স্পন্দন সমীৰ
তৃতীয় অধ্যায়
নীৰেণ বৰুৱা ছাৰৰ ঘৰৰ পৰা বিদায় লৈ ঘূৰি আহোঁতে সিদিনা ৰাতি প্ৰায় এঘাৰটামান বাজিছিল৷ কুঁৱলীয়ে ঢকা ডিব্ৰুগড় নালিয়াপুলৰ ৰাজপথটো সম্পূৰ্ণ অন্ধকাৰত ডুব গৈ আছিল৷ তেতিয়া বোধহয় বিজুলী কৰ্তন কৰিছিল৷ আমাৰ মেচটোৰ চাৰিওফালেও সেই একেইখনেই ছবি৷ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ অঞ্চলত নিশা হ’লে কুঁৱলীৰ মাত্ৰা এনেও বাঢ়ে৷ মোৰ বাবে এইয়া এখন চিনাকি ছবি৷
খুপি-খুপিকৈ আগবাঢ়ি সুহুৰি বজাই বজাই মই আমাৰ মেচটোৰ গেটখন খুলিলোঁ৷ বাৰাণ্ডাখনত কোনোবা এজন বহি থকা যেন লাগিছিল৷ কোননো ভালকৈ মনিব নোৱাৰিলেও অৰূপ বুলি অনুমান কৰি লৈছিলোঁ যদিও “কোন” বুলি প্ৰয়োজনতকৈ ডাঙৰকৈ চিঞৰিলোঁ৷
- মই অ’, অৰূপ
অৰূপৰ মাতটো শুনি ভাল লাগিল৷ গেটখনৰ হুকটো লগাই মই বাৰাণ্ডাত প্ৰৱেশ কৰাত অৰূপে সুধিলে-
- ইমান ৰাতিলৈকে ক’ত আছিলা স্পন্দন?
- ক’ম বাৰু দিয়া৷ আগেয়ে কাপোৰ-কানিবোৰ সলাই লওঁ, ৰ’বা – বুলি কৈ মই পৰ্দাখন ঠেলি ভিতৰলৈ সোমাই গ’লোঁ৷ মেচটোৰ কাঠি এটা মাৰি অৰূপে চিগাৰেটটো জ্বলোৱাত আন্ধাৰতে তাৰ চিন্তাক্লিষ্ট মুখখন জিলিকি উঠিছিল ক্ষন্তেকৰ বাবে৷
হাত-মুখ ধুই কাপোৰ-কানিবোৰ বদলি কৰি পুনৰ বাৰাণ্ডালৈ ওলাই আহিলোঁ৷ অৰূপে তেতিয়াও বাৰাণ্ডাৰ সেই দীঘল বেঞ্চখনতে বহি চিগাৰেট হুপি আছিল৷
অৰূপক উদ্দেশ্যি মই ক’লোঁ-
- আজি কলেজৰ পৰা বুজিছা বাহিৰে বাহিৰে নীৰেন বৰুৱা ছাৰৰ ঘৰলৈ গৈছিলোঁ…
অৰূপে মোৰ মুখৰ কথাখিনি কাঢ়ি আচৰিত হোৱাৰ দৰে সুধিলে -
- ইমান দেৰিলৈকে তুমি কি ছাৰৰ ঘৰতে আছিলা নেকি?
- হয়, ছাৰৰ লগতে আছিলোঁ--
সি পুনৰ ক’লে –
- মই তোমাৰ মতি-গতি কিন্তু বৰ ভাল দেখা নাই দেই স্পন্দন৷ সেই ৰাষ্ট্ৰবিৰোধী মানুহজনৰ ওচৰত তোমাৰনো ইমান কি কাম থাকে যে নিজৰ পঢ়া শুনা সকলো এৰি তেওঁৰ লগত গল্প কৰি থাকি ভাল পোৱা ?
অৰূপৰ প্ৰশ্নটোৰ কোনো উত্তৰ মই নিদিলোঁ৷
ছাৰৰ প্ৰতি থকা তাৰ বিক্ষোভখিনি উজাৰি সি পুনৰ এটা চিগাৰেটত অগ্নি সংযোগ কৰিলে৷
মই কি ক’ম ভাৱি থাকোঁতেই চিগাৰেটটোত দীঘলীয়া হোপা এটা মাৰি অৰূপে পুনৰ ক’লে-
- কিয় জানো মই এই মানুহজনক অকণো সহ্য কৰিব নোৱাৰোঁ ক’ব নোৱাৰোঁ৷ তুমিও পাৰিলে অলপ আঁতৰত থকাটোৱেই মঙ্গল নেকি?
এইবাৰ সি বহাৰ পৰা থিয় হৈ মোৰ ওচৰলৈ আহি পুনৰ ক’লে – তুমি জানো নাজানা যে কলেজৰ কোনো এজন শিক্ষকেই তেওঁৰ লগত কেতিয়াও হলি-গলি নকৰে! সঁচা কথা ক’বলৈ গ’লে জানা মোৰ কিন্তু তেওঁক এজন সঁচাকৈয়ে সন্ত্ৰাসবাদী যেনহে লাগে৷ মন কৰিবাচোন তেওঁৰ কথাবোৰ শুনি থাকিলে কেনেকৈ গাৰ তেজ পিৰপিৰাই উঠি গাৰ নোমবোৰ শিয়ৰি উঠে? কেনেকৈ ৰাষ্ট্ৰযন্ত্ৰৰ বিপক্ষে মনটো সক্ৰিয় হৈ উঠে!
অৰূপৰ কথাত মই কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলোঁ৷ তাৰ কথাবোৰ তেনেকুৱাই৷ প্ৰশ্নবোৰো নিজৰ, উত্তৰবোৰো নিজৰ৷
অৰূপক অলপ জ্বলাও বুলিয়েই মই দীঘলীয়া হামি এটা মাৰি অৰূপক সুধিলোঁ -
- মানে ছাৰৰ কথাবোৰ শুনি থাকিলে তোমাৰ দেহাটোতো হেজাৰ ৰণুৱা ঘোঁৰাই দৌৰা-দৌৰি কৰা যেন লাগে নহয় জানো?
- -মোৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদি মাথোঁ অৰূপে ক’লে -
মই তোমাক ছিৰিয়াচলি কৈছোঁ স্পন্দন৷ তেখেতৰ কথাবোৰ সত্য নে অসত্য সেইয়া মই নাজানোঁ আৰু জানিবৰ প্ৰয়োজনবোধো নকৰোঁ৷ কিন্তু মানহজন মোৰ বাবে বিৰক্তিকৰ৷ যেন এক অবুজ সাঁথৰ৷ মই তেওঁক সহ্য কৰিব নোৱাৰোঁ আৰু আন বহুজনৰ দৰে তেওঁৰ পৰা আঁতৰি থকাটোৱেই মঙ্গলজনক বুলি ভাবোঁ৷ অন্যহাতেদি মই যিহেতু তেওঁৰ বিভাগৰ ছাত্ৰ নহয়, গতিকে তেওঁৰ পৰা যে মোৰ আছে এক নিৰাপদ দূৰত্ব সেইয়া মই ভালদৰেই জানোঁ৷
মৌনতা অৱলম্বন কৰি মই মাথোঁ অৰূপৰ কথাখিনি একান্তমনে শুনি আছোঁ৷
এইবাৰ অৰূপে মোৰ গাটো জোকাৰি দি সুধিলে-
- মোৰ কথাবোৰ শুনি আছা নে টোপনি গলা?
‘শুনি আছোঁ বন্ধু’ বুলি কোৱাত সি পুনৰ কলে-
- তুমিয়ো তেখেতৰ সঙ্গ পৰিহাৰ কৰা বুজিছা৷ তেওঁৰ স’তে বেছিকৈ হলি-গলি কৰাৰ বাবে যদি কেতিয়াবা চৰকাৰৰ ৰোষত পৰি তোমাৰো কিবা এটা বিপদ হলে মইয়ো যে বিপদত পৰিম সেইয়া কিন্তু খাটাং৷ সেয়েহে তোমাক সকিয়াই থৈছোঁ৷
এইবুলি অৰূপ লাহেকৈ উঠি পৰ্দাখন ঠেলি ভিতৰলৈ সোমাই গ’ল৷
অৰূপ আচলতে তেনেকুৱাই৷ সদায় নিজৰ প্ৰতি সচেতন৷ কেৱল নিজেই ঠিক থাকিলেই হ’ল বাকীবোৰ লাগে শেষ হৈ যাওক৷ অৰূপ বাস্তৱবাদী নে স্বাৰ্থপৰ বুজিব পৰা নাছিলোঁ৷
অৰূপৰ কোনো কথাই মোক পতিয়ন যোৱাব নোৱাৰাৰ বাবেই হয়তো অতি কমদিনৰ ভিতৰতে এটি সৰু অজুহাত উলিয়াই মোক অকলশৰীয়া কৰি মেচটো এৰি সি আন এটি বেলেগ ঘৰলৈ গুচি গ’ল৷
* * *
মেচটো এৰাৰ দহদিনমানৰ আগৰে পৰাই অৰূপে মোক কৈ আছিল এই মেচটোত সি সন্মুখীন হোৱা অসুবিধাবিলাকৰ কথা৷ নিজে ভাত-পানী বনাই কিতাপ পঢ়িবলৈ লোৱাৰ সময়তে হেনো কিবা এটা ভাগৰত তাক টোপনিয়ে হেঁচা মাৰি ধৰে৷ অৱশ্যে বিগত আঠটা মাহত তেনে কোনো সমস্যাৰ কথা মোক সি কোৱা নাছিল৷ বহু ৰাতিলৈকে সি পঢ়ি থকাটো তাৰ এটা স্বভাৱ৷ সেইয়া কিন্তু সি অব্যাহত নেৰাখি কোনো দিনেই থকা নাই৷ মাজে মাজে সি মোক ওলোটা কথাহে কৈ আছিল৷
এই মেচটো হেনো আন বহু মেচতকৈ ভাল৷ ইয়াত সকলোবোৰ সুবিধাই আছে৷ ৰন্ধা-বঢ়া কামবোৰ অৱশ্যে আমি দুয়োটাই মিলি-জুলিয়েই কৰিছিলোঁ৷ মেচৰ মালিকো আছিল অতি ভদ্ৰ আৰু অমায়িক৷ সৰু-সুৰা অসুবিধাবিলাকত নিজৰ ল’ৰাক-ছোৱালীক কৰা দৰেই সহায়-সহযোগ কৰিছিল৷ অৰূপৰ মেচটো এৰি দিয়াৰ সিদ্ধান্তটোত মই অকণোৱেই আচৰিত হোৱা নাছিলোঁ৷ সকলো বুদ্ধিয়ক ল’ৰাই বোধহয় সেইটোৱেই কৰিলেহেঁতেন!
নীৰেণ ছাৰৰ লগত থকা মোৰ সমন্ধটোৱেই যে তাৰ পঢ়া আৰু টোপনিৰ প্ৰধান সমস্যা সেইকথা বুজাত মোৰ অৱশ্যে অলপো অসুবিধা হোৱা নাছিল৷
অৰূপ মধ্যবিত্ত পৰিয়ালৰ ল’ৰা৷ লক্ষীমপুৰৰ এখন ভিতৰুৱা গাঁৱত অৰূপৰ জন্ম৷ দেউতাকে গড়কাপ্তানি বিভাগৰ কেৰাণীৰ চাকৰি কৰে৷ ককাই-ভাই দুজন৷ ককায়েক দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে৷
জীৱনৰ প্ৰতি অৰূপৰ আছে এক সুকীয়া দৃষ্টিভঙ্গী৷ ভগৱানে তাক দিবলগীয়া সকলোখিনিয়েই দিছে৷ লক্ষীমপুৰ হাইস্কুলৰ পৰা তৃতীয় বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছত দেউতাকে তাক লক্ষীমপুৰ কলেজতে কলা বিভাগত নাম লগাই দিছিল আৰু তাৰ পৰাই প্ৰি-ডিগ্ৰী পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত দেউতাকে আনন্দত আত্মহাৰা হৈ তাক ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত নাম লগাই দিছিল৷
ডিব্ৰুগড়লৈ অহাৰ দিনাই হেনো সি দেউতাকক কথা দিছিল যে দেউতাকৰ আশাত সি কেতিয়াও চেঁচা পানী নাঢালে৷ সিও এদিন দিল্লী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত এম.এ পঢ়িব৷ সিও চিনাকি হ’ব বহু বিখ্যাত বিখ্যাত মানুহৰ স’তে৷ কিজানি ভগৱানে কৰিলে তাৰ কপাল হয়তো ফুলিবও পাৰে৷
এইবিলাক অৱশ্যে কেতিয়াবা কেতিয়াবা কোনো অসতৰ্ক মুহূৰ্তত সি মোক কোৱা কথাহে৷ সেয়াই আছিল কলেজীয়া জীৱনৰ অৰূপৰ সপোন ৷
এবাৰ “কলেজ সপ্তাহ” উপলক্ষে অনুষ্ঠিত হোৱা আকস্মিক বক্তৃতা প্ৰতিযোগিতাত যোগদান কৰি অৰূপে কৈছিল- “ছাত্ৰ জীৱনৰ কিছুমান সপোন থাকে, কিন্তু বাস্তৱ যে বৰ গধুৰ৷ এই সপোনৰ কেতিয়া ক’ত সমাধি হয় সেয়া কোনেও নাজানে৷ আমাৰ ছাত্ৰ জীৱনটো বহু ৰঙী সপোনেৰে ভৰা৷ স্কুলত থাকোঁতে আমি ভাবোঁ - কলেজলৈ যাম, মুক্ত মনেৰে ঘূৰিম৷ কলেজত আহি ভাবোঁ - ভাল চাকৰি এটা পাম, নিজৰ টকাৰে মা-দেউতাক কিবা এটা কিনি দিম, বিদেশ ফুৰিবলৈ যাম, নিজৰ এখন ঘৰ হ’ব৷ এখন গাড়ী হ’ব৷ কোনোবাই ডাক্তৰ হোৱাৰ সপোন দেখে, কোনোবাই শিক্ষক, কোনোবাই গায়ক, কোনোবাই খেলুৱৈ ইত্যাদি ইত্যাদি৷ সেই সপোন দেখিবলৈ কোনো টকা-পইচা নালাগে৷ সপোন অতি সুলভ আৰু সহজ৷ কিন্তু যেতিয়া আমি লাহে লাহে ডাঙৰ হওঁ, তেতিয়া গম পাওঁ বাস্তৱৰ ওজনটো৷ সেই বাস্তৱ মানে হৈছে পুৱা শুই উঠি পৰীক্ষাৰ চিন্তা৷ বাস্তৱ মানে হৈছে বন্ধুৰ দেউতাকে নতুন বাইক কিনি দিছে, আৰু তুমি পুৰণি চাইকেলেৰে কলেজলৈ গৈ আছা৷ তোমাৰ মানসিক যাতনা৷ বাস্তৱ মানে হৈছে ঘৰৰ আৰ্থিক অৱস্থা৷ দেউতাই কিমান কষ্ট কৰি মাহৰ মূৰত ফিজৰ টকাকেইটা গোটাইছে, সেই কথা বুজিবলৈ আৰম্ভ কৰা৷ আমি ভাবোঁ, পঢ়িলেই চাকৰি পাম৷ কিন্তু বাস্তৱত চাকৰিৰ বাবে লাখ লাখ ল’ৰা-ছোৱালীয়ে প্ৰতিযোগিতা কৰে৷ এটা চাকৰিৰ বাবে দিনক ৰাতি কৰি পঢ়িব লাগে৷ ভাল ৰিজাল্ট কৰিও হতাশ হ’ব লগা হয়৷ আটাইতকৈ গধুৰ কথাটো হ’ল - তুলনা৷ সমাজে, আত্মীয়ই, কেতিয়াবা ঘৰৰ মানুহেও সোধে - “অমুকৰ ল’ৰাটোৱে চাকৰি পালে, তই কেতিয়া পাবি?” তেতিয়া নিজৰ সপোনটো লাহে লাহে বোজা যেন লাগিবলৈ ধৰে৷
তেনেহলে আমি কি সপোন দেখা বাদ দিব লাগিব?
নাই নহয়, একেবাৰেই নহয়৷
সপোন নাথাকিলে মানুহ আগবাঢ়িবই নোৱাৰে৷ বাস্তৱ গধুৰ বাবেই সপোনবোৰৰ দৰকাৰ৷ সপোনটোৱে আমাক খোজ কাঢ়িবলৈ শক্তি দিয়ে৷ মাথোঁ সপোনৰ লগত অলপ বাস্তৱ মিহলাব লাগে৷
শেষত কওঁ, ছাত্ৰ জীৱন হ’ল সপোন আৰু বাস্তৱৰ মাজত এখন দলং৷ দলংখনত খোজ কাঢ়োঁতে ভয় লাগিব, ভাগৰ লাগিব৷ কিন্তু যিয়ে খোজ কাঢ়ি গৈ থাকিব, সিয়েই সিপাৰ পাবগৈ৷ কেৱল মাথোঁ কল্পনাত হয় বাস্তৱৰ পৰিসমাপ্তি৷”
অৰূপৰ কথাখিনি মোৰ দৰে সকলোৱে সিদিনা নীৰৱ হৈ শুনি আছিল৷
সেই অৰূপেই এদিন মোক কৈছিল – তোৰ প্ৰতি মোৰ মাজে মাজে বৰ ঈৰ্ষা হয় জান স্পন্দন৷ মোৰ মগজুটো যদি তোৰ দৰে হ’লহেঁতেন তেতিয়া মই বিপ্লৱৰ কথাবোৰ ভালদৰে পঢ়িলোহেঁতেন, বিপ্লৱ শব্দটোৰ অৰ্থ বুজিবলৈ চেষ্টা যৎপৰোনাস্তি চেষ্টা কৰিলোঁহেঁতেন৷ বিপ্লৱ কৰিবলৈ মোৰো মন নোযোৱা নহয়৷ কিন্ত বিপ্লৱৰ গইনা লৈ নিজকে বিপ্লৱী সাজি বিখ্যাত হ’বলৈ মোৰো বৰ মন নাযায় স্পন্দন, কাৰণ এই পথৰে বাট বুলিবলৈ লওঁতে বহু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়াত পৰে বুলি মোৰ ধাৰণা৷ এই ধৈৰ্য্য, ত্যাগ আৰু বলিদান জানো সকলোৰে বাবে সম্ভৱ? মোৰ বাবেতো একেবাৰেই অসম্ভৱ৷
মেচটো এৰি যোৱাৰ আগদিনা ৰাতি কিতাপখন আগত মেলি লৈ সি মোক কৈছিল কথাখিনি৷
সিদিনা মই অৰূপক কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিলোঁ মাথোঁ একান্তমনে তাৰ কথাবোৰ শুনি গৈছিলোঁ৷
সি পুনৰ কিতাপখন জপাই বিচনাখনলৈ দলিয়াই থৈ চিগাৰেটত অগ্নি সংযোগ কৰি পুনৰ কৈছিল-
- বুজিছ স্পন্দন, বিপ্লৱ অভিজাত্যৰ বেশভূষা হ’ব নোৱাৰে৷ ই পৰিৱৰ্তনৰ এক আমোঘ অস্ত্ৰ৷ সেই অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ নিজৰ মনটো হ’ব লাগিব বজ্ৰৰ দৰে কঠিন, সাগৰৰ দৰে গভীৰ, সূৰ্যৰ দৰে প্ৰশস্ত আৰু ফুলৰ দৰে কোমল৷ সেইবোৰ গুণৰ অধিকাৰী নোহোৱাকৈয়ে বিপ্লৱ কৰিবলৈ গলে সেই বিপ্লৱৰ জানো কোনো স্থায়ীত্ব থাকিব? সেয়েহে হয়তো ইতিহাসৰ পৃষ্ঠাত বহু বিপ্লৱৰ পৰিণাম শূন্য বুলি বিবেচিত হৈছে৷ বহু বিপ্লৱৰ উন্মাদনা আদবাটতে থমকি ৰৈছে৷ বিপ্লৱৰ নামত বহু প্ৰজন্মই দিকবিদিক হেৰুৱাই জীৱনৰ মাদকতা হেৰুৱাইছে৷ সামাজিক ধ্যান-ধাৰণাবোৰে যেন এডাল তেলঘঁহা বাঁহত এবাৰ ওপৰলৈ বগাই আকৌ পিচলি আহিছে তললৈ এনে হৈছে৷
অৰূপে কথাখিনিৰে মোক উপহাস কৰিবলৈকে কৈছিল নে সঁকিয়নি দিছিল বুজিব নোৱাৰিলেও সেই কথাখনিয়ে অৱশ্যে বহুদিন মোৰ মনত ক্ৰিয়া কৰি আছিল৷ বহু প্ৰশ্নই মোক বাৰে বাৰে আমনি কৰিছিল এটি উত্তৰৰ বাবে৷ মই ভাৱিছিলোঁ-মোৰতো লক্ষ্য নহয় বিপ্লৱী হোৱাৰ! মোৰ ঘৰখনে মোক এজন বিপ্লৱী ৰূপত কেতিয়াও চাবলৈ নিবিচাৰে৷ মোৰ তেজত কোনো বিপ্লৱ নাই৷ মোৰ প্ৰতি থকা মোৰ পৰিয়াল আৰু গাওঁখনৰ মানুহখিনিৰ আশাবোৰ দিনকদিনে জ্যামিত্যিক হাৰত বৃদ্ধি পাইছে৷ মই পাহৰিব নোৱাৰোঁ মোৰ সত্তাক৷ মোৰো কাম্য নহয় বিপ্লৱীৰ সেই যাযাবৰী জীৱন৷
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)