৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শৰতৰ গান

লেখকঃ ৰচনা পাঠক • প্ৰকাশিতঃ ৩০ এপ্ৰিল, ২০২৪
২ মিনিট পঠন • ২৬৪১ বাৰ পঢ়া হৈছে

                      ৰচনা পাঠক

 নীলিম আকাশে আজি     শুকুলা মেঘেৰে সাজি

        গাই আছে শৰতৰ গান,

ডাৱৰে ঢাকিছে বেলি     লুকাভাকু খেলি খেলি

        যেন এয়া ধেমালিৰ বান৷

কোমল ৰ’দৰ ৰং     সকলোতে খালি চং

        উলাহত নাচিছে ধাননি,

বগী বগী বালিচৰ     এৰি কৰে খৰধৰ

           বৈ যায় বৰনৈখনি৷

এয়া যেন মোৰ আই      মুখনিলে’ জুমি চায়

        সোণ মোৰ আহিছে ঘৰলে’,

কপালত চুমা খাই     দুচকুৰে সুধি চায়

        ‘মইনাটো আছনে কুশলে?’

এয়া ধৰা হাঁহি ভৰা     সেউজী গছেৰে ভৰা

        ওপৰত নীলাভ আকাশ,

কঁহুৱা ফুলৰ নাচ     শৰতে তোলেহি তাত

        জাৰ-জহ সকলো বিনাশ৷ 

ৰ
লেখকৰ পৰিচয়

ৰচনা পাঠক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)