৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এটা পথিক চৰাই

লেখকঃ এটা পথিক চৰাই • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২৬
১ মিনিট পঠন • ৪৩৬ বাৰ পঢ়া হৈছে

 দিপলীপ বৰা




বুকুৰ ভিতৰত

এখন শুকাই যোৱা অৰণ্য জীয়াই আছে 

গছবোৰ থিয় হৈ আছে 

কিন্তু পাতবোৰে বহুদিনৰ আগতেই

পোহৰৰ ভাষা পাহৰি পেলালে ৷

 

এখন ক’লা নদী

ৰাতি হ’লেই নিঃশব্দে বৈ থাকে

নদীৰ পানীত

আকাশৰ প্ৰতিচ্ছবি নাথাকে

কেৱল টুকুৰা টুকুৰ হৈ যোৱা তৰাবোৰৰ

প্ৰতিচ্ছবি উপঙি থাকে৷

 

কিছুমান মুখ

এতিয়া বিষাক্ত লতাবোৰৰ দৰে লাগে

বাহিৰত সেউজীয়া কিন্তু 

ভিতৰখনত অদৃশ্য এসোপা বিষ

মিঠা শব্দবোৰ

এতিয়া শীতল এডাল সৰীসৃপৰ দৰে

স্পৰ্শ কৰিলেই

শৰীৰত নহয় 

আত্মালৈ চেঁচা খিনি নামি আহে৷

আয়নাখনো

এতিয়া ধোঁৱাময় হৈ থাকে

তাৰ গভীৰতাত

একুৰা জুইমুখী পাহাৰৰ লাভা

অবিৰাম উতলি থাকে

কিন্তু কোনো শব্দ নকৰে ৷

 

কিছুমান বজ্ৰপাত

আকাশতে নহয়

বুকুৰ অন্ধকাৰ গুহাতো গুজৰি থাকে 

আৰু সেই গুহাৰ কোণতে

এটা ক্লান্ত চৰাই

নিজৰেই ছাঁৰ পৰা পলাই ফুৰে ৷

তথাপিও

ছাইৰ তলত

অকণমান উম থাকি যায়

অৰণ্যবোৰো মৰি নাযায়

মাথোঁ সিহঁত কেতিয়াবা

দীঘলীয়া সময়লৈ মৌন হৈ ৰৈ যায় ৷৷

 

ভ্ৰাম্যভাষ ৯৬৭৮৩৬৯০০৮

ৰহা , নগাঁও

 

এ
লেখকৰ পৰিচয়

এটা পথিক চৰাই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)