উদয় কুমাৰ বৰুৱা
মন যোৱাটো আৰু মন নোযোৱাটো মনৰেই কথা
মনে আমাক নিয়ন্ত্ৰণ কৰে নে আমি মনক নিয়ন্ত্ৰণ কৰোঁ
এনে প্ৰশ্নৰ অৱতাৰণা কৰি পাৰ কৰিছোঁ নেকি ভ্ৰমিত সময়
কাণত দিবা-ৰাত্ৰি এজাক নীলা শিয়ালৰ আত্ৰানি
স্তব্ধ জীৱন
আচলতে মিছা উল্লাসত বন্দী এখন চহৰৰ নিঃকিন বাসিন্দা আমি
চকুত নিয়ত নিয়তিৰ লোলুপ দৃষ্টি
আমাক কেন্দ্ৰ কৰিয়েই কুপমণ্ডুকে ৰচনা কৰে নিতে হেজাৰ কৌশলী নাট
আৰু যুগে যুগে আমি তাৰেই নিৰুদ্বেগ দৰ্শক
অচিন কাঠৰ ঠোৰাকে সঁচা বুলি
চেতনাক ঢাকিছো শ্বেত বস্ত্ৰৰে
শূন্যতা সাৱটি হেৰুৱাইছোঁ স্বাভিমান
নেজানো কোন ব’ৰাগীৰ ৰাতিৰ বীণৰ কৰুণ সুৰত মেৰ খাইছে আমাৰ অশান্ত আত্মা
কাৰ চলনাৰ চাকনৈয়াত পৰি ভ্ৰমিছোঁ
ভুলৰ বেইমান ভূগোল
নিৰলাত বহি সেয়ে
মনে মনে মনক সুধিছোঁ
এতিয়া পণবন্দী নেকি নিৰাকাৰ ঈশ্বৰো পাণ্ডুৰ এই চহৰত
নে প্ৰস্তৰীভূত কোনোবা মেডুচাৰ
কোপ দৃষ্টিত।
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)