৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আঘোণ

লেখকঃ অৰুণ গগৈ • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২৪
২ মিনিট পঠন • ১০৩৮ বাৰ পঢ়া হৈছে

      অৰুণ গগৈ

          

আঘোণ মাহত     সোণালী সাজত

       পথাৰ উপচি পৰে

চহাৰ প্ৰাণত      সৰল মনত

      সুখৰ মুকুতা সৰে ৷

 

সোণালী ধাননি      শুৱনি দাৱনী

         ভৰি পৰিছে পথাৰ

খোজত নাচিছে     ছন্দত হালিছে

       জোনবিৰীয়াৰ ভাৰ ৷

      

ধানৰ মাজত    পাতৰ আঁৰত

          বতাচৰাইৰ মাত

ডেউকা কোবাই     উৰিছে বেগাই

      কঁপিছে ধানৰ পাত ৷

 

সোণালী পথাৰ      হেঁপাহ হেজাৰ

      দাৱনীৰ কথাৰ মেলা

লৱৰি ঢাপৰি       লেচেৰি বিচাৰি

      সমনীয়াই কৰে খেলা ৷

 

ভৰিছে ভঁৰাল       নাই আহুকাল

      সুখৰ নিজৰা বয়

আঘোণ মাহত       গাঁৱৰ ঘৰত

      ন-খোৱা আৰম্ভ হয় ৷

 

ঠিকনা:

গাঁও: মৰিয়নী নগাঁও

 ডাক : নাগাজাংকা  

 জিলা : যোৰহাট

 ডাক সূচাংক : ৭৮৫৬৩৪

 ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

 

 

অ
লেখকৰ পৰিচয়

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)