নীলাভ সৌৰভ
এই শান্তি কিমান ভয়ানক
কিমান কিমান
ভালপোৱাৰ কথা কৈ প্ৰতিকূলতাত মৰি যোৱাৰ সমান
শান্তিৰ বাবে যুদ্ধ কৰি মৰি যোৱা যুঁজাৰু
আৰু জীয়াই থকা প্ৰেমিকা-জীৱনৰ সমান
ঘৰ বুলি কবিতা লিখি বাহৰ ভাঙিবলৈ বুলড’জাৰ চলোৱা সমান
পৰমাণু বোমাৰ বিজ্ঞানীয়ে মানবিশিষ্ট বঁটা পোৱাৰ সমান
এই শান্তি বৰ ভয়ানক মোৰ চেনেহী
কিমান কিমান
গছকটীয়াই চৰাই ভালপোৱাৰ সমান
বিকাশৰ কথা শুনি ভয় খোৱা জনতাৰ সমান
নিৰ্বোধ শিশুৱে শুনি থকা
মৰুভূমিৰ সেউজীয়া আখ্যান যিদৰে আতিভৌতিক
যিদৰে উঁই হাফলু হৈ উঠে পিৰামিড
তেজেৰে লিখা গণতন্ত্ৰৰ প’ষ্টাৰত
চিতাৰ জুইৰে মম জ্বলোৱা শ্লোগান ব্যাখ্যাতীত ৰাজনৈতিক
এই শান্তি সিমান ভয়ানক
পৰিমাণত মই তোমাক ভালপোৱাতকৈও বেছি
কি
নাপাওঁ যোৱা মই তোমাক ভাল…
প্ৰত্যেক ভালপোৱাৰ সমান আৰু বিপৰীতমুখী ভালপোৱা থাকে নে
নাজানো
জানো কেৱল মই যে তোমাক ভালপাওঁ
ই এক ঐতিহাসিক ঘটনা
***
ম’বাইল: ৯৪৩৫০০৩৮২৪
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)