৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভেৰেকী মাহীৰ তাঁতশাল

লেখকঃ অৰুণ গগৈ • প্ৰকাশিতঃ ২৪ জানুৱাৰী, ২০২৪
২ মিনিট পঠন • ১৭০৫ বাৰ পঢ়া হৈছে

অৰুণ গগৈ


ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই

           মহুৰা  আছে বাটি

টাকুৰী ঘূৰাই  তগৰী জেঠাই

          কপাহ আছে কাটি ৷

 

ৰূপহী বাইটি কৰি তাঁত-বাতি

          বিহা লেখিছে গণি    

ৰঙাকৈ আঁচোৰে বগাকৈ সূতাৰে

         ব’ব বিহুৱানখনি ৷

 

ৰাঁচত ভৰাই  টোলোঠা মেৰাই

            লগালে তাঁত খনি

বিশ্বকৰ্মা খুঁটি কৰমূলা খুঁটি

        দেখিবলৈ শুৱনি ৷

 

দোৰ্পতি বান্দৰী  দোৱা জৰী

          ব’শালি পুতল ঘোঁৰা

বৰ চিৰি মাজু চিৰি  নাচনী জৰী

            কুকুৰ খৰা মহুৰা ৷

 

আৰু আছে তাঁতশালৰ বহু সঁজুলি

      লোৱা নাই সকলোৰে নাম

ভেৰেকী মেৰেকী মাহীয়ে হাঁহি হাঁহি

      কৰে তাঁতশালৰ কাম ৷

 

ঠিকনা :

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

 

 

 

অ
লেখকৰ পৰিচয়

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)