৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ঈশান

লেখকঃ অমৃতজ্যোতি মহন্ত • প্ৰকাশিতঃ ২৭ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ৩১১ বাৰ পঢ়া হৈছে
ঈশান
ডাঙৰকৈ চাওক (Zoom)

দুই

 

অলপদিনৰ পাছত গৰম বন্ধ আৰম্ভ হ’ল৷ ভিনুহঁত পুৰণা ঘৰলৈ বুলি ওলাল৷ ইয়াৰ আগতে এবাৰ বিমান যাত্ৰা কৰাৰ কথা ভিনুৰ মনত আছে; কলিকতাৰ পৰা গুৱাহাটীলৈ৷ তেতিয়া সি ক্লাছ ৱানত৷ কথাবোৰ বিশেষ মনত নাই৷ দেউতাকে নিজৰ ভাগৰ টফিটোও তাক দি দিয়াটো তাৰ মনত আছে৷ এতিয়া সি ‘ডাঙৰ ল’ৰা’৷ ক্লাছ এইটত পঢ়ে৷ ক্ৰিকেট খেলিবলৈও শিকিছে৷ জেনেৰেল নলিজ্জত ভাল৷ স্কুটাৰখন ষ্টাৰ্ট কৰি ডেইৰি দোকানখনলৈকে নিব পৰা হৈছে৷ বাপেকে গেইটৰ বাহিৰলৈ নিবলৈ নিদিয়ে৷ লগতে সি আন কথা কিছুমানো শিকিছে৷ এতিয়া অকণমানি পানী বটলটো লওঁতে তাৰ গগণ গৃহিণীৰ মেনিকিউৰদ্ আঙুলিকেইটালৈও চকু গৈছে৷ বায়েকৰ সমান ধুনীয়া নহয় অৱশ্যে৷ তাহাঁতৰ লগৰ পিনাকপাণি এইবোৰ কথাত আৰু আগবঢ়া৷ ৰুমাই এবাৰ তাক কৈছিল ‘তোৰ নাম পিনাকপাণি নথৈ কৃষ্ণ বা চক্ৰপাণি থ’ব লাগিছিল’৷ বপুৰাই বুজিয়েই নাপালে৷ এতিয়া বিমানত ঘোষণা কৰোঁতে তাহাঁতে গম পালে যে আজি কেপ্টেইন মহিলা-কিবা সুজাতা নে সুদেষ্ণা৷ নামটো শুনাৰ পাছত মাকে বাপেকক কিবা এটা ক’লে হ’বপায়৷ খাৰঘৰীয়াৰ গলগলীয়া মাতটো কিছু ডাঙৰকৈয়ে ওলাল- “সব মাইকীমানুহ তোমাৰ নিচিনা বুলি ভাবিছা নেকি?” মাকে গাড়ী অলপ-চলপ চলায়৷ মানে মুনিৰকাত বিউটি পাৰ্লাৰত চুলি কটাবলৈ যাওঁতে নিয়ে৷ কিন্তু বাকী সৰোজিনী নগৰ মাৰ্কেটলৈও নিবলৈ ভয় কৰে৷ এতিয়া ভিনু পিছৰ শাৰীত বহিছে৷ আগৰ দুয়োটা ছিটৰ ফাঁকেৰে দেখিলে মাকে বাপেকৰ পেটত কিলাকুটিৰে খোঁচ এটা মাৰিছে৷ নমাৰ পাছত সিহঁত নিজৰ পুৰণা ঘৰলৈকে গ’ল৷ সেইটো আগতেই ঠিক কৰা আছিল৷ এয়াৰপৰ্টৰ পৰা সেইখন ঘৰ আগতে পায়৷ মানুদাই, মানে বৰদেউতাকৰ পুতেক মানৱেন্দ্ৰই গাড়ী লৈ আহিল৷ মানুদা দেখোন একদম চফল ডেকা৷ সিহঁতে কেইবাবছৰৰ মূৰত লগ পাইছে৷ এই আধাঘণ্টাৰ যাত্ৰাতহে কুকু-ভিনুৰ আচল মুডটো আহিল৷ মেইন ৰাস্তাৰপৰা সিহঁতৰ ঘৰলৈ সোমোৱা বাটটো পকা হ’ল৷ ইয়াতো দুঠাইমানত কেবামহলীয়া হাউছিং ছ’চাইটি উঠিছে৷ যেনি-তেনি মাছৰ দোকান৷ মাকে দিল্লীত প্ৰায়ে কয়, “ইয়াতো যদি ঘৰলৈকে মাছৰ বেপাৰী আহিলহেঁতেন৷” মাজে মাজে সিহঁতে অৰ্ডাৰ কৰি আনে৷ পিচে সেই নিৰ্দ্ধাৰিত দুই এবিধেই৷ মাছৰ বজাৰখনলৈ বৰকৈ যোৱা নহয়৷ কুকু-ভিনুৱে আৰু মন কৰিলে যেনি-তেনি ইংৰাজী মাধ্যমৰ বিদ্যালয়৷ এখনৰ ছাইন ব’ৰ্ড দেখুৱাই বায়েকে ভায়েকক সুধিলে – “ইয়াত পঢ়িবি নেকি?” ভিনুৱে তেতিয়াহে মন কৰিলে ‘মিডিয়াম’ৰ এমৰ পিছত আই দিয়া আছে৷

মানুৰ গাড়ী আহি বৰতল তিনিআলি পালেহি৷ সেইখিনিতে বৰদেউতাকৰ মানে মানুৰ দেউতাকৰ ‘সব বস্তু পোৱা দোকান’৷ হয়, গগণ খাৰঘৰীয়াৰ অন্নদা ভাণ্ডাৰত সকলো বস্তু পায়৷ মানে কেৰাচিনৰ পৰা কীৰ্তনলৈ, কঁকালৰ বিষৰ মলমৰ পৰা ব্লাউজলৈ সকলো বস্তু পায়৷ বাকী চাউল, দাইলবোৰতো আছেই৷ টাউনৰ হ’ল-ছেলাৰৰ পৰা ড্ৰাই ফ্ৰুট্‌চ আনিছে৷ সেইখিনি নমালে৷ সিহঁতবোৰো নামিল৷ মন কৰিলে দোকান আগতকৈ বহল হ’ল৷ বাচন-বৰ্তনৰ পোহাৰ, ইটো-সিটো গিফট্ আইটেম এইবোৰ আগতকৈ চৌখিন হ’ল৷ কেৰাচিন আজিকালি নাৰাখে হ’বলা৷ আগৰ অভ্যাস মনত পেলাই ভিনুৱে গৈ ভাল চকলেট এটা উঠাই ল’লে৷ “বাপেৰৰ প্ৰমোচন হ’ল নহয়? এতিয়া দামটো দি যাবি৷ ‘বৰ্ত্তা’কে কপট ধমকেৰে ক’লে৷ দুপৰীয়াৰ সময়ত দোকানত বেছি ভিৰ নাছিল৷ বৰ্ত্তা আৰু ‘বৰ্স্তিয়া’ বৰ্ত্তা দুয়ো গাদীত বহি মেল মাৰি আছিল৷ বৰ্স্তিয়া মানে বৰচেতিয়া৷ চুবুৰীৰে৷ দুয়োৰে বয়সো একে, চেহেৰাও একে; থুলন্তৰ আৰু আধা তপা৷ কিন্তু ভিনুহঁতৰ বৰদেউতাক গহীন আৰু বৰচেতিয়া ভলভলীয়া৷ এতিয়া কুকুক দেখিয়েই ক’লে, “ই, সৰুৰ (তপনৰ ঘৰত মতা নাম) জীয়েক এইজনী দেখোন বিয়া দিব পৰা হ’ল৷

কুকুৱে এইবোৰ ‘ৰাস্তিক হিউমাৰ’ত পাত্তা নিদিয়াকৈ থাকিল৷ তাই ওখই পাঁচফুট ছয় ইঞ্চি পাৰ হৈছে৷ হাইহিল পিন্ধিছেই৷ চুলিখিনিও ফুলা৷ ময়ুৰীয়েই জোখৰ মানুহ এজনী৷ জীয়েক মাকতকৈ স্পষ্টতঃ ওখ৷ তাহাঁতৰ ক্লাছত হেনো দীক্ষাৰ পাছতে তাই ওখ৷ বৰজনাকহঁতৰ সমুখত ময়ুৰীয়ে ওৰণিখন টানি অলপ সংযত হৈ ৰ’ল৷ মানুৱে এবাৰ সুধিলে, “খুৰী, ঠাণ্ডা কিবা খাবনে ?“ খুৰীয়েকে না কৰিলে কিন্তু সিহঁত দুটাই দুবটল শীতল পানীয় ল’লে৷ ফ্লাইটত খোৱাৰ দুঘণ্টামানৰ পাছত পেটলৈ চকলেটতো আৰু এই ৰসকণকে সুমুৱাইছে৷ তপন বাহিৰৰ একাষলৈ আহি চুৰট এটা জ্বলালে৷ তেতিয়াহে সি মন কৰিলে মূল দোকানৰ কাষতে চালি এখন দি কুকুৰা মাংসৰ দোকান৷ ককায়েকে সেই কামত বিনন্দীক ৰাখিছে৷ বিনন্দীৰ আগতে কাম আছিল টংকৰ ঘৰত জুৱা খেলা আৰু প্ৰতিবছৰে মেট্ৰিক ফেইল কৰা৷

“চলেনে?” তপনে সুধিলে৷

“চলে, চলে৷ দেওবাৰে আমি মটনো ৰাখোঁ৷ সৌ আগত পাইভেট ইনভাৰ্চিটি হোৱাপা চেল বাহিছে৷” বিনন্দীয়ে উৎসাহেৰে ক’লে৷ তাৰ ইংৰাজীৰ উচ্চাৰণ শুনি কুকুৰ মুখৰপৰা শীতল পানীয় ওলাবই খুজিছিল৷

“ঘৰত পিছে আজি মাছহে পাবি যেন পাইছোঁ৷” মানুৱে ভায়েকক শুনালে৷

নিজৰ দোকানলৈ মাল নিবলৈ অহা দোকানী এজন আহিল৷ সৰু দোকানৰ মালিকবোৰে এই অন্নদা আৰু চাৰিআলিৰ সোমানী ষ্ট’ৰৰপৰা মাল নিয়ে৷ ছেলছমেন জাণ্টি ব্যস্ত হ’ল৷ সস্তীয়া প্ৰসাধনৰ বস্তু কেইপদমান ‘দচ পিচ দচ পিচ’কৈ তোলা দেখি এইফালে মাকে জীয়েকে চকু টিপিয়াই হাঁহিলে৷

পুৰণা ঘৰ পাই ভিনু আপ্লুত হ’ল৷ চাৰিবছৰৰ পাছত আহিছে৷ গেইটখনত ৰং নতুনকৈ দিছে বোধহয়৷ তাৰপাছত বহল চোতাল৷ কাষতে আমজোপা৷ তাৰ পাছত টিনপাতৰ ঘৰটো৷ খটখটীৰ দুকাষে থকা টাবকেইটাত ফুলবোৰ ফুলিছে৷ সিহঁতৰ আৰ কে পুৰমৰ কোৱাৰ্টাৰতকৈ কিমান প্ৰশস্ত এই ঘৰ-বাৰী৷ তাৰদৰে বেলকনি ঘেৰি বেডৰুম কৰিবলগীয়া অৱস্থা নহয়৷ পাৰ তাতো আছে, ইয়াতো আছে৷ তাত যেনিবা নাখায়৷ ইয়াত মাজে-মধ্যে চলে৷ আজি আকৌ মাছহে এতিয়া আছে বোলে৷ বহাকোঠাত বহি দেখিলে পহু শিংযোৰ নাই৷ ময়ুৰী আৰু কুকু পোনচাটেই ভিতৰৰ কোঠালৈ কাপোৰ সলাবলৈ গ’ল৷ বৰমাক ওলাই আহি তাক গবা মাৰি ধৰিলে৷ শকত মানুহজনীৰ চাদৰে-তাদৰে মাছ, মিঠাতেল, মচলা ইত্যাদিৰ সন্মিলিত এক পাকঘৰ পাকঘৰ গোন্ধ ৷ ময়ুৰীহঁত ওলাই আহিল৷ সাধাৰণ মেখেলা-চাদৰযোৰেৰে মানুহজনীৰ চেহেৰা হঠাৎ বদলি গ’ল৷ মানে গীতা আণ্টিৰ পুতেক পংকুলৰ বাৰ্থ ডে’লৈ যোৱা পোচাকতকৈ সম্পূৰ্ণ বেলেগ৷ ঘৰলৈ বুলি অনা বস্তুকেইটা জায়েকৰ হাতত দিলে৷ কুকুৱে আকৌ একদম গা ধুই আহিছে৷ চুটি স্কাৰ্ট এটা আৰু শ্লিভলেছ টপ এটা পিন্ধিছে৷ বৰমাকে মাকক শুনালে, “এইক এতিয়া এইবোৰ বৰকৈ পিন্ধিবলৈ নিদিবা৷ ভৰি-চৰিবোৰ ইমানকৈ ওলাই আছে৷” মাকে কি উত্তৰ দিলে শুনা নগ’ল৷ ভিনুৱে দেখিলে পহু শিং দেখোন পিছফালৰ বাৰাণ্ডাত ওলমি আছে৷ মানুৰ বন্ধু প্ৰকাশদা এনভায়ৰ্ণমেণ্টেলিষ্ট৷ এদিন কথাই কথাই ক’লে- “এইবোৰ আজিকালি এনেকৈ ডিচপ্লে’ কৰিব নালাগে৷ এইবোৰ কল’নিয়াল হেং অ’ৱা৷” এতিয়া ককাকৰ দিনৰ বস্তু পেলাইনো দিয়ে কেনেকৈ? ভিনুৱে কথাবোৰ আধা-আধি বুজিলে৷ তাহাঁতৰ চেক্টৰৰ সুষমা আণ্টিলৈ মনত পৰিল৷ মানুহগৰাকীয়ে প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি জাবৰ পেলোৱা ঘৰটোৰ ওচৰত ষ্ট্ৰে’ ডগ্‌চবোৰক খুৱায়৷ মানুহগৰাকীৰ বহুত নিয়ম৷ ভেজিটেৰিয়ানতো হয়েই, মংগলবাৰে ফাষ্টিং কৰে৷ বৃহস্পতিবাৰে ৰাতিপুৱাই ওচৰৰ কিবা মাতা মন্দিৰ নে কি তালৈ ফুল-তুলসী লৈ পূজা দিবলৈ যায়৷ উত্তৰ প্ৰদেশৰ বুঢ়া গৰুৰ আপডাল কৰা গো-শালা এখনলৈ প্ৰতিমাহে কিবা এটা টকা পঠিয়ায়৷ একমাত্ৰ পুতেক আকৌ ড্ৰাগ এডিক্ট৷ অলপদিন আগতে ডিএডিকশ্বন চেণ্টাৰ এটাত দীঘলীয়াকৈ থাকি আহিছে৷ ময়ুৰীহঁতৰ লগত ইৱনিং ৱাকত লগ পাওঁতেই মিঠা হাঁহি এটাৰে সম্ভাষণ জনোৱাৰ বাহিৰে সুষমাৰ লগত বিশেষ বিনিময় নাই৷

এইখন ঘৰৰ ককাক-আইতাক ইতিমধ্যেই ঢুকাইছে৷ জুনু হোষ্টেললৈ গ’ল৷ কাম কৰা ল’ৰা কাৰ্ত্তিক আজিকালি মানুৰ ফাৰ্ম হাউচতে থাকে৷ বাপেক, পুতেক দিনটো নিজৰ কামত থাকে৷ বিশাল চৌহদটোত বৰমাক প্ৰায় অকলশৰীয়া৷ চৌপাশৰ নীৰৱতাৰ মাজত ছাগলীয়ে বেবোৱা বা পাৰটো উৰি যোৱাৰ শব্দও বৰ ডাঙৰকৈ শুনি৷ এতিয়া এই এঘণ্টাত ভিনুৰ হিকটি, কুকুৰ ‘আইজ্জু’, ‘কিউট’(মেকুৰী পোৱালি দুটাৰ বিষয়ে) আদি শব্দবোৰ আৰু দুই বোৱাৰীৰ খুচ-খাচ কথাৰে পৰিৱেশটো সৰৱ হৈ পৰিল৷ ভিনুৰ এই হিকটিটো হেনো ওখ হোৱাৰ লক্ষণ৷ বাপেক ওখ ডাঙৰ মানুহ৷ বায়েকো ওখ৷ সিও বাঢ়িব চাগে৷ পাকঘৰৰ গোন্ধবোৰ বাঢ়ি আহিবলৈ ধৰিলে৷ ভিনুৱে বেৰৰ বাহিৰফালে থকা ঘনচিৰিকাৰ বাঁহটোত চৰাইকেইটাৰ অহা-যোৱা চাই কিছুসময় কটালে৷ এপাকত সমুখৰ টেবুলৰ পৰা অসমীয়া পষেকীয়া এখন তুলি ল’লে৷ ডাঙৰ হৰফৰ অসমীয়া সি অপ্ৰয়াসে পঢ়িব পাৰে৷ অসমীয়া চেনেলবোৰৰ চুপাৰ লাইনবোৰ একোবলৈ বুজে৷ মাকে সেইবোৰ বানান প্ৰায়ে হাঁহি থাকে, এইটো ভুল সেইটো ভুল৷ ভিনুৰ বিশেষকৈ আউল লাগে যুক্তাক্ষৰ বিলাকত৷ যেনে, বঞ্চিত আৰু বাঞ্ছিত সি চম্ভালিব নোৱাৰে৷ আগৰ পিছৰ আখৰ চাই অৰ্থ এটা কোনোমতে উলিয়ায়৷

তাহাঁত ভাত খাবলৈ বহিল৷ বৰদেউতাকলৈ ভাত জাণ্টি আহি লৈ যাব৷ তেওঁ দিনত ঘৰলৈ নাহে৷ “দাদা ৰাতিও দোকানতে থাকে নেকি?” ময়ুৰীয়ে এপাকত সুধিলে৷

“নাই নাথাকে৷ জাণ্টি থাকে৷ সি ঘৰলৈ গ’লেহে এওঁ থাকে৷” বৰমাকে ‘নাই নাথাকে’ টো অলপ জোৰ দি কোৱা নিচিনা হ’ল৷ দুইজনীয়ে ল’ৰাছোৱালীহালে নেদেখাকৈ অকলে অকলে নীৰৱ হাঁহি একোটা মাৰি খোৱাত ধৰিলে৷ আগৰ বাক্যটো অস্পষ্ট কৰিবলৈকে এইবাৰ ডাঙৰগৰাকীয়ে যোগ দিলে,“ ই মানুহে আজিকালি প্ৰায়ে ফাৰ্ম হাউচত থাকে৷” মাছ দুবিধ, ৰৌ মাছটো বাৰু চিনাকি৷ কিন্তু শিঙৰা মাছটো ভিনুৱে পুঠি মাছ বুলি ভাবিছিল৷ সি বিশেষকৈ ভাল পালে কেঁচা আমৰ চাটনি ৷

“সেই ফ্ৰাণ্টৰ আমজোপাৰ নেকি?” সি সুধিলে৷

“নহয়, গোহালিঘৰৰ ওচৰৰ জোপাৰ৷ আগফালৰ জোপা বেছি কেঁচা হৈ আছে”৷

ভাত খাই উঠাৰ পাছত ভিনুৰ কৰিবলৈ একো কাম নাইকিয়া হ’ল৷ ৰজনী মেমৰ ক্লাছ নাই, জগ্‌গুৰ দোকানত ম’ম’ খাবলগীয়া নাই, সন্ধিয়ালৈ আইপিএল চাব বাৰু৷ সি পাছচোতাললৈকে গ’ল৷ শেষ ব’হাগৰ এক নিজান দুপৰীয়া৷ ৰ’দ টান হৈ আহিছে যদিও চৌপাশে গছবোৰ থকা বাবে অসহ্য গৰম নাই৷ কেনিও একো ব্যস্ততা নাই৷ এক স্বাচ্ছন্দ্য আৰু গতিহীনতা৷ সি অথনি দেখিলে দোকানত ‘বৰ্স্তিয়া বৰ্ত্তা আৰু তাৰ বৰদেউতাকৰ আৰামী কথোপকথন৷ এতিয়া সৌৱা তাঁতশালৰ ওচৰত মাকে বৰমাকে তামোল খাই মেল মাৰি আছে৷ এইবোৰ নিৰিবিলি মুহূৰ্ত সি দিল্লীত তেনেকে দেখা নাপায়৷ সুষমা আণ্টিয়ে হেঁকেৰ- পেকেৰকৈ মন্দিৰত ফুল দিবলৈ যোৱা, ৰজনী মেমে স্কুলৰ পৰা ঘূৰি ইটোৰ পিছত সিটো টিউশ্বন কৰি থকা, এই গৰমতো ৰঘুৱে কাপোৰ ইস্ত্ৰি কৰি যোৱা, চিকন্দৰে ঘোঁৰা-গাড়ী সজোৱা..... সকলোতে এক ব্যস্ততা৷ কিন্তু সি বিনন্দীক দেখিলে কোনোবা এজনে মুৰ্গী নিবলৈ আহোঁতে নিৰ্বিকাৰভাৱে চাদা মলি আছে৷ ‘এইটো লওক, সেইটো সৰু হ’ব’ ইত্যাদি কৈ একোবত চাদা কোৱাৰিত সুমাই হাতখন চাপৰ এটা মাৰি অৱশেষত কুকুৰাৰ ডিঙিত ৰেপ দিছে৷ এই আৰাম আৰু নিৰুদ্বিগ্ন প্ৰাত্যহিকতা ভিনুৰ কিবা ভাল নালাগে৷ সেইবোৰ ভাবি থাকোঁতে সি সমুখৰ জেওৰাখনত দেখিলে সাপ এটা৷ জিভাখন লিৰলিৰাই আছে৷ ভাত নিবলৈ অহা জাণ্টিয়ে খালী কাৰ্টনকেইটামান পিছফালৰ বাৰাণ্ডাত থ’বলৈ আহিছিল৷

“এইটো ফেটী সাপ নেকি?” ভিনুৱে সুধিলে৷

“হেই নহয়, কাড়শলা৷” পৰম বিজ্ঞৰ দৰে উত্তৰ দি জাণ্টিয়ে জেওৰাখনত জোকাৰ এটা মাৰিলে৷ কাড়শলা সৰসৰাই আঁতৰিল৷

ভাতখোৱা মানুৰো দেৰি হয়৷ সি তেতিয়াই ওলাই গৈ এতিয়া পাইছেহি৷ তাক ময়ুৰীয়ে ভাত বাঢ়ি দিলে৷

“খুৰী, কাইলৈ নহ’লে ফাৰ্ম-হাউচলৈকে ওলোৱাঁ৷ তোমালোকে দেখাই নাই নহয়৷”

প্ৰস্তাৱটো সিহঁতে ভাল পালে৷

“কিন্তু কাইলৈ নহয়, পৰহিলৈ৷ কাইলৈ আমাৰ বিয়া এখন খাবলৈ আছে৷” ময়ুৰীয়ে ক’লে৷

তপনৰ সহকৰ্মী এজনৰ ছোৱালীৰ অসমীয়া ল’ৰা এজনৰ লগত বিয়া হৈছে৷ হালেই গুৰগাঁৱত কাম কৰে৷ দিল্লীত বিয়া হৈ গ’ল৷ তপনে খাইছিল৷ ইয়াত ল’ৰাৰ ঘৰত কাইলৈ ৰিচেপশ্বন৷ ছোৱালীৰ বাপেকে ‘কাৰগাৰীয়া’ক (খাৰঘৰীয়া) সেইখনলৈ যাবলৈ ক’লে৷ তেওঁলোক অহাৰ কথা নাই৷ দৰাইও ‘খুৰা আহিব বুলি জোৰকৈ ধৰিলে ৷

কৰিবলৈ একো কাম নাপাই ভিনুৱে লেপটপটোকে উলিয়াই ল’লে৷ সিহঁতহালে নিজৰ নিজৰ লেপটপ লৈ আনিছে৷ বৰষুণ এজাকো আহি গ’ল৷ কমকৈ শিলো পৰিছিল৷ এনেকৈ দিনটো সম্পূৰ্ণ হ’ল৷ ইয়াত দিল্লীতকৈ এঘণ্টামান সোনকালে সন্ধিয়া হয়৷ এইখিনি সময়ত ভিনুৱে ম’ম’ খাই থাকিলহেঁতেন৷

বৰদেউতাক আজি অলপ সোনকালে উভতিল ৷ বাকী সময়কণ জাণ্টিয়ে অকলে চম্ভালিব পাৰিব৷ পিছফালৰ চোতালত ককায়েক-ভায়েকে ফটিকা আৰম্ভ কৰিলে৷ গগণৰ মনটো অলপদিনৰপৰা ভাল৷ বিনন্দীয়ে কোৱা ‘ইনভাচটি’খন হোৱাৰ পৰা দোকানৰ বিক্ৰী বাঢ়িছে৷ আজিকালি অলপ চখৰ বস্তু ৰাখে৷ তপনে অথনিয়েই মন কৰিছিল৷ ড্ৰাই ফ্ৰুট, বিধে বিধে আফটাৰ শ্বেভ, টি চাৰ্ট ... এইবোৰ আগতে সিমানকে নাছিল৷ মুঠতে অন্নদা ভাণ্ডাৰে চাৰিআলিৰ সোমানী ষ্ট’ৰক চেৰ পেলাব পৰা হৈছে৷ ককায়েকে এইটোও ক’লে যে বাকীবোৰ ঠিক আছে খালি এই মানুটোৱে বিয়া পতাৰ নাম নলয়৷ বৰমাকে ‘এইদুজনক’ লগত খাবলৈ কি দিওঁ চিন্তা কৰি থাকোঁতে ময়ুৰীয়ে বলিয়ৰা মাছকেইটা দেখুৱাই ক’লে, “এইকেইটাকে ভাজি দিওঁ, এওঁ ভাল পায়৷ আৰকে পুৰমত সাধাৰণতে পোৱা নাযায়৷”

ৰাতি বিচনালৈ আহি ভিনুৱে পাৰ হৈ যোৱা দিনটোলৈ ঘূৰি চালে৷ ৰাতিপুৱা ঘৰত খিচিৰি খাই সাজু হোৱা৷ ময়ুৰীয়ে ফ্লাইটত খাবলৈ এ’গৰ’ল কেইটামান বান্ধি লৈছিল৷ এয়াৰপৰ্টত ৰৈ থাকোঁতে সিহঁতহালে একপ্লেট ম’ম’ ভগাই খাইছিল৷ দামটো সৰহীয়া বাবে মাকে বাধা দিছিল৷ ভিনুৱে নামানিলে৷ আহি বৰ্ত্তাৰ দোকানত চকলেট আৰু ক’ল্ড ড্ৰিংক, ঘৰত আকৌ থেকেৰা চৰ্বত, ভাতৰ লগত শিঙৰা, বলিয়ৰা, খাৰলি, ৰাতি গাহৰি, কুকুৰা৷ মানে ময়ুৰীয়ে গাহৰি নাখায়৷ সি আৰু মন কৰিলে মানুদা মানুহটো ৱৰ্কহ’লিক হৈ পৰিছে৷ সেই শব্দটো তাক কুকুৱে অলপদিন আগতে শিকাইছে৷ মানৱৰ মাক-দেউতাকৰ লগত বেছি কথা-বতৰা নচলে৷ এইবাৰ বোলে স্কুটাৰ লৈ ওলাই গ’ল৷ পাছৰবাৰ গাড়ী লৈ গ’ল৷ অথনি ভাত খাই উঠাৰ পাছত নাগালেণ্ড নে মণিপুৰৰ সেই মানুহজনী আহিছিল৷ কিবা চিদ্‌চ, প্লেণ্টচ্‌ ইত্যাদি কথা পাতিছিল৷ তাৰ পাছত মানুৱে তাইক ফাৰ্ম -হাউচলৈকে লৈ গ’ল৷ ভিনুৱে ভাবে সি ডাঙৰ হৈ কি কৰিব? সাগ্নিকে হেনো মেনেজমেণ্ট পঢ়িব৷ মহাপাত্ৰই চিৱিল চাৰ্ভিছৰ সপোন দেখি আছে৷ অংশুমান আকৌ ফ্ৰী লেঞ্চাৰ হ’ব৷ মানে ডেৱেলপমেণ্টৰ ফিল্ডত কাম কৰিব৷ ভিনুৱে এইবোৰ তাৰ সমান বুজি নাপায়৷ মানুদাৰ ইয়াত ব্যস্ততা এনেকুৱা৷ দেখা যাওকচোন বাৰু৷

বকুলফুলৰ মালা আঁৰি থোৱা ককাকৰ ফটোখনলৈ এবাৰ চাই সি লাইট নুমালে৷

(আগলৈ)

অ
লেখকৰ পৰিচয়

অমৃতজ্যোতি মহন্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)