৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰাতিস্বিক স্মৃতিৰ পৰা কাব্যিক অভিজ্ঞতালৈ : ‘ছেফটিপিন মৰা ৰুমালবোৰ’

লেখকঃ অসীম কুমাৰ হাজৰিকা • প্ৰকাশিতঃ ২৯ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১৬৪৪ বাৰ পঢ়া হৈছে
প্ৰাতিস্বিক স্মৃতিৰ পৰা কাব্যিক অভিজ্ঞতালৈ : ‘ছেফটিপিন মৰা ৰুমালবোৰ’
ডাঙৰকৈ চাওক (Zoom)

 অসীম কুমাৰ হাজৰিকা

  


অগ্ৰজ কবি যতীন কোঁৱৰৰ ‘ছেফটিপিন মৰা ৰুমালবোৰ’ (২০২২) পঢ়িলে প্ৰথমেই এটা কথা মনলৈ আহে যে এইখন গ্ৰন্থ কোনো উত্তেজিত ডেকা কবিৰ প্ৰথম পুথি নহয়৷ ১৯৭৯ চনৰ পৰা ২০২২ চনলৈকে লিখা কবিতাসমূহ ইয়াত একত্ৰিত হৈছে৷ সৰলকৈ যদি ক’বলৈ যাওঁ, কবিয়ে নিজৰ যৌৱনকালক পিছৰ পৰা চাইছে আৰু সেই চাৱনিত পৰিস্ফুট হয় এটা নিৰ্দিষ্ট সামাজিক মনোভাৱ৷ অসমত সত্তৰ দশকৰ শেষৰ ফালে যৌৱনৰ অৰ্থ কেৱল প্ৰেম নাছিল, এক নৈতিক দাবীও আছিল৷ সেইহেতুকে ‘যৌৱন’ কবিতাত কবিয়ে কয়, “যৌৱন বুলিলে, তোমালোকৰ দৰেই মইও বুজি পাওঁ, / নিপীড়িতজনৰ হকে চৰ্তবিহীন আত্মবলিদানৰ এক / অত্যুজ্জ্বল অমৰ কবিতা”৷ ইয়াত কাব্যিক বৈভৱ নিজেই ত্যাগৰ নামান্তৰ৷ কিন্তু সেই ঘোষণাৰ ভিতৰতে এটা ফাঁক আছে৷ “তোমালোকৰ দৰেই মইও” বাৰে বাৰে উভতি অহাৰ ফলত ব্যক্তিগত অনুভৱ সামূহিক হৈ পৰে বুলি ভবা হয়৷ আচলতে সমষ্টিৰ নাম লৈ ব্যক্তিয়ে নিজকে নিৰাপদ কৰে৷ এইখিনি কোঁৱৰৰ আৰম্ভণিৰ শক্তি আৰু দুৰ্বলতা দুয়োটা৷ 

কোঁৱৰৰ কবিতাৰ গাঁথনি মুক্তক ছন্দৰ৷ কিন্তু এয়া কোনো অৰাজক উচ্ছৃংখলতা নহয় বৰং ভাবৰ অন্তঃস্ৰোত অনুসৰি গঢ় লোৱা এক সচেতন সংৰচনামূলক স্বাধীনতা৷ ‘নদী’য়ে নটা খণ্ডত ক্ৰমশঃ নিজৰ অৰ্থ উন্মোচন কৰে—আৰম্ভণিতে নদী “হাড়ে-হিমজুৰে এক,—কুমাৰ”, তাৰ পাছত “তোমাৰেই এক উজ্জ্বল প্ৰকাশ”, আৰু ক্ৰমে এক স্পৰ্শকাতৰ প্ৰেমিকাৰ ৰূপ গ্ৰহণ কৰি শেষত “নদীৰ অন্য নাম বিষাদ” আৰু “নদী কবিতাৰ দৰে / কবিতাৰ দৰে গোন্ধায়”-ত উপনীত হয়৷ এই সংৰচনাগত গতিৰ মাধ্যমত কবিয়ে প্ৰকৃতিক বাহ্য জগতৰ কোনো নিস্পৃহ দৃশ্য হিচাপে টং কৰি নাচাই তাক পোনপটীয়াকৈ মানৱীয় অনুভৱ আৰু সম্পৰ্কৰ অন্তৰ্জগতলৈ টানি আনে৷ এইখিনিতে কবিতাটোৰ শিল্প-সাফল্য বিদ্যমান৷ কিন্তু শেষ পৰ্যায়ত নদীক কবিতাৰ সৈতে একাত্ম কৰি পেলোৱাৰ প্ৰচেষ্টাই ৰূপকটোক কিছু সহজ আৰু পূৰ্বানুমেয় কৰি তোলে৷ অধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল—নদীৰ ধ্বংস আৰু লালন, ক্ষয় আৰু সৃষ্টিৰ দ্বন্দ্ব, যি সামাজিক বাস্তৱতাৰ গভীৰতালৈ লৈ যাব পাৰিলেহেঁতেন, কবিতাটোৱে সেই সম্ভাৱনাক সম্পূৰ্ণৰূপে বিকশিত নকৰে৷ “আইৰ বুকুত খান্দে / শোকৰ গভীৰ খাদ”-ত নদীৰ বেদনাই মাতৃকেন্দ্ৰিক এক অন্তৰংগ ৰূপ লাভ কৰিছে কিন্তু সেই বেদনা বৃহত্তৰ সামাজিক ইতিহাস, নদী-সভ্যতাৰ সংঘাত অথবা মানুহৰ জীৱন-জীৱিকাৰ বাস্তৱতাৰ সৈতে সংযুক্ত নোহোৱাত কবিতাটোৰ সামাজিক তাৎপৰ্য এক নিৰ্দিষ্ট গণ্ডীৰ মাজত ৰৈ যায়৷ অৰ্থাৎ, নদী ইয়াত স্মৃতি, প্ৰেম আৰু বিষাদৰ শক্তিশালী প্ৰতীক হৈ উঠিছে যদিও ইতিহাসৰ জীৱন্ত চাপটোক সম্পূৰ্ণৰূপে নিজৰ সোঁতত প্ৰৱাহিত কৰিব পৰা নাই৷ 

কোঁৱৰৰ কাব্যবৈভৱৰ প্ৰধান সম্পদ ইয়াৰ লোকজীৱনৰ সৈতে নিবিড় সংলগ্নতা৷ ‘তামুলী-পীৰা’, ‘পানী-পাত’, ‘কলাপাত-জুমুঠি’, ‘কেতেকী’, ‘ভেঁটফুল’, ‘বিহুপেঁপা’—এই জাতীয় শব্দাৱলী কেৱল আঞ্চলিক শব্দৰেই অলংকাৰ নহয়৷ সমান্তৰালভাৱে ই কবিতাৰ অনুভৱৰ সামাজিক আৰু সাংস্কৃতিক কাঠামো নিৰ্মাণ কৰে৷ ‘কেতেকী’ত ব’হাগে ফুলক “তল-ওঁঠৰ মৌ-ডিমৰু” খাই পেলোৱাৰ চিত্ৰখনত সময় কোনো নিৰ্বিকাৰ কালধাৰা নহয়৷ সময় যেন ভোকাতুৰ জীৱ, যি সৌন্দৰ্যকো ক্ষয়ৰ পৰা ৰেহাই নিদিয়ে৷ আনহাতে ‘চোৰ’ শীৰ্ষক কবিতাত চুৰিৰ বস্তু ধন-সম্পদ নহয়; ‘চম্পাফুলৰ এটা গধূলি’, ‘নাহৰ পাতৰ নিজান নিয়ৰ’, ‘কচুধুবিৰ দহোটা আঙুলি’— অৰ্থাৎ চুৰি ইয়াত কোনো বস্তুৰ নহয়, মুহূৰ্ত আৰু অনুভৱৰ৷ শেষত ভেঁটফুল আৰু খোজ-মগনীয়া জোনাকৰ গোপন কথা শুনিবলৈ কাণ পতা চোৰৰ আকাংক্ষাই এই অনুভূতিক আৰু গভীৰ কৰে৷ এই পৰিপ্ৰেক্ষত প্ৰেমে ব্যক্তিগত অধিকাৰৰ ভাষা পৰিত্যাগ কৰি এক ক্ষণস্থায়ী সৌন্দৰ্যক ধৰি ৰখাৰ আকুলতালৈ ৰূপান্তৰিত হয়৷ এইখিনিতে কোঁৱৰৰ সংবেদনশীলতাৰ বিশেষত্ব৷ লোকজ শব্দভাণ্ডাৰ তেওঁৰ কাব্যিক ব্যঞ্জনাত কেৱল সোঁৱৰণিৰ উপকৰণ হৈ নাথাকি জীৱন, সময়, বিপৰ্যয়  আৰু প্ৰেমৰ এক স্বকীয় নান্দনিক ব্যাকৰণ গঢ়ি তোলে৷ 

চিত্ৰকল্পৰ ক্ষেত্ৰত কোঁৱৰৰ বিশেষ কৃতিত্ব ইন্দ্ৰিয়সমূহৰ মাজত থকা পৰম্পৰাগত সীমাৰেখা ভাঙি এক নতুন সংবেদন-ব্যৱস্থা নিৰ্মাণ কৰাত৷ ‘জোনাকৰ ৰুণ শুনিলেই’—শিৰোনামটোৱেই এই কাব্যকৌশলৰ এক তাৎপৰ্যপূৰ্ণ ইঙ্গিত; জোনাকৰ ৰুণ ‘শুনা’ মানে দৃশ্যক শ্ৰাব্য কৰি তোলা আৰু সংবেদনক একক ইন্দ্ৰিয়ৰ কাৰাগাৰৰ পৰা মুক্ত কৰা৷ “পাভমাছৰ ঠোঁটৰ দৰে ওঁঠ এযুৰিয়ে” শিলুৱা মুখত খুঁটি খুঁটি “অলৌকিক খাজুৰাহো” গঢ়ি তোলাৰ পাছত “হঠাৎ গজি উঠে আচৰিত এখন নৈ”—এই ৰূপক-সংযোজনত প্ৰেম কোনো উচ্চাৰিত ঘোষণা নহয়৷ ইয়াত প্ৰেম মানে দেহ আৰু স্পৰ্শৰ মাজেৰে সৃষ্ট এক তাৎক্ষণিক অভিজ্ঞতা৷ ইয়াতেই কবি কোঁৱৰৰ কাব্যিক শক্তি আটাইতকৈ উজ্জ্বল৷ ‘পৰ্বত’ কবিতাত নেৰুদাৰ এপিগ্ৰাফ উপস্থিত থাকিলেও কবিতাটোৱে নিজৰ স্থানীয় অভিজ্ঞতাৰ মাটি এৰি নাযায়; পৰ্বত হৈ উঠে তিনিজনী নিজৰাৰ গৰ্বিত পিতৃ আৰু চিচিফাছ্ হৈ পৰে তাৰ শোকৰ কবিতাৰ সখি৷ কিন্তু এই ৰোমাণ্টিক আৱৰণতে মহিমামণ্ডিত কৰা  প্ৰকৃতিৰ মহিমা শেষত “চিচিফাছ্ নিহত হ’ল” বাক্যত আকস্মিকভাৱে ভাঙি পৰে৷ এই ভাঙোনেই কবিতাটোক আলংকাৰিক  প্ৰকৃতিপূজাৰ পৰা বাস্তৱৰ কঠিন ভূগোললৈ ঘূৰাই আনে৷ নহ’লে ইয়াত পৰ্বত কেৱল এক ৰোমাণ্টিক প্ৰতিমা হৈ ৰ’লহেঁতেন! মানুহৰ হস্তক্ষেপ আৰু ইতিহাসৰ হিংস্ৰতাৰে জৰ্জৰিত জীৱন্ত ভূদৃশ্য নহ’লহেঁতেন! 

অনুষংগৰ ব্যৱহাৰত কোঁৱৰৰ কাব্যিক ব্যঞ্জনা যেন দুটা ভিন্ন  সাংস্কৃতিক ভূগোলৰ মাজত অহা-যোৱা কৰে৷ এফালে দৈয়ন, তামুলী-পীৰা, আম্ৰপালিৰ উৰুলি-সনা দুটি পাত, যমুনাৰ ঘিলা-বৰণীয়া পানী —লোকজ জীৱনৰ এই অনুষংগবোৰে কবিতাক আমাৰ মাটিৰ সৈতে সংপৃক্ত কৰে; আনফালে শকুন্তলা, জানকী, উৰ্মিলা, পাঞ্চালী, ৰাধা, কিউপিড, চাইকী, এণ্ড্ৰ’মিডা, চীজাৰ, ফিনিক্স আদিৰ বহুবিধ পৌৰাণিক-সাংস্কৃতিক স্মৃতি কবিতাৰ অন্তৰ্ভাগত প্ৰৱেশ কৰে৷ এই দ্বিতীয় স্তৰটোৱে কেতিয়াবা অৰ্থৰ পৰিসৰ বহলাই দিয়াৰ সলনি কবিতাৰ স্বাভাৱিক গতিৰ ওপৰত এক অতিৰিক্ত সাংস্কৃতিক ভাৰ জাপি দিয়ে৷ ‘ৰোমাণ্টিক অশ্বাৰোহী’ত কবিয়ে নিজকে প্ৰেমৰ এক বিশেষ অধিকাৰী ৰূপে প্ৰতিষ্ঠা কৰে—দুষ্মন্তৰ অভিজ্ঞান আঙুঠি বিচাৰি দিয়া, জানকীৰ চকুত ৰামধেনুৰ চাৱনি পিন্ধাই দিয়াৰ দৰে কল্পনাত তেওঁ নিজেই প্ৰেমৰ মধ্যস্থতাকাৰী আৰু স্ৰষ্টা৷ এই আত্ম-উপস্থাপনৰ অন্তৰালত থকা মধ্যবিত্তীয় ৰোমাণ্টিক আত্মমুগ্ধতাক আওকাণ কৰিলে কবিতাটোৰ সমালোচনাত্মক পাঠ অসম্পূৰ্ণ হৈ থাকিব৷ “মই এক ৰোমাণ্টিক অশ্বাৰোহী”—এই পুনৰুক্তিয়ে প্ৰথমে এক গীতিময় ছন্দ সৃষ্টি কৰে যদিও দীৰ্ঘ পঠন কৰিলে সেই আত্মঘোষণাই ক্ৰমে আত্মপ্ৰচাৰৰ আভাসো বহন কৰে৷ “সাৰ্বজনীন সৰ্বকালীন এক হৃদয়ৱান প্ৰেমিক বিদ্ৰোহী”  বুলি আত্মপৰিচয় ঘোষণা কৰিলেই অৱশ্যে বিদ্ৰোহৰ সামাজিক অৰ্থ প্ৰতিষ্ঠিত নহয়; বিদ্ৰোহক সত্য কৰি তুলিবলৈ জীৱনৰ বাস্তৱ সংঘাত, সামাজিক ঘৰ্ষণ আৰু অভিজ্ঞতাৰ জটিলতা কবিতাৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিব লাগে৷ এইখিনিতে কোঁৱৰৰ কবিতাৰ এক অপূৰ্ণতা স্পষ্ট হয় য’ত জীৱনৰ তীব্ৰ ঘৰ্ষণৰ ঠাইত কেতিয়াবা সুগন্ধি, অলংকাৰ আৰু ৰোমাণ্টিক আত্মপ্ৰতিমাৰ উপস্থিতি অধিক ঘন হৈ উঠে৷ 

কবি যতীন কোঁৱৰৰ কবিতাত সময়-চেতনাৰ প্ৰশ্নটো স্বাভাৱিকতেই উত্থাপিত হয়৷ আৰম্ভণিৰ কবিতাবোৰত নিপীড়িত মানুহৰ আকাংক্ষা আৰু সামূহিক মুক্তিৰ স্বপ্নৰ এক উজ্জ্বল প্ৰতীক পৰিস্ফুট হয়— “নীৰৱে নীৰৱে আঁজুৰি আছোঁ / সহস্ৰজনৰ আকাংক্ষিত সূৰ্য”৷ কিন্তু ক্ৰমে কবিৰ কাব্যদৃষ্টি প্ৰকৃতি, প্ৰেম আৰু স্মৃতিৰ অন্তৰংগ এখন পৃথিৱীলৈ আকুলতাৰে প্ৰৱেশ কৰে৷ ‘অৰণ্য এখন হ’ম বসন্তকালৰ’ত নিজেই বসন্তৰ অৰণ্য হৈ উঠাৰ আকাংক্ষা এই অন্তৰ্মুখী নান্দনিক চেতনাৰেই এক অনুপম  প্ৰকাশ৷ অৱশ্যে এই পৰিৱৰ্তনক কেৱল সামাজিক বাস্তৱৰ পৰা ফালৰি কাটি যোৱা বুলি পঠন অভিজ্ঞতাত লিপ্ত হ’লে কবিতাটোৰ অন্তৰ্নিহিত গতি সম্পূৰ্ণৰূপে ধৰা নপৰে৷ ১৯৯৫ চনৰ অসম আছিল গভীৰ সামাজিক আৰু ঐতিহাসিক প্ৰপঞ্চৰে ঘেৰি থকা এক সময়৷ সেই সময়ৰ সৈতে কবিৰ সম্পৰ্ক প্ৰকৃতি, প্ৰেম আৰু ব্যক্তিগত অনুভৱৰ মাজেৰেও প্ৰকাশ পাব পাৰে৷ কবিতাৰ দায়িত্ব কেৱল সমকালক পোনপটীয়াকৈ প্ৰতিফলিত কৰাতে সীমাবদ্ধ নহয়; কেতিয়াবা কেতিয়াবা ই সময়ৰ অস্থিৰতাক সৌন্দৰ্য, স্মৃতি আৰু প্ৰাতিচ্ছিক অনুভৱৰ ভিতৰত সঞ্চিত কৰি ৰাখে৷ কোঁৱৰৰ ৰোমাণ্টিকতা সেই অৰ্থত বাস্তৱৰ অস্বীকাৰ নহয়, বৰং বাস্তৱক এক সুগন্ধিময় নান্দনিক অভিজ্ঞতালৈ ৰূপান্তৰ কৰাৰ অবিৰত প্ৰয়াস৷ এই ৰূপান্তৰৰ সৌন্দৰ্যতেই তেওঁৰ কাব্যিক স্বাতন্ত্ৰ্য নিহিত আৰু তাৰ মাজেৰেই তেওঁৰ কাল-চেতনাৰ সূক্ষ্ম স্বৰটোও শুনিবলৈ পোৱা যায়৷

 গ্ৰন্থখনৰ শীৰ্ষক কবিতা ‘ছেফটিপিন মৰা ৰুমালবোৰ’-এ এই আশংকাক এক সূক্ষ্ম সাংস্কৃতিক স্মৃতিৰ ৰূপত আৱৰি ৰাখিছে৷ “ছেফটিপিন মৰা ৰুমালবোৰ দেখোন ধুবলৈকে মন নেযায়৷ / অনবৰতে চিঠি-মালতীৰ সুগন্ধি লাগি থাকে / সেই শুকুলা ৰুমালবোৰত” —এই কথনত প্ৰেম কোনো বিমূৰ্ত ৰোমাণ্টিক আদৰ্শ নহয়, প্ৰেম এক ক্ষুদ্ৰ বস্তুৰ মাজত সঞ্চিত জীৱন-অভিজ্ঞতা৷ ৰুমাল, গিলিপ, লেম্পৰ ঢিমিকি পোহৰ, পিনৰ খোঁচত ফুলা ৰক্তজবা, গণিতৰ পৃষ্ঠাত হেৰাই যোৱা উৎপাদকৰ সহজ নিয়ম—এইবোৰে এক নিৰ্দিষ্ট মধ্যবিত্তীয় যৌৱন-জীৱনৰ চিত্ৰ চিত্ৰিত কৰে৷ মোবাইলৰ আগৰ সময়ৰ চিঠি আৰু ৰুমালকেন্দ্ৰিক এই যোগাযোগ-সংস্কৃতি আজি ক্ৰমে অপসৃয়মান; কবিতাই সেই ছবিক কেৱল ব্যক্তিগত নষ্টালজিয়াৰ বিষয় নকৰি এটা প্ৰজন্মৰ জীৱন-অভিজ্ঞতাৰ সাক্ষ্যলৈ ৰূপান্তৰিত কৰে৷ শেষৰ শাৰী—”সি হয়তো নেদেখিব এইটো কবিতাৰ শোকৰ আঘাত” —আৰু গুৰুত্বপূৰ্ণ কিয়নো ইয়াত কাব্যিক স্বৰে নিজৰ অনুভৱৰ সীমা নিজেই স্বীকাৰ কৰিছে৷ এই শোকক সাৰ্বজনীন বুলি কোৱা হোৱা নাই; ই এক নিৰ্দিষ্ট সময়, সামাজিক পৰিসৰ আৰু জীৱন-অভিজ্ঞতাৰ পৰা জন্ম লোৱা শোক৷ তথাপি ব্যক্তিগত অনুভৱৰ মাজেৰেই কবিতাটোৱে হেৰাই যাবলৈ ধৰা এটা যুগৰ বস্তু আৰু জীৱন-সংস্কৃতিক ধৰি ৰাখিছে৷ এই প্ৰসংগত কোঁৱৰৰ শোক কেৱল ব্যক্তিগত অনুভূতি হৈ নাথাকি স্মৃতি আৰু সময়ৰ সম্পৰ্কৰ এক কাব্যিক প্ৰকাশ হৈ উঠিছে৷

 কোঁৱৰৰ কবিতাৰ এক উল্লেখযোগ্য শক্তি নিহিত হৈ আছে ক্ষুদ্ৰ অভিজ্ঞতাৰ প্ৰতি থকা তেওঁৰ আস্থাত৷ কোঁৱৰৰ কাব্যদৃষ্টি গোন্ধ, স্পৰ্শ, দৃশ্য আৰু ব্যক্তিগত স্মৃতিৰ সূক্ষ্মতাত অধিক সক্ৰিয় য’ত তেওঁ প্ৰেমৰ কোনো বৃহৎ ইতিহাসৰ মধ্যস্থতাকাৰী হ’বলৈ চেষ্টা নকৰে, য’ত কেতেকী ফুলে, নদীয়ে পাৰ ভাঙে, ৰুমালত মালতীৰ গোন্ধ ৰৈ যায়, তাতেই তেওঁৰ কবিতাই স্বাভাৱিক শক্তি লাভ কৰে৷ বিপৰীতে ‘অপৰূপ’, ‘অমৃত’, ‘স্বৰ্ণিল’, ‘প্ৰগলভ’ আদি আত্ম-অলংকাৰী শব্দৰ অধিক ব্যৱহাৰত ভাষা কেতিয়াবা ভাৰী হৈ পৰে আৰু অনুভৱৰ স্বতঃস্ফূৰ্ততা কিছু ম্লান হয়৷ এই লেখাটোৰ উদ্দেশ্য কেৱল কোঁৱৰক প্ৰশংসা কৰা নহয়; সমান্তৰালভাৱে কবিতাৰ শক্তি আৰু সীমাবদ্ধতা দুয়োটাকে একেলগে চিনি পোৱাই লেখাটোৰ প্ৰকৃত পাঠ৷ কোঁৱৰৰ অনুভূতি আন্তৰিক, তেওঁৰ ইন্দ্ৰিয়-সংবেদন তীক্ষ্ণ আৰু স্মৃতি জীৱন্ত; কিন্তু অনুভূতি নিজেই কাব্যিক সত্য নহয়, অনুভূতিয়ে যেতিয়া নিজৰ সীমা আৰু ভাষাৰ সীমা উভয়কে চিনি পায়, তেতিয়াহে সি শিল্পৰ মৰ্যাদা লাভ কৰে৷ সংকলনৰ শীৰ্ষক কবিতাটোৱে এই সংযমৰ সম্ভাৱনা স্পষ্ট কৰে৷ ‘ছেফটিপিন’ ইয়াত এক অৰ্থৱহ ৰূপক—ই ৰুমালক ধৰি ৰাখে, কিন্তু তাৰ লগতে এটা সৰু খোঁচৰ সম্ভাৱনাও বহন কৰে৷ কোঁৱৰৰ কবিতাতো তেনেদৰেই সুগন্ধিৰ সৈতে খোঁচ, স্মৃতিৰ সৈতে ক্ষয় আৰু প্ৰেমৰ সৈতে বিষাদ একেলগে উপস্থিত৷ সেই দ্বৈত আনুভূতিক আলাপে  সংকলনখনক কেৱল ৰোমাণ্টিক স্মৃতিৰ সংকলন হৈ ৰোৱাৰ পৰা আঁতৰাই এক নিৰ্দিষ্ট কাব্যিক স্বৰ প্ৰদান কৰিছে৷

***

 

ফোন : ৬০০০০৬২১৩৯

 

 

অ
লেখকৰ পৰিচয়

অসীম কুমাৰ হাজৰিকা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)