মানস প্ৰতিম দত্ত
এদিন পাহাৰখন ভবাতকৈ ওখ হৈছিল
ওখ হৈছিল নদীৰ ঢৌ৷
গছতকৈ ওখ যদিও নহয় - পাহাৰ
ভোকতকৈ বহল যদিও হয় - ভোগ
তথাপিও ভোকত ডুবে ভোগ৷
পানীৰ তলৰ কাঁইটে বিন্ধে ভৰি৷
হঠাৎ পাহাৰখনত বাঢ়ি আহিল গছৰ দাড়ি
শিল, বালিৰ চুলি৷
মানুহে খুলি ল’লে চেলুন
কাটিলে পাহাৰৰ দাড়ি-চুলি৷
টকলা হ’ল পাহাৰ৷
এতিয়া পাহাৰ নাই
নদী নিৰৱধি৷
পাহাৰৰ দাড়ি চুলি কটা
মানুহবোৰ ক’ত?
মানুহবোৰ আকাশত৷
পাহাৰৰ দাড়ি-চুলি গছ ৰোৱা
মানুহবোৰ ক’ত?
বানত!!
মৃত গহ্বৰত!!
পানীৰ তলত!!!
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)