৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভ্ৰমিত সময়

লেখকঃ উদয়কুমাৰ বৰুৱা • প্ৰকাশিতঃ ১৬ ছেপ্টেম্বৰ, ২০২৬
১ মিনিট পঠন • ১৭৮০ বাৰ পঢ়া হৈছে

 উদয় কুমাৰ বৰুৱা

 

মন যোৱাটো আৰু মন নোযোৱাটো মনৰেই কথা

মনে আমাক নিয়ন্ত্ৰণ কৰে নে আমি মনক নিয়ন্ত্ৰণ কৰোঁ

এনে প্ৰশ্নৰ অৱতাৰণা কৰি পাৰ কৰিছোঁ নেকি ভ্ৰমিত সময়

 

কাণত দিবা-ৰাত্ৰি এজাক নীলা শিয়ালৰ আত্ৰানি

স্তব্ধ জীৱন

 

আচলতে মিছা উল্লাসত বন্দী এখন চহৰৰ নিঃকিন বাসিন্দা আমি

চকুত নিয়ত নিয়তিৰ লোলুপ দৃষ্টি

 

আমাক কেন্দ্ৰ কৰিয়েই কুপমণ্ডুকে ৰচনা কৰে নিতে হেজাৰ কৌশলী নাট

আৰু যুগে যুগে আমি তাৰেই নিৰুদ্বেগ দৰ্শক

 

অচিন কাঠৰ ঠোৰাকে সঁচা বুলি

চেতনাক ঢাকিছো শ্বেত বস্ত্ৰৰে

শূন্যতা সাৱটি হেৰুৱাইছোঁ স্বাভিমান

 

নেজানো কোন ব’ৰাগীৰ ৰাতিৰ বীণৰ কৰুণ সুৰত মেৰ খাইছে আমাৰ অশান্ত আত্মা

কাৰ  চলনাৰ চাকনৈয়াত পৰি ভ্ৰমিছোঁ ভুলৰ বেইমান ভূগোল

 

নিৰলাত বহি সেয়ে

মনে মনে মনক সুধিছোঁ

এতিয়া পণবন্দী নেকি নিৰাকাৰ ঈশ্বৰো পাণ্ডুৰ এই চহৰত

নে প্ৰস্তৰীভূত কোনোবা মেডুচাৰ

কোপ দৃষ্টিত।

 

উ
লেখকৰ পৰিচয়

উদয়কুমাৰ বৰুৱা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)