

হাঁহি থকা ৰঙাকলি এটাই

পুৰণি কোটৰ জেপ এটাক ঈৰ্ষাত জ্বলাব

 

গ'ল ৰাতি টোপনিৰ দীঘল বাটেৰে নামি

সপোনটো মোৰ অৱচেতনত

থিতাপি ল'লে

 

নিমিষতে সপোনটো নিষিক্ত হৈ

ময়ো হ'লো এটা গোলাপৰ পুলি

মেলি দিলো ডাল-পাত

 

ফুলাৰ আনন্দত যেতিয়া নাচি উঠে

মন-প্ৰাণ শিপাইনো কেনেকৈ থাকে

যোগান নধৰাকে জোখাৰে আহাৰ-পানী

 

শিপাৰ পৰাই আৰম্ভ হয় নেকি

সপোনে খেদা মানুহৰ অণিৰ্ণেয় যাত্ৰা...

উ
লেখকৰ পৰিচয়

উদয় কুমাৰ বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)