৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গাঁওবোৰ বুকুত সাবটি নৈখন বৈ যায়

লেখকঃ অৰুণ গগৈ • প্ৰকাশিতঃ ৩০ আগষ্ট, ২০২৬
১ মিনিট পঠন • ৪২০ বাৰ পঢ়া হৈছে

 অৰুণ গগৈ


               

পকনীয়াত পাক খাই পানীৰ ঢৌৱে 

ওৰে ৰাতি গাঁওবোৰ গিলি গ’ল

পানীত তিতি তিতি সপোনবোৰ ভাহি গ’ল

 

বুঢ়া হোৱা পাহৰখনে

সহিব নোৱাৰে আকাশৰ চকুপানী 

নৈয়ে নোহোৱা কৰিব নোৱাৰে বাঢ়নী পানী 

 

পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰ

বাঢ়ি অহা পানীত পাকখাই পৰে

হঠাতে হেৰাই গ’ল পিতাইৰ পদূলিৰ বাট

হঠাতে নোহোৱা হ’ল মাটি মুখৰ মাত

 

উদং হাতৰ তলুৱাত লালন কৰা

পোহনীয়া সপোন এটা ছট্‌ফটাই উঠে

দুচকুৰ পটাত ডুখৰীয়া ছবিবোৰে

জীয়াই থকাৰ আখৰা কৰে

 

পানীয়ে থেতেলিয়াই পেলোৱা ঘৰবোৰ শুই আছে

শুই থকা ঘৰবোৰ মৰিশালি

বলি থকা বতাহত নামি আহে বিষাদৰ  গধূলি

 

ভোকাতুৰ শিশুৰ আৰ্তনাদত 

পাৰ হয় দীঘলীয়া লঘোনীয়া ৰাতি 

শিল হোৱা সময়ৰ যাতনাক সাৱটি

শৰণাৰ্থী শিবিৰত মৃত মাছৰ দৰে থৰ হয় দুচকু 

 

ৰাতিৰ চৰাইবোৰে দুখৰ ঘৰ এটা ঘেৰি

কুটি কুটি খাই থাকে সুখৰ অৱশেষ

 

চেপা যন্ত্ৰণা এটা বুকুত বান্ধি

ওৰে ৰাতি গছবোৰে আকাশলৈ মূৰ তুলি চাই

গাঁওবোৰ বুকুত সাবটি নৈখন বৈ যায়৷

***

ফোন : ৯৭০৭৩৯০৫৪০

 

 

অ
লেখকৰ পৰিচয়

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)