মূল (ইংৰাজী): ৱিলিয়াম বাটলাৰ
য়েটছ, আয়াৰলেণ্ড
অনুবাদ : ড° ৰঞ্জিত
দত্ত
ঘৰৰ পানীপোতাত
ঘৰচিৰিকা চৰাইবোৰে
পাখি মাৰি চিঁ-চিঁয়াই কৰা
সেই মনোমোহা কাজিয়াবিলাক,
অজস্ৰ তৰালিক বকুত সাবটি
নাচি-বাগি গৈ থকা
পূৰ্ণিমা নিশাৰ অপৰূপ জোনটো,
দৰদী নিশাৰ
গছৰ পাতৰ সেই
চিনাকি চিৰন্তন গীতবোৰেইতো
সযতনে লুকুৱাই ৰখিছে
পুৰাতন পৃথিৱীৰ
মায়াৱী কৰুণ ক্ৰন্দন।
এযোৰি সেন্দtৰ ৰঙীণ
শেঁতা ওঁঠেৰে
তুমি আহিছিলা কাষলৈ,
তুমি আহিছিলা
মৌন উদাসী বুকুৰে
সকলোকে জগাই
যাত্ৰাপথৰ সকলো যাতনা আৰু
সীমাহীন বোজা কঢ়িয়াই
সপোনৰ সুৰভি সানি।
আৰু আজি!
পানী-যুঁৱলিত ঘৰচিৰিকা চৰাইবোৰৰ
সেই একেখন যুদ্ধ,
অনুজ্জ্বল তৰাবোৰকে সাবটি ৰখা
দৈ-গাখীৰৰ দৰে শেঁতা
জোনবাইৰ ছবিখন আৰু
বতাহৰ চিঁ-চিঁয়নিত
প্ৰাণ পাই উঠা
গছৰ পাতৰ সুহুৰিবোৰে
জগাই তুলিছে বাৰে বাৰে
পুৰাতন পৃথিৱীৰ সেই
একেই কৰুণ ক্ৰন্দন।
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)