অমৃতজ্যোতি মহন্ত
এক
দেৱালঘড়ীটোত
পাঁচ বাজি যোৱাটো মন কৰি ‘ৰজনী মেমে’ ক’লে- “অ’কে দেন৷” তাৰমানে আজিলৈ ছুটী৷ সি
সদায় মেমৰ এই বাক্যটোলৈ ৰৈ থাকে৷ ৰজনী ত্ৰিপাঠী এখন চেণ্ট্ৰেল স্কুলৰ অংকৰ
শিক্ষয়িত্ৰী৷ ওখ, ক্ষীণ মানুহ এজনী৷ মাতটো অলপ টান৷ ভাল শিক্ষয়িত্ৰী বুলি তেওঁৰ
নাম আছে৷ অভিনৱ বেলেগ এখন প্ৰাইভেট স্কুলৰ ছাত্ৰ৷ তেওঁৰ ওচৰত টিউশ্বন কৰে৷ তাৰ
বাহিৰেও তেওঁৰ ওচৰত বহুতে টিউশ্বন লয়৷ অভিনৱে এতিয়া দেখিলে তাৰ পাছত পঢ়িবলগীয়া
ছোৱালীজনী ইতিমধ্যে আহি স্কুটী ৰখাইছেহি৷ তাই ইলেৱেনৰ হ’ব বোধকৰো৷ বয়স চাই শকত৷
চশমা পিন্ধা৷ খটখটীত তাৰ লগত ভেটাভেটি হওঁতে দুয়োটাই ইটোৱে সিটোলৈ চাই স্পষ্টকে
নহঁহা-নমতাকে সম্ভাষণ জনোৱা নিচিনা কৰিলে৷ সিহঁতৰ প্ৰায়ে এই নিঃশব্দ, নিৰ্লিপ্ত
বিনিময় হয়৷ দিল্লীৰ আৰ কে পুৰমৰ একেটা চেক্টৰতে ৰজনী ত্ৰিপাঠী আৰু অভিনৱহঁতৰ
কোৱাৰ্টাৰ৷ ত্ৰিপাঠী আংকল বাপেকৰ একেটা অফিচতে সহকৰ্মী৷ কথাই কথাই ওলাইছিল সি অংকত
অলপ দুৰ্বল বুলি৷ তাৰ পাছত এই টিউশ্বনৰ ব্যৱস্থা হ’ল৷ সি ভিতৰি এইটোও গম পায় যে
গিৰিয়েকৰ বন্ধুৰ ল’ৰা বুলিয়েই মেমে তাৰপৰা মানে দেউতাকৰ পৰা আনৰপৰা লোৱাৰ সমান
পইচা নলয়৷ ঠিকেই পঢ়ুৱায় বাৰু৷
এতিয়া
টিউশ্বনৰ পাছত তাৰ কাম হ’ল ৰেৱন্ত, যশপ্ৰীতহঁতৰ লগত অলপ দূৰতে থকা বজাৰত জগ্গুৰ
দোকানত ম’ম’ খোৱা৷ ঘৰত কিতাপ-বহী থ’বলৈ আহোঁতে মাকে তাক ইস্ত্ৰি কৰিবলৈ দিয়া
কাপোৰ আৰু দুই এটা বস্তু আনিবলৈ দিলে৷ সিদিনা হোলি হৈ গৈছেহে৷ দিল্লীৰ বতৰত গৰম
গৰম ভাবটো আহিলেই৷ দেউতাক আহি পোৱালৈ সাত বজাৰ ওচৰ হয়গৈ৷ গতিকে অন্ততঃ এঘণ্টামানলৈ
সি ‘ফ্ৰী’৷ তাৰ লগৰ আত্মানন্দলৈ মনত পৰিল৷ বেচেৰাৰ মাকে চাকৰি কৰে কিন্তু দেউতাক
ফ্ৰী লাঞ্চ জাৰ্নালিষ্ট৷ আনবোৰৰ দৰে নিয়মীয়াকৈ ওলাই যাবলগীয়া নাই৷ বৰঞ্চ
সন্ধিয়াহে তেওঁৰ কিবাকিবি মিটিং থাকে৷ গৈ থৈ আত্মানন্দই বাকীবোৰৰ দৰে আবেলিটোত
মুকলিকৈ ঘূৰামেলা কৰিব নোৱাৰে৷ বাপেক মহাপাত্ৰ এনেয়েও ‘কাঢ়া গাৰ্জেন’৷ একমাত্ৰ
পুতেকক এতিয়াৰপৰাই ছিৱিল ছাৰ্ৱিচৰ বাবে প্ৰস্তুত কৰিবলৈ লাগিছে ৷ অৱশ্যে দেউতাক
আহি পোৱালৈ সি ভিনুৱেও পঢ়ি থকা হ’ব লাগিব৷ সিহঁতৰ কোৱাৰ্টাৰৰ এখন বেলকনি ঘেৰি তাৰ
বাবে এটা ‘ৰুম’ কৰি দিয়া হৈছে৷ বায়েক কুকুৱে মেইন বে’ডৰূমতে পঢ়ে৷ সিহঁতে ন মান
বজাত ভাত খায় যদিও কুকুৱে তাইৰ প্ৰিয় চিৰিয়েলখন চাইহে ডাইনিং টেবুললৈ আহে৷
আগন্তুক
চিৰিজটোত ভাৰত জিকিবনে ইংলেণ্ড জিকিব সেই লৈ বেছ ছিৰিয়াছ আলোচনা কৰি সিহঁতে
দুপ্লেইট ম’ম’ হজম কৰিলে৷ তাৰ পাছত ঘৰ৷ সাত বজাৰ পাছতে দেউতাক পালেহি৷ লিৱিং ৰূমত
মাক-দেউতাকৰ কথা পতাৰ শব্দ শুনা গ’ল৷ মাজে মাজে হাঁহিৰ শব্দ শুনি ভিনুৱে গম পালে যে
আজি দেউতাকৰ মুডটো ভাল৷ অলপ পাছতে মাকে তাহাঁতক মাতিলে৷ এইখিনি সময়ত মালটোভা
এগিলাছ সিহঁতহালক ৰূমে ৰূমে দিয়েহি যদিও আজি মাকে বাহিৰৰ ৰূমলৈকে মাতিলে৷ আহিহে
সি দেখিলে যে ডাইনিং টেবুলত মস্ত মিঠাই এটোপোলা৷ তাৰ সুদৃশ্য পেকেজিং দেখিয়েই ল’ৰা-ছোৱালীহালে
বুজিলে যে এয়া কোনোবাই দিছে৷ মাৰ্চৰ মাহটোত এনেকৈ মিঠাই বা কিবাকিবি অহাটোত সিহঁত
ইতিমধ্যে পৰিচিত হৈছে৷ কুকুৱে আৰু অলপ জনা হৈছে৷ যোৱাবাৰ দেৱালীতো উপহাৰ বহুত
আহিছিল৷ মাকে পেকিঙৰ কাগজবোৰ একেদিনাই পেলোৱা নাছিল৷ চুবুৰীয়াই দেখি জ্বলে বুলি৷
কুকুৱে হাঁহিছিল৷ দেউতাকৰ ৰঙিয়াল মুড দেখি সি পঢ়া মেজলৈ যাবলৈ লৰালৰি নকৰিলে৷
টিভিত দেউতাকে চাই থকা নিউজকে সিও চাবলৈ ল’লে৷ দুটামান চেনেল খেপিয়াই ঘোটালা,
স্কেম এনেকুৱা একেধৰণৰ বাতৰি দেখি “এ...ইহঁতৰ এইবোৰেই আৰু” বুলি ভলিউমটো কমাই তপন
খাৰঘৰীয়াই “আৰু?” বুলি সিহঁতলৈ চালে৷ সিহঁতেও উৎসুক হৈ তেওঁৰ মুখলৈ চাই ৰ’ল৷ তেতিয়াহে
ভিনুৰ মনত খেলালে যে আজি সোমবাৰ৷ দেউতাকে সোমবাৰ আৰু বৃহস্পতিবাৰে মদ নাখায়৷
সোমবাৰ ভিনুহঁতৰ ককাকৰ মৃত্যুৰ দিন আৰু বৃহস্পতিটো গুৰুবাৰ ৷
“এইবাৰ ‘চামাৰ ভেকেশ্বন’ত ঘৰলৈকে এপাক যাওঁ নহ’লে৷ মানে হ’ম টাওন এলটিচি৷” সিহঁত তিনিওৰে মুখত হাঁহি ওলাল৷ খাৰঘৰীয়াই সিহঁতলৈ তৃপ্তিৰে চালে৷ মানুহটোৱে চাৰ্টটো খুলিছিল যদিও আন কিবা এটা তেতিয়ালৈকে পিন্ধা নাছিল৷ উদং বাহুটোত কোমলকৈ ঘোঁচা এটা মাৰি মাকে ক’লে, “ আও, বৰ মনত পৰিল দেখোন৷” কথাটো সেইদৰে কোৱাৰ কাৰণ আছে৷ বছৰে-দুবছৰে পৰিয়ালটো অসমৰ ‘পুৰণা ঘৰ’ দুখনলৈ এপাক যায় যদিও যোৱা কেইবছৰমান তাকে হোৱা নাই৷ যোৱাবাৰ তপনৰ বাঙ্গালোৰত কিবা এটা চৰকাৰী কামত কেইদিনমানৰ বাবে যাবলগীয়া হ’ল৷ তাৰ আগৰবাৰ সিহঁতে চাউথলৈ এলটিচি ল’লে৷ তাৰ আগৰবাৰ অসমৰপৰা মিতিৰ আহিল৷ মানে পেটেৰে উম নথকা মিতিৰ৷ হ’লেও খুৱাই বুৱাই ৰাখি সৰোজিনী মাৰ্কেটত বজাৰ কৰাবলৈ নিয়া ল’টাছ টেম্পল দেখুওৱা ইত্যাদি কৰিব লগা হ’ল৷ আগ্ৰালৈ যাবলৈ বাছৰ টিকট কটাৰ ব্যৱস্থা কৰি দিব লগা হ’ল৷ এনেকৈ এইকেইবছৰ সিহঁতৰ “ঘৰ”লৈ যোৱা হোৱা নাই৷ এবাৰ হিচাপৰ বিয়া এখনো খাব নোৱাৰিলে৷ মানে কুকুৰ পুণেত হোৱা ডাঞ্চ ফেষ্টিভেল এটাত যোগ দিবলগীয়া আছিল৷ এইবোৰেই ৷
“এইবাৰতো
তুমি ফ্লাইট পাবা?” ময়ুৰীয়ে গিৰীয়েকক সুধিলে৷ কেইমাহমানৰ আগতে তপনৰ প্ৰমোশ্বন হ’ল৷
দৰমহা বাঢ়িল৷ এবাৰ চাহ খাই থাকোঁতে ঘৈণীয়েকৰ মঙহাল কৰঙণ এটাত হাতখন দীঘলীয়াকৈ
পিচলাই কৈছিল, “এতিয়া আৰু তোমাৰ ৰাজধানীলৈ যোৱা শেষ৷” লগতে সি প্ৰায়ে কোৱা সেই
বিশেষ শব্দটো৷ এতিয়া ঘৈণীয়েকৰ প্ৰশ্নত সি ওলোটাই শুনালে, “ফ্লাইট নলৈ তোমালোকক
ছিকন্দৰৰ ঘোঁৰাগাড়ীত নিম নেকি?” কথাত কিছু গৰ্ব আৰু কিছু তৃপ্তিৰ সানমিহলি৷
সিহঁতৰ চেক্টৰটো শেষ হোৱাখিনিতে খেলিমেলিকৈ ঘৰ কেইটামান আছে৷ সেইফালেদি এবাৰ
যাওঁতে ময়ূৰীয়ে কৈছিল, “এই ঠাইডোখৰ দেখিলে সৌৰভ কুমাৰ চলিহাৰ গল্পলৈহে মনত পৰে৷”
কুকু, ভিনুৱে একো ধৰিব পৰা নাছিল৷ দেউতাকে মাকক জোকাইছিল, “তুমিহে জানিবা,
অসমীয়াত এম এ পাছ কৰি থৈছা৷ আমাৰহে অফিচত বিল পাছ কৰোঁতেই গ’ল৷” খেলিমেলি
ঘৰকেইটাৰ লগতে দোকান-পোহাৰ দুখনমানো আছে, কোনোবাখন লেপ-তুলীৰ, কোনোবাখন সস্তীয়া
প্লাষ্টিকৰ বস্তুৰ, এঠাইত ঘৰবোৰৰপৰা বেপাৰীয়ে কিনি অনা পুৰণা কাগজৰ দ’ম৷ কাষতে
চিকন্দৰ বোলা এটাৰ বিয়াৰ বাবে মাইকী ঘোঁৰা, ঘোঁৰা-গাড়ী আদি ভাৰালৈ দিয়াৰ কাৰবাৰ
এটা আছে৷ সেইখিনিতে থকা জামচেদৰ লণ্ডীখনৰপৰাই অথনি ভিনুৱে ইস্ত্ৰি কৰিবলৈ দিয়া
কাপোৰকেইটা নিছিল৷
ভিনুৱে
পঢ়া মেজলৈ যাবলৈ লৰালৰি নকৰিলে৷ ঘনাই তাৰ মনলৈ আহিল তাহাঁতৰ পুৰণা ঘৰ আৰু
মোমায়েকৰ ঘৰৰ ছবি৷ ককাক-আইতাকৰ মৰম, মোমায়েকৰ লগত খোকাত মাছ ধৰা, ককাকৰ লগত
নামঘৰত নামগোৱা....সি ভিতৰি ভিতৰি উত্তেজিত হ’ল৷ ককাকে তাক তাহানি অসমীয়া
শিকোৱাটোলৈ মনত পৰিল- কইনাৰ মোমাই কেৰ্কেটুৱা, তামোল দিছে বচে পোৱা, পাণো দিছে
শীতলীয়া মেকুৰীকণীয়া ... ৷ ককাকে তাক অসমীয়া লিখাৰ অভ্যাস এটা ৰাখিবলৈ কৈছিল,
সি ৰাখিব পৰা নাই৷ মাক-দেউতাকেও বিশেষ জোৰ দিয়া নাই৷ এনেকৈয়ে দিন আগবাঢ়িছে৷
“তহঁতে
এতিয়া পঢ়গৈ যা৷” বাপেকে এপাকত ক’লে৷ সি থেৰোগেৰোকৈ উঠিল৷ বায়েকে আজি চিকেনটো ‘বনাব’
বুলি ক’লে৷ কেইদিনমানৰ আগতে নিষ্ঠাৰ বাৰ্থ-ডে’ত এটা চিকেনৰ ব্যঞ্জন তাহাঁতে বেচ
এনজয় কৰিছিল৷ আজি হেনো সেইধৰণেই ৰান্ধিব৷
“কৰ,
কৰ, তয়েই কৰ৷ মাৰে এইবোৰ নাজানে৷” বাপেকে শলাগিলে৷ ল’ৰা-ছোৱালীহাল উঠি গৈছিল বাবে
ময়ূৰীয়ে গিৰিয়েকৰ বুকুৰ নোম দুডালমান কপট খং দেখুৱাই এবাৰ টানি দিলে৷ দুয়োৰে
একেলগে মনত পৰিল সোতৰ-ওঠৰ বছৰৰ আগৰ দিনবোৰলৈ৷ ধৰণীধৰ গোঁসায়ে প্ৰথমে সিহঁতহালৰ
বিয়াত একে আষাৰেই সন্মতি দিয়া নাছিল৷ পিছে বন্ধু-বান্ধৱে বুজোৱাতহে অৱশেষত তেওঁ
সন্মত হ’ল৷ তপনৰ ঘৰত অৱশ্যে একো আহুকাল হোৱা নাছিল৷ বিয়াৰ কেই বছৰমানৰ পাছত তাৰ
হায়দৰাবাদলৈ বদলি হ’ল৷ পাঁচবছৰ আগতে দিল্লীলৈ আহিছে৷
অলপ
পাছতে ওচৰৰে খোচলাৰ ফোন আহিল৷ ফ্ৰী আছে যদি এপাক আহিব লাগে৷ মানে ৰামি খেলিবলৈ৷
কুৰ্তা-পায়জামা এযোৰ পিন্ধি তপনে শুনালে- “এদান মাৰি আহোঁগৈ৷”
“নলিনীও
আহিছে হ’বপায়?” ময়ূৰীয়েও ওলোটাই সুধিলে৷ নলিনীও সিহঁতৰ চেক্টৰৰে৷ বেলেগ এটা
বিভাগত কৰে৷ তাইৰ বিয়া নহ’ল৷ খোচলাৰ তাচৰ আড্ডালৈ তায়ো মাজে মাজে আহে৷ ময়ূৰীয়ে
কথাটো বৰ ভাল নাপায়৷ একো কৰিবও নোৱাৰে৷ প্ৰায়ে শ্লিভলেছ পিন্ধি থকা শকত ডাঙৰ
মানুহজনী মতাবোৰৰ লগত নিঃসংকোচে কথা পাতি থকাটো তাই মুঠতে ভাল নেদেখে৷ ঘৈণীয়েকৰ
খোচ মৰা প্ৰশ্নত তপনে একো উত্তৰ নিদিলে৷ হাউচিং ছ’চাইটিৰ মিটিঙত বা তাচৰ আড্ডাত
নলিনীৰ সংগ তেওঁ বেয়া নাপায়৷ মানুহজনীৰ বয়স তেওঁৰ সমানেই হ’ব৷ চাকৰিটোও তেওঁৰ
পৰ্যায়ৰে৷ ময়ূৰীৰ সমান ধুনীয়া নহয় যদিও ওখ ডাঙৰ, ভৰপূৰ মানুহ৷ দুবাৰমান একেলগে
মদো খাইছে৷ ময়ূৰীয়ে গম নাপায় বুলিহে৷
পঢ়িবলৈ বহিল যদিও ভিনুৰ পঢ়াত মন নবহিল৷ জেনেৰেল ছায়েন্স তুলি লৈছিল যদিও লিৰিকি-বিদাৰি থৈ সি ভূগোলখনকে তুলি ল’লে৷ আন্তৰ্জাতিক তাৰিখ ৰেখা তাৰ বোধগম্য হোৱাগৈ নাই৷ এইফালে ফিজি পাৰ হৈয়েই আছে বাৰু, কিন্তু দুইখন আমেৰিকাৰ কিমান ওচৰে-দূৰে গৈছে তাৰ স্পষ্টকৈ মনত বহি যোৱা নাই৷ মানে বেঁকাবেঁকিটো তাৰ বোধগম্য হোৱা নাই৷ গ্ল’বটোত তাকে চাই থাকোঁতে তাৰ আজি দিনৰ তাহাঁতৰ লগৰ অনিল আইজাকৰ কথা মনত পৰিল৷ হোলি, ৰেষ্ট্ৰিক্টেড হলিডে’, তাৰ পাছত শনি-দেও মিলাই চাৰিদিন ছুটী আছিল৷ অনিলহঁতৰ পৰিয়াল চুটিকৈ এলটিচি ফুৰি আহিল৷ মানে নৰ্থ-ইষ্ট৷ গ’ল ক’লৈ? গেংটক, দাৰ্জিলিং, শিলিগুড়ি৷ কেণ্টিনত টিফিন খাবলৈ বহি সেইবোৰকে শুনাইছিল৷ অভিনৱই সুধিলে, ‘হেৰৌ, দাৰ্জিলিং কেতিয়াৰ পৰা নৰ্থ-ইষ্টৰ ভিতৰুৱা হ’ল?’ অনিলে ক’লে তেনেহ’লে সিহঁত গ’ল কেনেকৈ? তাৰ কথাত কৃষাণু, সাগ্নিক, পৰমেশহঁতেও যোগ দিলে৷ ৰুমাহঁতৰ ঘাইঘৰ শিলিগুড়িৰ ওচৰতে৷ গেংটকটো থকাৰ বাবেই অনিলৰ বাপেকৰ এলটিচি মঞ্জুৰ হ’ল বুলি তাই বা অভিনৱে ভিতৰি বুজিছে৷ মুখ টিপি হাঁহি তাই অভিনৱৰ ফলীয়া হ’ল৷ কথা বাঢ়ি গ’ল৷ তাহাঁতৰ ক্লাছত আৰু এটা অসমীয়া ল’ৰা আছে৷ অংশুমান লস্কৰ৷ সি ক’লে যে নৰ্থ-ইষ্টৰ মেপ সি আঁকি দিব৷ যিয়ে ৰাজ্যকেইখন শুদ্ধকৈ বহুৱাব পাৰিব তাকে ম’ম’ খুৱাব৷ তাৰ হাতখন ভাল৷ ঘপাঘপ সি তিনিখনমান মেপ আঁকি ইহঁতকেইটাক দিলে৷ ৰুমা আৰু অভিনৱই খেলিব নালাগে৷ ক’লে যে এটাই পাৰিলেও হ’ব৷ মুঠতে দুইপ্লেট ম’ম’ খুৱাব৷ অসমখন সিহঁতে কোনোমতে পাৰিলে৷ মণিপুৰ আৰু নাগালেণ্ড লৈ আইজাক আৰু পৰমেশৰ খেলিমেলি লাগিল৷ সিহঁতৰ টেবুললৈ বিনীত উঠি আহিল৷ তাৰ দেউতাক স্কোৱাড্ৰন লীডাৰ ৰোহান কুলকাৰ্ণি৷ শালনিত দুবছৰ থাকি আহিছে৷ সি টপাটপ শুদ্ধকৈ বহুৱাই দিলে৷ অংশুমানে চিকেন ম’ম’ৰ অৰ্ডাৰ দিলে৷ কৃষাণু শুক্লা আৰু সাগ্নিক তিৱাৰীয়ে ততালিকে ক’লে, “এক প্লেট ৱেজ লানা৷”এইবাৰ ৰুমাই ধৰিলে, অংশুমানে চিকেন ম’ম’ খুৱাম বুলি কথা দিয়া নাছিল৷ অনিল আইজাক আৰু ৰৈ নাথাকিল৷ পৰম উৎসাহেৰে সি গেংটকত পৰ্ক ম’ম’, বিফ ম’ম’ খোৱাৰ কথা উলিয়ালে৷ ৱেজ ম’ম’ তাত হেনো নায়েই বুলিব পাৰি৷ কৃষাণু আৰু সাগ্নিকে উত্তৰ দিব নোৱৰা হ’ল৷ এইবাৰ অভিনৱে নিমখ দিলে, “তহঁতৰ বাবে পকোৰাকে অনাওঁ৷” সিহঁতৰ মাজত এইবোৰ ‘খোৱা-কামোৰা’ লাগি থাকে৷ নৱৰাত্ৰিৰ সময়ত কেণ্টিনত নন-ৱেজ নাথাকে৷ ঘৰৰ পৰা অনা টিফিনত তেনে কোনো বাধা-নিষেধ নাই যদিও এইমখাই নানে৷ নাইজেৰিয়ান হিল্ডাই আনে৷ তাই আনক বাৰু, কিন্তু অভিনৱ বা অংশুমানে কণী এটা আনিলেও ইহঁতে ‘হায় হায়’ কৰে৷ অংশুমানে বেছিকৈহে আনি দেখুৱায়, চালামি, ছ’চেজ, হেঁন তেন৷
অভিনৱহঁতৰ চেক্টৰতো এইবোৰ আছে৷ থাৰ্টিফাৰ্ষ্টৰ ডিনাৰত মাংস খোৱা সিহঁত এঘাৰ ঘৰহে আছিল৷ কোনে কি খায় খাওক বাৰু৷ অভিনৱ আচৰিত হয় এইফালৰ মানুহবোৰৰ দেশৰ আন প্ৰান্তৰ, বিশেষকৈ “নৰ্থ ইষ্ট” নাম দি লোৱা ৰঙা নদী আৰু নীলা পাহাৰৰ প্ৰান্তৰ প্ৰতি থকা অজ্ঞতা দেখিহে৷ অলপ পাছতে ভাত খাবৰ হ’ল৷ কুকুৰ ছিৰিয়েল ইতিমধ্যে আৰম্ভ হৈছিল৷ কমাৰ্চিয়েল ব্ৰেকৰ সময়ত এবাৰ উঠি আহি এটুকুৰা খাই চিকেনটো নিষ্ঠাৰ ঘৰৰ সমান নুঠিল বুলি তাই নিজেই ক’লে৷ দেউতাকে কিন্তু তাইৰ ৰন্ধা শলাগিলে৷ আকাংক্ষা বা কুকুক আটায়ে শলাগে৷ ছোৱালীজনীৰ চেহেৰা ভাল, তাই পঢ়াত ভাল, কথকো শিকিছে, কাৰাটেও শিকিছে৷ ৰন্ধাতো চখ আছে৷ তাকহে মানুহে তেনেকৈ প্ৰশংসা নকৰে৷ ভিনুৱে সিমান কেয়াৰ নকৰে অৱশ্যে। এদিন দেউতাকে খোচলা আংকলক কৈছিল, “ইয়াৰ জেনেৰেল নলিজ্জ অলপ ভাল। মানে আগ্ৰহ আছে। কিবা এটা কৰিবগৈ বুলি ভাবিছোঁ৷” এনেকুৱা কিবা এষাৰ শুনিলে তাৰো ভাল লাগে। এইবাৰ স্কুল মেগাজিনৰ এডিট’ৰিয়াল ব’ৰ্ডত তাকো মেম্বাৰ কৰি ৰাখিছে। মেহতা ছাৰেই তাৰ নাম প্ৰস্তাৱ কৰিলে। “হিজ ইংলিছ ইজ এ বিট এনকাৰেজিং।” ছাৰে খোলাখুলিকৈ কৈছিল। এডিটৰ পংকুলে ভাল পালে যে শব্যা নাথাকিল। তাতকৈ দুবছৰ তলৰ অভিনৱক সি চম্ভালিব পাৰিব। এইবোৰ ভাবি-চিন্তি ভিনুৰ বেলকনি বেডৰূমত বহু দেৰিলৈকে টোপনি নাহিল৷
(আগলৈ)
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)