৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ওমলা পদ্য

লেখকঃ নিৰু দত্ত • প্ৰকাশিতঃ ৩০ এপ্ৰিল, ২০২৪
৩ মিনিট পঠন • ৪১৯১ বাৰ পঢ়া হৈছে

 নিৰু দত্ত


জিলমিল জোনাকত

    তিৰবিৰ তৰাই

        টিপটিপ চকুৰে

            মইনাক জোকায়।

 

জিকিমিকি জোনাকী

        আন্ধাৰ ফালি ওলায় 

           চিকিমিকি পোহৰ দি

                ধৰাৰ  জেউতি চৰায়।

ৰিবৰিব বা লাগি

       চিলচিল চিলাই

           বিয়লি উৰি উৰি

               মইনাক  দৌৰায়।

  গিৰগিৰ মেঘে গাজে

      ক'লা মেঘ দৌৰে

          চমক চমক বিজুলী

             কিনো জেউতি চৰে।

            

জিৰজিৰ জুৰিটিৰ

     খিলখিল হাঁহি

          হিৰহিৰ বৰষুণ

                ডিঙা উঠে ভাঁহি।

বিৰবিৰ নুফুটা মাত

    জিকমিক মোৰ ভনী

        মিচিকিয়া কোমল হাঁহি

            পৰাণৰ  জুৰণি ।

মিলমিলিয়া হাঁহিৰে

    টিমটিম সোমাই আহি

        ঘিটমিটিয়া আন্ধাৰত

             খালে এটা উজুতি।

চিলমিলিয়া টোপনিত

        সোণৰ মিচিকি হাঁহি

             ধাইমাকে ফুচুলাই

                  দূৰৈত বজাই বাঁহী।

 

ঠিকনা:

 সৰুপথাৰ -৭৮৫৬০১

গোলাঘাট

ভ্ৰাম্যভাষ : ৭০০২২৪১১৪৫

ন
লেখকৰ পৰিচয়

নিৰু দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)