৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অচিন জগতত বাটলু

লেখকঃ স্মৃতিৰেখা দেৱী • প্ৰকাশিতঃ ৩১ আগষ্ট, ২০২৪
৫ মিনিট পঠন • ৩৪৭৮ বাৰ পঢ়া হৈছে

 স্মৃতিৰখা দেৱী


‘আচৰিত! তিনিশ বছৰ ধৰি আমাৰ পৃথিৱীত কিন্তু কোনো প্ৰাণী জীয়াই থাকিব পাৰে বুলি শুনা নাই৷ অৱশ্যে ‘গেলাপাগাছ’ নামৰ এটা বিশেষ দ্বীপত দুশ-আঢ়ৈশ বছৰমানলৈকে এবিধ কাছ জীয়াই থকাৰ বিষয়ে শুনিছোঁ৷’ অকণি অকণি চকুহাল ডাঙৰকৈ মেলি বাটলুৱে ক’লে৷

‘হয় ডাঙৰীয়া৷ আমাৰ পৃথিৱীখনৰ প্ৰায়বোৰ কথাই আপোনালোকৰ সৈতে নিমিলে৷ এতিয়া চাওক, আপোনালোকৰ চৌবিছ ঘণ্টাত এদিন হয়৷ আমাৰ ইয়াত আকৌ আপোনালোকৰ পৃথিৱীৰ প্ৰায় সাতদিন গোটালেহে এদিন হয়৷’ হিঙৰ কথা শুনি বাটলু আচৰিত হ’ল৷ সি সুধিলে–

‘কিন্তু মোৰ দেখোন তেনেকুৱা যেন অনুভৱ হোৱা নাই৷’

‘নোহোৱাটোৱেই স্বাভাৱিক৷’ হিঙে চমুকৈ উত্তৰ দিলে৷ বাটলুৱে আচৰিত যেন লগা কথাবোৰকে ভাবি থাকিল৷ হিঙে আকৌ ক’লে–

‘ডাঙৰীয়া, মই বিশেষ কথা এটাতহে আপোনাৰ ওচৰলৈ আহিছিলোঁ৷ কথা পাতি পাতি সেই বিষয়টো পাহৰিয়ে পেলাইছিলোঁ দেখিছেনে?’

‘বিশেষ কথা! কিনো সেয়া?’ সুধি বাটলুৱে হিঙৰ মুখলৈ চালে৷

‘ইপ্পিয়ে আপোনাক তেওঁৰ অ’ফিচলৈ এবাৰ মাতি পঠিয়াইছে৷ অৱশ্যে যদিহে আপুনি আমনি নাপায়৷ আপোনাৰ সুবিধা মতে গ’লেও হ’ব৷’ এইবুলি কৈ হিং যাবলৈ ওলাল৷ বাটলুৱেও দুখোজ আগ বাঢ়ি গৈ হিঙক বিদায় দিলে৷

...

ইপ্পি ডাঙৰীয়াই মাতি পঠাইছে যেতিয়া নিশ্চয় কিবা জৰুৰী বিষয়েই হ’ব৷ পলম নকৰি সোনকালে যোৱাই ভাল হ’ব৷ এনেয়ে শুই-বহি এনেকৈ থকাতকৈ অকণমান ওলাই যোৱাই ভাল৷ ভাবি থাকোঁতেই বাটি এটাৰ নিচিনা সৰু পাত্ৰ এটাত চকু পৰিল বাটলুৰ৷ পাত্ৰটোৰ ঢাকনিখন আঁতৰাই সি তাত এসোপামান খোৱাবস্তু দেখিলে৷ হিং ডাঙৰীয়াই মোলৈকে লৈ আনিছিল বোধকৰোঁ; কথা পাতি থাকোঁতে ক’বলৈ পাহৰিলে৷

যি হওক খোৱাবস্তুখিনি দেখি তাৰ ভোকটোও বাঢ়ি আহিল৷ কাজু বাদামটোৰ নিচিনা গুটি এটা সি খৰকৈ কুটি কুটি খাই পেলালে৷ লগে লগে তাৰ পেটটো ভৰি পৰিল৷ ডাঙৰকৈ উগাৰ এটা মাৰি সি বাকী খাদ্যখিনি আকৌ ঢাকোন মাৰি থ’লে আৰু ইপ্পিৰ অ’ফিচৰ ফালে যাবলৈ বুলি ওলাল৷

তাক থাকিবলৈ দিয়া ঠাইৰপৰা ইপ্পিৰ অ’ফিচটো কেই মিটাৰমানহে দূৰ হ’ব৷ আচলতে ঘৰ একেটাই৷ সেয়ে সি বাহিৰৰ ৰ’দৰ তাপ সহিবলগীয়া নহ’ল৷ ইজন-সিজনকৈ কেইবাজনো লোকক লগ পালে বাটলুৱে৷ চিনাকী-অচিনাকী আটায়ে তাক অভিবাদন জনালে৷ সিও প্ৰতি অভিবাদন জনালে৷

এইখন জগতৰ লোকসকল ইমান নম্ৰ, ইমান ভদ্ৰ! ভাবি ভাবি আনন্দত তাৰ চকুহাল সেমেকি উঠিল৷

...

‘আহক, আহক মহাশয়৷ আপোনালৈকে বাট চাই আছোঁ আমি৷’

কিবাকিবি ভাবি ভাবি খৰখেজেৰে গৈ কেতিয়ানো ইপ্পিৰ অ’ফিচৰ দুৱাৰমুখ পালেগৈ বাটলুৱে গমকে পোৱা নাছিল৷ ইপ্পিৰ মাত শুনি সি ওপৰলৈ মূৰ তুলি চালে আৰু অপ্ৰস্তুতভাৱেই তেওঁক সম্ভাষণ জনালে৷ কোঠাটোৰ ভিতৰত ভালেকেইজন লোক এখন ডাঙৰ টেবুলৰ চাৰিওফালে বহি আছে৷

ইপ্পিয়ে নিজৰ সোঁহাতখন মাটিত লগাই দিলে৷ বাটলু ইপ্পিৰ হাতত উঠিল৷ ইপ্পিয়ে তাক টেবুলখনৰ ওপৰলৈ উঠাই দিলে৷ সি সকলোকে সম্ভাষণ জনাই টেবুলৰ ওপৰত থকা জুইশলা বাহটোৰ নিচিনা আসনখনত বহি ল’লেগৈ৷ ইপ্পিও খৰখোজেৰে গৈ নিজৰ আসনখনত বহি ক’বলৈ আৰম্ভ কৰিলে–

‘সকলো আহিল যেতিয়া আমাৰ আলোচনা আৰম্ভ কৰোঁ৷’

সকলোৱে সন্মতিসূচকভাৱে টেবুলত ঢকিয়াই ঢকিয়াই মূৰ দুপিয়ালে৷ তেওঁ আকৌ আৰম্ভ কৰিলে–

‘আপোনালোক আটায়ে নি(য় আমাৰ শ্ৰদ্ধেয় অতিথি বাটলু মহাশয়ৰ সৈতে চিনাকি হৈছে৷ এখেত আচলতে এখন বেলেগ পৃথিৱীৰপৰা ঘটনাক্ৰমে আহি আমাৰ গ্ৰীনাত উপস্থিত হ’লহি৷ এখেতলোকৰ জগতখনৰ পৰিৱেশ আমাতকৈ বেলেগ, জলবায়ু বেলেগ, দিন-ৰাতিবোৰো বেলেগ৷ তেনে এখন জগতৰপৰা আহি আমাৰ ইয়াত থাকি নি(য় এখেতে ভাল পোৱা নাই– আত্মীয়-স্বজনৰপৰা আঁতৰি থাকি কাৰনো ভাল লাগে! এখেত দেখাত তেনেই কণমানি, কিন্তু বহুত কথা জানে এখেতে৷ ইমান কম দিনৰ ভিতৰতে এখেতে আমাৰ গ্ৰীনাৰ বিষয়েও বহু কথা জানি পেলাইছে৷ এখেতলোকৰ পৃথিৱীখন সেউজীয়া, গছ-গছনিৰে ভৰা৷ ঠিক কেইশমান বছৰৰ আগতে আমাৰ গ্ৰীনা যেনেকুৱা আছিল তেনেকুৱাই৷ আমি যে বিভিন্ন গছৰ সঁচ সংগ্ৰহ কৰি আনি আমাৰ গ্ৰীনাক আকৌ সেউজীয়া কৰি তুলিবলৈ যত্ন কৰি আছোঁ, সেইবোৰ সঁচ এখেতলোকৰ জগতখনৰপৰাই আমি সংগ্ৰহ কৰিছোঁ৷ এতিয়া কথা হৈছে, আমি অনা সকলো গছৰ সঁচ আমি ইয়াত বচাব পৰা নাই৷ সিদিনা বাটলু মহাশয়ে আমাৰ পৰীক্ষাগাৰ দৰ্শন কৰিছিল৷ আমি গছবোৰ ৰুবলৈ কৰা যত্নৰ এখেতে প্ৰশংসা কৰিছিল যদিও আমাৰ গছবোৰ বচাই ৰাখিবলৈ কিবা কৌশল আমাক জনাম বুলিও কৈছিল৷’

আটায়ে আনন্দ প্ৰকাশ কৰি হাতচাপৰি বজোৱাৰ দৰে কৰিলে৷ ইপ্পিয়ে পুনৰ ক’বলৈ ধৰিলে–

‘এখেতে নি(য় আমাৰ জগতখনৰ মঙ্গল চিন্তা কৰে৷ সেয়েহে এখেতে উপযাচি আমাক এনে কৌশল শিকাবলৈ ইচ্চা প্ৰকাশ কৰিছে৷ এনে এজন কল্যাণকামী বন্ধু লাভ কৰি আমি আনন্দিত হৈছোঁ৷ এতিয়া মই মাননীয় বাটলু মহোদয়ক গছ ৰোৱাৰ কৌশল তথা সেইবোৰ ডাঙৰ হোৱালৈকে বচাই ৰখাৰ কৌশল সম্পৰ্কে আমাক জনাবলৈ অনুৰোধ কৰিছোঁ৷’

বাটলু হতভম্ব হ’ল৷ হ’বৰে কথা! সিটো গছ ৰুই পোৱা নাই৷ সি কিয়কোনো এজন সেউজপুৰীয়াই আজিলৈকে গছ এজোপা ৰুই পোৱা নাই৷

(আগলৈ)

স
লেখকৰ পৰিচয়

স্মৃতিৰেখা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)