৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আকাশ দীপ্ত ঠাকুৰৰ 'বন্দীশাল'

লেখকঃ জুৰি গোস্বামী শৰ্মা • প্ৰকাশিতঃ ২১ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ৭৬২ বাৰ পঢ়া হৈছে
আকাশ দীপ্ত ঠাকুৰৰ 'বন্দীশাল'
ডাঙৰকৈ চাওক (Zoom)

 জুৰি গোস্বামী শৰ্মা



 

 

মননশীল উপন্যাসসমূহৰ ভিতৰত আকাশ দীপ্ত ঠাকুৰৰ উপন্যাস “বন্দীশাল” পঢ়ি অতিকৈ ভাল লাগিল৷ সহজ-সৰল ভাষাৰ প্ৰয়োগে উপন্যাসখন অতি সুন্দৰ কৰি তুলিছে৷ উপন্যাসখন পঢ়োঁতে মাজে মাজে ৰৈ যাব লগাও হয় আঁত বিচাৰি৷ এটি অতি ৰক্ষণশীল পৰিয়ালৰ মাজেৰে আৰম্ভ হোৱা উপন্যাসখনৰ প্ৰতিটো কথায়ে কিছু সুকীয়া৷ উপন্যাসখনৰ মূল চৰিত্ৰ উমা যদিও সাংঘাতিক ধৰণে প্ৰতিবাদী আছিল, কিন্তু তেওঁৰ প্ৰতিবাদৰ পথটো সঠিক নহ’ল৷ নিজৰ জেদৰ বাবেই তেওঁ শেষত সকলো হেৰুৱাই পেলালে৷ জেদী হোৱা, ৰক্ষণশীলতাৰ বিৰুদ্ধে যুঁজ দিয়া অথবা প্ৰতিবাদ কৰা অতি প্ৰয়োজন, কিন্তু উমা নামৰ সত্তাটোৱে যেন কেৱল নিজক চিনি পাইছিল৷ প্ৰতিবাদী হ’ব খুজিছিল, যদিও সিমানলৈ যেন সাহসী হ’ব নোৱাৰিলে৷ শেষত নিজৰ কাৰণে এটা স্বাচ্ছন্দ্যৰ জীৱন বিচাৰি পালে অথবা তেনে জীৱনৰে পথ বিচাৰি ল’লে৷ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ বিচাৰিছিল, জেদী মনোভাৱো আছিল কিন্তু নোৱৰাৰ কাৰণে হয়তো বুকুত কঢ়িয়াই লৈ ফুৰিছিল হতাশা৷ উমি উমি জ্বলি থকা জুই একুৰা যেন সদায় বহন কৰিছিল নিজৰ অজানিতে৷ পঢ়া-শুনাত মেধাৱী ছোৱালীগৰাকীয়ে সংঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল যদিও পেহাক-পেহীয়েকৰ ঘৰত এটা সুন্দৰ জীৱন পাইছিল৷ পিছে তেওঁ যেন তাকো সদিচ্ছাৰে গ্ৰহণ কৰিব নোৱাৰিলে৷ বুকুত কেৱল কঢ়িয়াই থাকিল প্ৰতিশোধৰ জুই৷ প্ৰতিশোধে ঘৃণা বিয়পায়৷ পঢ়া-শুনাৰ মাজতে অসম আন্দোলনৰ নেত্ৰী হোৱা, প্ৰেছৰ কাম, বিয়া, ৰাজনীতিত যোগদান আদিৰে জীৱন আগবাঢ়ে৷ এদিন সফলতাৰ জখলা বগাই তেওঁ শিখৰত উপনীত হয়, কিন্তু শেষত যেন উভতি চায় জীৱনলৈ৷ ৰাজনৈতিক জীৱনত নিজৰ সুখৰ সময়ত তেওঁ কালৈকো মনত পেলাব খোজা নাছিল কেৱল জেদত৷ যদিও প্ৰথম প্ৰেমক হেৰুৱাইও তেওঁ হাৰি যোৱা নাছিল, কিন্তু বহুক্ষেত্ৰতে যেন তেওঁ হাৰি গৈছিল আৰু নিজক লুকুৱাই ৰাখিছিল হতাশাৰ আৱেষ্টনীৰ পৰা৷ পাছত নীলকণ্ঠৰ লগত বিয়া৷ এক অবুজ সাঁথৰ হৈ নীলকণ্ঠৰ পৰা আঁতৰি যোৱা৷ প্ৰীতমৰ প্ৰেম-ভালপোৱা অনস্বীকাৰ্য৷ প্ৰীতমৰ দৰে আন্তৰিকতা দুৰ্লভ৷ প্ৰীতমৰ বাস্তৱবাদী কথা-বতৰা “হৈ যোৱাখিনি হৈ গৈছে, হ’ব লগাখিনিত গুৰুত্ব দিলে ভাল হ’ব৷” কিন্তু এটা দুখলগা বিষয় হ’ল উমাই জীৱনত কেৱল হেৰুৱাইছে৷ নীলকণ্ঠৰ দৰে মানুহক চিনাক্ত কৰাত ভুল ৰৈ গ’ল৷ নীলকণ্ঠৰ মৃত্যুত এটা কথাই বৰকৈ আমনি কৰিছে “এতিয়া উমাক ধৰিবলৈ কাষত প্ৰীতমো নাই” ক’ৰবাত বুকুখন বিষাই উঠিল৷ কিছু ৰহস্যঘন কিতাপখন প্ৰথমতে ধৰিব নোৱাৰি কি হ’ব৷ অত্যন্ত সুন্দৰ কথা তাঁতশাল মাটিশাল, থলুৱা জলপান, এড়ী, মুগা, পাট আদিৰ লগতে অসমৰ য’ত সুৱদী সুৰীয়া গীত সেইবোৰৰ সংৰক্ষণৰ লিখনিয়ে মোক আৱেগৰ জোৱাৰত উটুৱাই লৈ গ’ল৷ সময় কিন্তু দুৰন্ত বেগী ঘোঁৰা৷ লিখকৰ শব্দ আৰু ভাষাৰ শৈলী অতি উন্নত৷ মাজে মাজে কাব্যিকতাৰ প্ৰকাশ অতি সুন্দৰ, মন ভৰি উঠা৷ “সোঁৱৰণিৰ কৰণিত কাঁচিয়লি ৰহন”,, “জুয়ে পোৰা কলিজা”,, “জেতুকাবুলীয়া ছাঁ”,, “লিহিৰি কঁহুৱাৰ আঁৰত হেৰাল পাতত উঠা বেলি” ইত্যাদি কাব্যিকতাৰে ভৰা সুন্দৰ শাৰীয়ে মন মোহিত কৰে৷ 

       

নিজৰ অজানিতে উমাই বুকুৰ ভিতৰত জয়কান্তক বিচাৰি নোপোৱাৰ দুখ এটা বহন কৰি থাকে৷ সেয়ে ভাৱিছিল বানপ্ৰস্থৰ কথা, ভাৱিছিল হৈ যোৱা সকলো অতীত নিৰলত জুমি জুমি চাবলৈ৷ কণ কণ শিশুৰ লগত জীৱনৰ থকা সময়খিনি উমলিবলৈ৷ মুক্তি বিচাৰিছিল সকলো বান্ধোন সকলো সম্পৰ্কৰ পৰা৷ সেইসকল লোকৰ পৰা আঁতৰি গুচি গৈছিল, যিয়ে তাইক শিকাবলৈ চেষ্টা কৰিছিল অহৰহ ৰক্ষণশীলতা, দমন কৰি ৰাখিবলৈ চেষ্টা কৰিছিল কেৱল ছোৱালী হোৱা বাবে৷ একমাত্ৰ জয়কান্তক ভালপোৱা বাবে চলনাৰে আঁতৰাই পঠিয়াইছিল দুয়োকে আৰু আত্মগৌৰৱী পৰিয়ালটোৱে আত্মসন্মানত আঘাত লগা বুলি ভাৱি স্কুল এৰাই বিজয়াকো কুমলীয়া বয়সতে বিয়া দি দিছিল অন্যায়ভাৱে৷ অৰুণৰ প্ৰেম এক অনন্য নিদৰ্শন৷ প্ৰীতমৰ নিচিনা হৃদয়ৰ মানুহ খুব কম৷ জীৱনৰ ভাটি বয়সত বিজয়াৰ খৱৰ পাই উমাৰ ভাৱনাৰ স্বগতোক্তি “তই আৰু মই জীৱনৰ শেষ সীমাত ৰৈ আছোঁ৷ দুয়ো একেলগে হাঁহিম পুনৰ, কান্দিম এবাৰ হেঁপাহ পলুৱাই... আহ উমা; আমি দুয়ো একেলগে সেই দিনবোৰলৈ উভতি যাওঁ৷” জীৱনৰ আটাইতকৈ অভিন্ন সম্পৰ্ক বন্ধুত্ব৷ উমা আৰু বিজয়া সম্পৰ্কত বাই-ভনী হ’লেও দুয়ো আছিল ভাল বান্ধৱী৷ সেয়ে হয়তো জীৱন যন্ত্ৰণাৰ বালিচৰত সকলো এৰি সকলো পাহৰি বিজয়াক মনৰ কোনোবা এটি কোণত হ’লেও জীয়াই ৰাখিছিল সোণসেৰীয়া শৈশৱৰ মধুৰ স্মৃতিত৷ সেয়ে প্ৰবীৰৰ চিনাকি পাই, বিজয়াৰ খবৰ গম পোৱাৰ পিছত আৱেগিক হৈ পৰিছিল উমা নামৰ শক্তিশালী নাৰী৷ এটা অতি মন কৰিবলগীয়া কথা “কাৰাগাৰ মুক্তিৰ এটাই মাঁথো পথ – মহাপ্ৰয়াণ৷ জীৱন সঁচাকৈয়ে যেন কিছুমানৰ বাবে এক কাৰাগাৰ৷ জীৱনৰ শেষৰ সময়খিনিত প্ৰবীৰ আগবাঢ়ি আহিল উমাক সহায় কৰিবলৈ৷ বিজয়াক লগ পাবলৈ ইমান বছৰৰ পিছত উদ্বাউল হৈ পৰিল উমা৷ জীৱন থকালৈকে প্ৰত্যেকেই হয়তো নিজৰ অজানিতেই বিচাৰে এজন বন্ধু, যাৰ ওচৰত অকপটে মুকলি কৰি দিব পাৰি অন্তৰখন৷” একেবাৰে সঁচা কথা৷ “অতীত মধুৰ কিন্তু বাস্তৱ গধুৰ৷”

 

***

ভ্ৰাম্যভাষ-- ৬৯০১৩৪৭৪৩৮

 

জ
লেখকৰ পৰিচয়

জুৰি গোস্বামী শৰ্মা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)