ৰাতুল মহন্ত
সাধুকথাসমূহ চহা জীৱনৰ অমূল্য সম্পদ৷ পৃথিৱীৰ প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ মাজতে সাধুকথা প্ৰচলিত৷ এই সাধুসমূহে একো একোটা জাতি জনগোষ্ঠীৰ মাজত প্ৰচলিত ৰীতি-নীতি, ধ্যান-ধাৰণা, অন্ধবিশ্বাস, সমাজ ব্যৱস্থা, অৰ্থনৈতিক অৱস্থা আদি প্ৰতিফলিত কৰে আৰু তাৰ যোগেদি আমি তদানীন্তন সমাজ সম্পৰ্কত এটা ধাৰণা কৰি ল’ব পাৰোঁ৷ আমাৰ সমাজত হিতোপদেশ আৰু পঞ্চতন্ত্ৰৰ সাধু বহুলভাৱে প্ৰচলিত আৰু ই সমাজৰ অনেক দিশ আমাক দেখুৱাই দিয়ে৷ ড০ প্ৰফুল্ল দত্ত গোস্বামীৰ The tales of Assam আৰু সত্যেন বৰকটকীৰ pearls and pebbles of Assam দুখন উল্লেখযোগ্য সাধু কিতাপ৷ কিন্তু যি দুখন সাধু-কিতাপে আমাক আশৈশৱ আকৃষ্ট কৰি আহিছে সেই দুখন হ’ল বেজবৰুৱাৰ “ককা দেউতা আৰু নাতি ল’ৰা” আৰু “বুঢ়ী আইৰ সাধু”৷
সাধুকথা অৰ্থাৎ সাধুলোকে কোৱা কথা, যাৰ উপকাৰিতা অনেক৷ ই শুনোতাজনৰ একাগ্ৰতা, ধৈৰ্য্য, আদি গুণসমূহৰ বিকাশ সাধন কৰাৰ লগতে তেওঁক যিখন কাল্পনিক জগতলৈ লৈ যায়, সি তেওঁক অন্তহীন আনন্দ দিয়ে৷ তদুপৰি এই সাধুসমূহে শিশুসকলক ভাষাজ্ঞান আয়ত্ত্ব আৰু বৃদ্ধিৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে৷ আচলতে সাধু শুনাটোৱে হ’ল সাধু পঢ়াৰ প্ৰথম আখৰা৷
সাধুকথাসমূহ লোক-সাহিত্যৰ অন্তৰ্গত৷ কোনে কেতিয়া এই সাধুসমূহৰ সৃষ্টি কৰিছিল তাৰ কোনো সঠিক তথ্য নাই৷ সাধুসমূহৰ বেছিভাগেই অতিলৌকিক৷ গছ-লতা-ফুল, জীৱ-জন্তু, মাছ-কাছ আদি সকলোৱে এই সাধুসমূহত কথা ক’ব পাৰে৷ সাধুসমূহৰ ৰচনাকাল নাজানিলেও তাত বৰ্ণিত ঘটনাৱলীৰ পৰা সময়ৰ কিছু আভাস পাব পাৰি৷ ইয়াৰ উপৰিও সাধুসমূহৰ জৰিয়তে তদানীন্তন সমাজত প্ৰচলিত সামাজিক ৰীতি-নীতি আদিৰ বিষয়েও আমি কিছুপৰিমাণে হলেও অৱগত হ’ব পাৰো৷ অসমীয়া জনজীৱনত প্ৰচলিত হৈ অহা সাধুসমূহৰ পৰা আমি এইকথাও জানিব পাৰোঁ যে অসমীয়া সমাজত পুৰুষে একাধিক পত্নী গ্ৰহণ কৰাৰ নিয়ম প্ৰচলিত আছিল ৷
মধ্যযুগৰ কৃষিভিত্তিক সমাজত কৃষিকাৰ্য্যৰ বাবে একাধিক সন্তানৰ প্ৰয়োজন আছিল অপৰিহাৰ্য ৷ তদুপৰি সেই যুগত বিভিন্ন মহামাৰীৰ বাবে মৃত্যুৰ হাৰ আছিল বহুত বেছি৷ সেয়ে জন্ম হোৱা সকলো সন্তানেই যে বাচি থাকিব তাৰো কোনো নিশ্চয়তা নাছিল৷ পৰিয়ালসমূহত আঠ-দহটাকৈ সন্তান থকাটো স্বাভাৱিক আছিল৷ আনহাতে প্ৰসূতিৰ মৃত্যুৰ হাৰো আছিল অতি বেছি৷ গতিকে একো একোজন পুৰুষে দুই তিনিবাৰ বিবাহপাশত আবদ্ধ হোৱাটো আছিল স্বাভাৱিক ঘটনা আৰু এই কথাটো সমাজস্বীকৃত আছিল৷ পিছে পুৰুষৰ বহুবিবাহক সমাজে স্বীকৃতি দিলেও পৰিয়ালৰ মাহীমাকগৰাকীৰ স্থান কোনোদিনে উচ্চ নাছিল৷ মাহীমাক মানেই যেন নিষ্ঠুৰ, খেয়ালি স্বভাৱৰ! মাহীমাক মানেই যেন দয়া-মায়াহীন নাৰী! তেওঁৰ অন্তৰত যেন দয়া, ক্ষমা, মৰম আদি সদগুণৰ এটিও কণিকা নাই! তেওঁ পৰিয়ালটোৰ বাবে কৰা কামৰ নাথাকে কোনো স্বীকৃতি– এনে এটা ধাৰণা সমাজত গভীৰভাৱে সোমাই পৰিছিল আৰু তাৰে স্বাক্ষৰ বহন কৰিছে বেজবৰুৱাৰ তেজীমলা, তুলা আৰু তেজা আদি সাধুসমূহত৷ সন্তানহীনা কোনো নাৰীৰ সতিনীৰ সন্তানৰ প্ৰতি ঈৰ্ষা থকাটো স্বাভাৱিক৷ প্ৰত্যেক মানুহৰ মানসিকতা ভিন্ন৷ গতিকে কোনোবা মাহীমাকৰো চৰিত্ৰত ক্ৰুৰতা প্ৰতিফলিত হোৱাটো ডাঙৰ কথা নহয়৷ কিন্তু পৰিতাপৰ বিষয় আমাৰ সমাজত প্ৰচলিত কোনোটো সাধুতে মাহীমাকৰ চৰিত্ৰত সৎগুণসমূহ দেখুওৱা হোৱা নাই৷ সকলো বেয়া গুণৰ আধাৰ হিচাপেহে ইয়াক অংকন কৰা হৈছে ৷
সন্তান জন্মদিয়েই মৃত্যু হোৱা বা সন্তানৰ এমা-ডিমা অৱস্থাতে মাতৃ বিয়োগ ঘটিলে, তেনে সন্তানক ডাঙৰ-দীঘল কৰাৰ সমস্ত দায়িত্ব মূৰ পাতি লয় মাহীমাকগৰাকীয়ে৷ অথচ তেওঁৰ ত্যাগৰ মূল্য কেতিয়াও নাপায়৷ পৰিৱৰ্তে সৃষ্টি হৈছে “মাহী আইৰ দৃষ্টিৰে” নিচিনা খণ্ড বাক্যৰ ৷
মহাপুৰুষ শংকৰদেৱৰ মৃত্যুৰ বহুবছৰৰ পাছত তেওঁৰ জীৱনী লিখা পৰ্ব আৰম্ভ হৈছিল য’ত কল্পনাৰ আশ্ৰয় লোৱা হৈছিল বেছিকৈ৷ সেইবিলাকত এইবুলি উল্লেখ আছে যে শংকৰৰ সৰুতেই পিতৃ-মাতৃৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসূতিয়ে তেওঁক তুলি-তালি ডাঙৰ-দীঘল কৰিলে৷ কিন্তু শংকৰদেৱৰ সৰুকালতেই পিতৃ বিয়োগ ঘটা কথাটো কিমান দূৰ সঁচা? তেওঁৰ দ্বিতীয় পত্নী অনুধৃতি আৰু পুত্ৰ বনগঞা গিৰিক চৰিতকাৰসকলে বিশেষ গুৰুত্ব নিদিলে কিয়? শংকৰদেৱক ডাঙৰ-দীঘল কৰাত অনুধৃতিৰ ত্যাগ আৰু কষ্টক কোনেও স্বীকাৰ নকৰিলে৷ নে তেওঁৰ কোনোধৰণৰ অৱদানেই নাছিল? শংকৰদেৱক অতিলৌকিক পুৰুষ সজাবলৈ, দেৱতা সজাবলৈ আমি এতিয়াও চেষ্টাৰ ত্ৰুটি কৰা নাই, কিন্তু তেওঁৰ লালন-পালনত মাহীমাকৰ ভূমিকাক সযতনে এৰাই চলো৷ ইয়াৰ কাৰণ কি? পুৰুষপ্ৰধান সমাজত নাৰীৰ স্থান কোনোকালেই উন্নত নাছিল৷ নাৰীক পণ্য সামগ্ৰীৰ দৰে গণ্য কৰা হৈছিল আৰু প্ৰাপ্য অধিকাৰ তেওঁলোকৰ পৰা আছিল বহু নিলগত৷ সতিনীৰ সন্তানক লালন-পালন কৰি ডাঙৰ-দীঘল কৰে ঠিকেই, কিন্তু স্বীকৃতি কেতিয়াও নাপায়৷ তাৰ পৰিৱৰ্তে সৃষ্টি হয় তেজীমলা, তুলা আৰু তেজাৰ দৰে সাধুসমূহৰ৷
মাহীআই সম্পৰ্কে আমাৰ শিক্ষিত জাতীয়তাবাদী নেতাসকলৰ ধাৰণাও ঠিক মধ্যযুগীয় অৱস্থাতে আছে৷ তেওঁলোকে যি কোনো সমস্যাৰ সমাধানত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ বা আন কোনো উৰ্ধতন কৰ্তৃপক্ষৰ অৱহেলা, আওকণীয়া মনোভাৱক প্ৰকাশ কৰিবলৈ আশ্ৰয় লয় “মাহী-আইৰ দৃষ্টিৰে” শব্দযুগলৰ৷ কিন্তু এই নেতাসকলৰ কোনোবাই ইয়াৰ গূঢ়াৰ্থ বুজিবলৈ চেষ্টা কৰি চাইছেনে? মাহীমাকক চিৰদিন বেয়া দৃষ্টিৰেই চাই থাকিব নেকি সমাজে? পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ প্ৰতি যি অৱহেলা, অনাদৰ, নাৰীক পণ্যসামগ্ৰীৰ সৈতে স্থান দিয়াৰ যি দুৰ্বাৰ হেঁপাহ, সেয়া এইবিলাক কথাত প্ৰমাণ হোৱা নাই নে ?
মাহীমাকৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত নিৰৱধি একদেশদৰ্শী মনোভাৱ প্ৰকাশ কৰি অহাৰ বৰ্তমানৰ সময়তো দুই এক ব্যতিক্ৰমী পুৰুষে মাহীমাক চৰিত্ৰটোক সুন্দৰ ৰূপত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে আৰু তেনে ব্যতিক্ৰমী লোকসকলৰ ভিতৰত জনপ্ৰিয় নাট্যকাৰ আৰু চিত্ৰনাট্য লেখক পল্লৱ প্লাৱন বৰা অন্যতম৷ ২০২৪ চনৰ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ মে’ লৈকে ৰেঙনি চেনেলত প্ৰচাৰিত হোৱা “হেঙুলীয়া” নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ অন্যতম প্ৰধান চৰিত্ৰ “মালা” আছিল “সাগৰ”ৰ মাহীমাক৷ কিন্তু চিত্ৰনাট্য লেখকে চৰিত্ৰটো ইমান সুন্দৰ ৰূপত উপস্থাপন কৰিছে যে সমাজত প্ৰচলিত মাহীমাকৰ ধাৰণাটোৰ ক’তো অলপো ছাঁ পৰা নাই৷ আন কথাত ক’ব পাৰি, সমাজত শতাব্দীৰ পাছত শতাব্দী ধৰি মাহীমাকৰ প্ৰতি যি অন্যায় আচৰণ কৰি অহা হৈছে তাৰ প্ৰতিবাদ স্বৰূপে পল্লৱ প্লাৱন বৰাই “মালা” চৰিত্ৰটো সৃষ্টি কৰিছে৷ আনকথাত যুগ যুগ ধৰি চলি অহা এই অন্যায় আচৰণে তেওঁক বিদ্ৰোহী কৰি তুলিছে আৰু তেওঁ এগৰাকী মাতৃৰ সমস্ত মমতা “মালা” চৰিত্ৰত আৰোপ কৰিছে, যিটো সকলো মাহীমাকৰ প্ৰাপ্য৷ বৃত্তৰ বাহিৰলৈ ওলাই আহি চিন্তা কৰিছে বাবেই চিত্ৰনাট্য লেখক পল্লৱ প্লাৱন বৰাক ধন্যবাদ যাচিছো ৷
মহাবিদ্যালয়ৰ ভাতৃসম বন্ধু এজন বৰ্তমান এখন চৰকাৰী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক৷ নিজৰ মাতৃ থকা সত্ত্বেও তেওঁক মাহীমাকে যিমান আদৰ-যত্ন লৈছিল সিমান মাকেও লোৱা নাছিল৷ ক’ৰবাৰ পৰা গৈ মই তেওঁৰ ঘৰ সোমালেই “ৰাতুলদা আহিছে তেখেতলৈয়ো ভাতৰ যোগাৰ কৰিবি দেই” বুলি মাহীয়েকক হে চিঞৰিছিল, মাকক নহয়৷ এনেকুৱা অনেক উদাহৰণ দিব পাৰি৷ কিন্তু সেয়া সমাজৰ দৃষ্টিগোচৰ নহয়৷ আনহাতে প্ৰথমা পত্নীৰ অমতত পুৰুষজনে দ্বিতীয় এগৰাকীৰ পাণি গ্ৰহণ কৰিলেও সমস্ত দোষ নাৰীগৰাকীলৈ ঠেলি দি পুৰুষজনক সমাজে ধোৱা তুলসীৰ পাত সজায়৷ এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ পুৰুষতান্ত্ৰিক সমাজত অৱশ্যে এয়া নতুন কথা নহয় ৷
মাহীমাকক শ্ৰেষ্ঠতম আসনত অধিষ্ঠিত কৰা ব্যক্তিগৰাকী আছিল গৌতম বুদ্ধ৷ তেওঁৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ৷ সৰুতেই মাক মায়াদেৱীৰ মৃত্যু হোৱাত শুদ্বোদ্ধনে মায়াদেৱীৰ ভনীয়েক গৌতমীক বিয়া কৰে আৰু তেৱেঁই নিজ সন্তানৰ দৰে সিদ্ধাৰ্থক তুলি-তালি ডাঙৰ দীঘল কৰে৷ গৌতমীৰ আদৰ-যত্নত তেওঁ ডাঙৰ হোৱা বাবেই আন এটা নাম গৌতম ৷
সাহিত্যৰথীৰ জনপ্ৰিয় কবিতাসমূহৰ ভিতৰত এটা আছিল বীণ ব’ৰাগী৷ কবিতাটোৰ এটা পংক্তি আছিল –যদিহে গাইছ/ বদন ফুকনে/ কেনেকৈ আনিলে মান,/কেনেকৈ মৰাণে/ অসম ধ্বংসিলে/ যদিহে গাইছ গান....৷ কবিতাটোক লৈ বেজবৰুৱাৰ মৃত্যুৰ অৰ্ধ শতিকাৰ পাছলৈকে কোনেও একো কোৱা নাছিল আৰু বিদ্যালয় মহাবিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছিল৷ কিন্তু তাৰ পাছতে মৰাণ জনগোষ্ঠীৰ মাজত হুলস্থূল লাগিল৷ সাহিত্যৰথীয়ে মৰাণ জনগোষ্ঠীক অপমান কৰিছে৷ অসম ধ্বংসৰ বাবে কেৱল মৰাণসকলহে জগৰীয়া নেকি! শেষত শিক্ষানুষ্ঠানত কবিতাটোৰ প্ৰচলন বন্ধ হৈ পৰিল৷ এতিয়া “মাহীআইৰ দৃষ্টিৰে” শব্দযুগলৰ প্ৰচলনো বন্ধ হ’ব লাগে৷ ই সমগ্ৰ নাৰীজাতিকে অপমান কৰা নাই জানো! কোনোবাই হয়তো তেজীমলা চৰিত্ৰত অভিনয় কৰি একাংশ দৰ্শকৰ মন জয় কৰিব পাৰে কিন্তু কোনো মাহীমাকে তেনে অভিনয়ৰ জৰিয়তে মানসিক শান্তি নাপায়৷ কোনো ব্যক্তিবিশেষৰ কাৰ্য্যই এটা শ্ৰেণীক কেতিয়াও প্ৰতিনিধিত্ব নকৰে অথচ আমাৰ সমাজত সেইটোৰে অবাধ প্ৰচলন হৈ আছে৷ যেতিয়ালৈকে “মাহী আইৰ দৃষ্টিৰে” শব্দযুগলৰ মৃত্যু নহ’ব তেতিয়ালৈকে সমাজৰ “মাহী আই” সকলে ন্যায় নাপাব সেইটো ধূৰূপ ৷
ভ্ৰাম্যভাষ : ৯৮৬৪৩-৫৬৪২৮
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)