৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চৰাইবোৰৰ কথা

লেখকঃ স্বপ্নালী কলিতা • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২১
৩ মিনিট পঠন • ৩৬৪৩ বাৰ পঢ়া হৈছে

স্বপ্নালী কলিতা

আবেলি নীহাৰে বাৰাণ্ডাত বহি 

ককাকক মাতিলে আহাঁচোন বুলি।

হয়নে অ’ ককা! কথা এটা সুধিম মই

ভাবি-গুণি ক’বা।

ককায়ে বোলে সোণ মোৰ

সুধিবিচোন বাৰু,

উত্তৰটো জানিলে নক’মনে আৰু!

ককা ককা !

অসমত পোৱা চৰাইবোৰৰ

নামবোৰ মোক কোৱা।

সোণামুৱা মোৰ শুন তেনেহ’লে

      জনা চৰাইবোৰৰ নাম,

পাছত সুধিলে ক’ব  লাগিব কিন্তু

          নোৱাৰিলেহে চাম।

ভাটৌ, টুনি, কুলি, কপৌ

         ধনেশ, চিলনী, ফেঁচা,

হুদু, মাছৰোকা আৰু বাঢ়ৈটোকা

             বুলবুলি,বৰটোকোলা।

মৌপিয়া আছে পানীপিয়া আছে

           কেতেকী, সখিয়তী,

ঘৰচিৰিকা, দহিকতৰা

             আৰু যে চেক্চেকী।

হেঁটুলুকা চৰাই ঢেঁকীটোৰ দৰে

               হেঁটুলুক হেঁটুলুক কৰে,

ইঞ্জিনিয়াৰ বাবু টোকোৰা চৰাইক

                বনচকা বুলিও মাতে।

ফেচুলুকা আৰু আছে ফেঁহু চৰাই

               কুকুৰা, কুকুহা, ডাউক,

বাদুলী, বতা, মইনা চৰাই

              কাউৰী, শালিকা, শগুন।

যমডাকিনী, কৈৰা, কোঢ়া   

              কণামুচৰী আৰু কাইম, 

  বগলী, হাঁহ আৰু দেওহাঁহ

             পাৰ, কুকুৰাও পাম।

ময়ুৰ, পৰ্ঘূমা আৰু হাইঠা

             আছে যে ভদৰকলি,

কটাৰী-ডবুৱা আৰু ভীমৰাজ

             দেখিবা যে বালিমাহী।

সকলো চৰায়ে প্ৰকৃতিখনক

             ৰাখে যে ধুনীয়া কৰি,

কাউৰী পুৱাতে কিচিৰ-মিচিৰকৈ

             নাচে যে চালি ধৰি।

এতিয়া পিছে কিছুমান চৰাই

            পাবলৈ নোহোৱা হ’ল,

মানুহে কৰা ধ্বংসযজ্ঞত

            সবংশে হেৰাই গ’ল।


ঠিকনা:
বৰটিং নাওশলীয়া গাঁও
গোলাঘাট
ফোন নং--৯১০১৮৪০৭৫৭
স
লেখকৰ পৰিচয়

স্বপ্নালী কলিতা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)