৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শাৰদী ৰাণী

লেখকঃ অৰুণ গগৈ • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২৫
২ মিনিট পঠন • ২৯৩৫ বাৰ পঢ়া হৈছে

অৰুণ গগৈ

                   

 

শৰত কালত       সন্ধিয়া পৰত

        শেৱালিয়ে মাৰে হাঁহি,

ফুলনি মাজত     ৰূপহী সাজত

      ফুলবোৰে মেলে পাহি ৷

 

আকাশ নিৰ্মল    ডাৱৰ কোমল

     জোন-তৰাৰ ধেমালি,

ফুলিল কঁহুৱা     মন উৰণীয়া

     ময়ূৰে ধৰিলে চালি ৷

 

ডেউকা কোবাই     উৰিছে বেগাই

         শৰালি চৰাইজাক,

বনৰ মাজত      পাতৰ আঁৰত

         বনকুকুৰাৰ ডাক ৷

 

কলীয়া ডাৱৰ     হ’ল যে আঁতৰ

        বাট-পথ ফৰকাল,

নাই বোকা পানী    শুৱনি ধৰণী

      নাই কোনো আহুকাল। 

   

প্ৰকৃতি শুৱনি     শাৰদী ঐ ৰাণী

      পিন্ধিছে ৰঙৰ চোলা,

ফুলে পাতে আহি    মাৰিছেহি হাঁহি

        পাতিছে সৰগী মেলা ৷

 

 


অ
লেখকৰ পৰিচয়

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)