ৰৌচন আলি
আন্ধাৰত মুখবোৰ চিনি পোৱা হ'লে
খেপিয়াই চালোহেঁতেন
কমৰেডৰ মুখবোৰ..
উত্তপ্ত গৰমত লোহাৰ
দৰে গলে কমৰেড্
আমাৰ চকুত
টুনিৰ দৰে জাকপাতি অহা
এজাক পক্ষীয়ে
তৰি দিয়ে দুঃস্বপ্নৰ জাল
এতিয়া হেনো শইচৰ ভঁৰাল উদং..
আমাৰ দুঃস্বপ্নত গজে
পতান জৰা শইচৰ বীজ
ৰজা আহে এই বাটে
যি বাটত যুদ্ধৰ আখৰা চলে
কমৰেড্ আছেনে সাৰে...!
জুই জ্বলিছে
জ্বলক
যুদ্ধ হৈছে
হওক
দুৰ্ভিক্ষ আহিছে
আহক
কমৰেড্ আছেনে সাৰে...
শিঙা বাজিছে
বাজক
শংখ বাজিছে
বাজক
ডবা বাজিছে
বাজক
আল্লাহ হু আকবৰ বুলি কোনোবাই চিঞৰছে
চিঞৰক
কমৰেড্ আছেনে সাৰে ...
আজি ৰাতিটো আমিও সাৰে থাকিম
কিজানিবা
চিঞৰ এটা হৈয়ে
ওলমি থাকিব লাগিব
কোনো এক সভ্যতাৰ প্ৰাচীনতম দেৱালত...
আমি উভতিব নোৱাৰোঁ বাবেই
দুখোজ আগলৈ দি
এখোজ পিছুৱাই যাওঁ..
এতিয়া হেনো ইয়াত ঘোৰ আন্ধাৰ
কমৰেড্ এতিয়াও আছেনে সাৰে..!
***
ঠিকনা :
সৰুপালেঙী গাঁও
ডাক- দিচাংঘাট (ৰজাবাৰী)
পিন- ৭৮৫৬৭২
শিৱসাগৰ (অসম)
দূৰভাষ- ৯১০১২১১২৩২
মেইল ঠিকনা- rowsonali465@gmail.com
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)